< যোশুয়া 11 >
1 ১ যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্চফৰ ৰজা,
Awo Yabini kabaka w’e Kazoli bwe yakimanya, n’atumya Yobabu kabaka w’e Madoni n’eri kabaka w’e Simuloni n’eri kabaka w’e Akusafu,
2 ২ আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে।
ne bakabaka abaali mu bukiikakkono mu nsi ey’ensozi, ne mu Alaba mu bukiikaddyo e Kinnerosi, ne mu nsenyi, ne mu nsozi ez’e Doli ku luuyi olw’ebugwanjuba.
3 ৩ তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
N’atumya Abakanani ebuvanjuba n’ebugwanjuba, n’Abamoli, n’Abakiiti n’Abaperezi, n’Abayebusi mu nsi ey’ensozi, n’Abakiivi wansi wa Kerumooni mu nsi ey’e Mizupa.
4 ৪ তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
Ne bajja, n’amaggye gaabwe gonna, nga bangi nnyo nga bali ng’omusenyu gw’ennyanja, era ne bajja n’embalaasi nnyingi nnyo n’amagaali mangi nnyo.
5 ৫ আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।
Awo bakabaka bano bonna ne beegatta ne bakuba olusiisira olwa awamu ku nzizi ez’e Meromu, balwanyise Isirayiri.
6 ৬ যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
Awo Mukama n’agamba Yoswa nti, “Tobatya kubanga obudde nga bwe buti enkya nzija kubawaayo bonna eri Isirayiri, bafumitibwe, battibwe, embalaasi muziteme enteega n’amagaali gookebwe.”
7 ৭ পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে।
Awo Yoswa n’abalwanyi be bonna ne balumba abalabe ku nzizi ez’e Meromu.
8 ৮ যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
Mukama n’abawaayo mu mukono gwa Isirayiri ne babawangula ne babagobera ddala, okubatuusa mu Sidoni ekinene ne ku Misurefosumayimu, ne ku kiwonvu kye Mizupa ebuvanjuba, ne babazikiririza ddala obutalekaawo n’omu.
9 ৯ যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
Yoswa n’abakolako nga Mukama bwe yamulagira, embalaasi zaabwe nazitema enteega, n’amagaali gaabwe n’agookya omuliro.
10 ১০ সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল।
Mu kiseera ekyo Yoswa n’addako emabega n’awamba Kazoli, kabaka waakyo n’amutta n’ekitala kubanga emabegako Kazoli kye kyali ekitebe ky’obwakabaka obwo bwonna.
11 ১১ তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
Era ne batta buli muntu yenna eyakirimu ne watasigalawo n’omu ne Kazoli n’akyokya omuliro.
12 ১২ যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
Yoswa n’awamba ebibuga ebyo byonna ne bakabaka baabyo, n’abatta n’ebitala n’abazikiririza ddala nga Musa omuweereza wa Mukama bwe yalagira.
13 ১৩ কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
Okuggyako Kazoli, ebibuga ebirala byonna ebyali bizimbiddwa ku bifunvu, Yoswa teyabyokya.
14 ১৪ ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
Abaana ba Isirayiri ne beetwalira omunyago gwonna ogw’ebibuga bino n’ente, era ne batta buli muntu yenna ne babazikiriza awatali kusigala n’omu assa omukka.
15 ১৫ যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
Nga Mukama bwe yalagira omuddu we Musa, bw’atyo Musa bwe yalagira Yoswa era ne Yoswa bwe yakola; talina kye yaleka takoze ku byonna Mukama bye yalagira Musa.
16 ১৬ এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
Bw’atyo Yoswa n’awangula ensi yonna, n’ensi ey’ensozi n’ey’obugwanjuba yonna, n’ekitundu kya Goseni kyonna, ensi ey’ensenyi ne Alaba, n’ensi yaayo yonna ey’ensenyi.
17 ১৭ চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
Okuva ku lusozi Kalaki, okulinnya okutuuka e Seyiri, n’okutuuka ku Baalugadi mu kiwonvu kya Lebanooni ekiri wansi w’olusozi Kerumooni ne bakabaka baayo bonna n’abawamba, n’abafumita, n’abatta.
18 ১৮ যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
Yoswa n’alumba n’alwana ne bakabaka abo bonna okumala ebbanga.
19 ১৯ গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
Tewali kibuga kyakola ndagaano ya mirembe n’abaana ba Isirayiri okuggyako Abakiivi abaali mu Gibyoni; byonna baabilwanyisa ne babiwangula,
20 ২০ কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
kubanga Mukama yennyini ye yakakanyaza emitima gyabwe balwane ne Isirayiri, alyoke abazikiririze ddala, abamalirewo ddala awatali kubakwatirwa kisa, nga Mukama bwe yalagira Musa.
21 ২১ সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
Mu kiseera ekyo Yoswa n’agenda n’azikiriza n’amalawo Abanaki mu nsi ey’ensozi, mu Kebbulooni, ne mu Debiri, ne mu Anabu, ne mu nsi yonna ey’ensozi eya Yuda, ne mu nsi yonna ey’ensozi eya Isirayiri. Yoswa n’abazikiririza ddala, bonna n’ebibuga byabwe.
22 ২২ ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্দোদত্হে কোনো অৱশিষ্ট থাকিল।
Tewali Banaki baasigalawo mu nsi y’abaana ba Isirayiri, okuggyako mu Gaza, ne mu Gaasi, ne mu Asudodi, mwe mwasigalako abamu.
23 ২৩ এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।
Yoswa bw’atyo bwe yatwala ensi yonna nga Mukama bwe yalagira Musa, n’agiwa abaana ba Isirayiri okuba omugabo nga bwe yayawulibwa mu bika byabwe. Olwo ensi n’ewummula entalo.