< যোশুয়া 10 >
1 ১ এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷
Егда же услыша Адонивезек царь Иерусалимский, яко взя Иисус Гай и потреби его, якоже сотвори Иерихону и царю его, тако сотвори и Гаю и царю его, и яко сами вдашася живущии в Гаваоне ко Иисусу и ко Израилю, и быша в них,
2 ২ তেতিয়া যিৰূচালেমৰ সন্তান সকলে অতিশয় ভয় পালে, কিয়নো গিবিয়োন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল৷
и убояшася сами в себе зело: ведяху бо, яко град бяше велик Гаваон, яко един от великих градов, и вси мужие иже в нем крепцы.
3 ৩ এই হেতুকে যিৰূচালেমৰ ৰজা আদোনীচেদকে হিব্ৰোণৰ ৰজা হোহমৰ, যৰ্মূতৰ ৰজা পিৰামৰ, লাখীচৰ ৰজা যাফীয়াৰ আৰু ইগ্লোনৰ ৰজা দবীৰৰ ওচৰলৈ মানুহ পঠিয়াই এই কথা ক’লে,
И посла Адонивезек царь Иерусалимский к Еламу царю Хевронску и Фераану царю Иеримуфску, и ко Афию царю Лахисску, и к Давиру царю Одолламску, глаголя:
4 ৪ “আহাঁ, মোৰ ওচৰলৈ আহাঁ আৰু মোক সহায় কৰা৷ আমি গিবিয়োনীয়া সকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি পাতিলে।”
приидите, взыдите ко мне и помозите ми, да повоюем Гаваона: вдашася бо сами ко Иисусу и к сыном Израилевым.
5 ৫ তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
И собрашася и взыдоша пять царей Иевусейских: царь Иерусалимский и царь Хевронский, и царь Иеримуфский и царь Лахисский и царь Одолламский, сами и вси людие их, и обседоша Гаваона и воеваша на него.
6 ৬ তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।”
И послаша живущии в Гаваоне ко Иисусу в полк Израилев в Галгалы, глаголюще: не отрешай руки твоея от раб твоих: взыди к нам скоро и помози нам, и изми нас: яко собрани суть на ны вси царие Аморрейстии, живущии в горней.
7 ৭ তেতিয়া যিহোচূৱাই সকলো যুদ্ধাৰু আৰু বলৱান বীৰপুৰুষ সকলক লগত লৈ, গিলগলৰ পৰা যাত্ৰা কৰিলে।
И взыде Иисус от Галгал, сам и вси людие воинстии с ним, всяк сильный крепостию.
8 ৮ যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।”
И рече Господь ко Иисусу: не убойся их, яко в руце твои предах я: не останет от них ни един пред вами.
9 ৯ যিহোচূৱাই গিলগলৰ পৰা ওৰে-ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰত ওলাল৷
И прииде на них Иисус внезапу: всю бо нощь иде от Галгал.
10 ১০ তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে।
И ужаси я Господь от лица сынов Израилевых: и сокруши я Господь сокрушением великим в Гаваоне: и погнаша я путем восхода Вифоронска, и сечаху их даже до Азика и до Макида.
11 ১১ ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তান সকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।
Внегда же бежати им от лица сынов Израилевых до восхода Вифоронска, и Господь верже на ня камение великое града с небесе даже до Азика, и бысть множае умерших от града каменна, неже убиенных от сынов Израилевых мечем на брани.
12 ১২ তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
Тогда глагола Иисус ко Господу, в оньже день предаде Господь Бог Аморреа под руку Израилеву, егда сокруши их в Гаваоне, и сокрушишася от лица Израилева: и рече Иисус: да станет солнце прямо Гаваону, и луна прямо дебри Елон.
13 ১৩ সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷
И ста солнце и луна в стоянии, дондеже отмсти Бог врагом их. Не сие ли есть писано в книгах Праведнаго: и ста солнце посреде небесе и не идяше на запад в совершение дне единаго?
14 ১৪ ইয়াৰ পূৰ্বতে কি পৰৱর্তী কালতো এইদৰে যিহোৱাই মনুষ্যৰ বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ’ল; কিয়নো সেইদিনা যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
И не бысть день таковый ниже прежде, ниже последи, еже послушати Богу тако гласа человеча, яко Господь споборствова Израилю.
15 ১৫ যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত ল’লে আৰু গিলগলৰ ছাউনিলৈ উলটি আহিল।
И возвратися Иисус и весь Израиль с ним в полк в Галгалы.
16 ১৬ আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।
И убегоша пять царие сии и скрышася в пещере яже в Макиде.
17 ১৭ পাছত কোনো লোকে যিহোচূৱাক বাতৰি দি ক’লে, “সেই পাঁচজন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা দেখা গৈছে!”
И поведаша Иисусу, глаголюще: обретошася пять царие скрывшиися в пещере яже в Макиде.
18 ১৮ তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷
И рече Иисус: привалите камение велие ко устию пещеры и приставите над ними мужы стрещи их:
19 ১৯ কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।”
вы же не стойте зде, гоняще вслед врагов ваших, и постигните останок их, и не дадите внити им во грады их, предаде бо я Господь Бог наш в руце наши.
20 ২০ পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
И бысть егда преста Иисус и вси сынове Израилевы секуще их сечением великим зело даже до конца, и уцелевшии от них внидоша во грады тверды.
21 ২১ তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।
И возвратишася вси людие в полк ко Иисусу в Макиду здрави, и не возскомле никтоже от сынов Израилевых языком своим.
22 ২২ পাছত যিহোচূৱাই আজ্ঞা কৰিলে, “বোলে, তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি, তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহাঁ।”
И рече Иисус: отверзите устие пещеры и изведите ко мне пять царей сих из пещеры.
23 ২৩ পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰেই কৰিলে৷ তেওঁলোকে এই পাঁচজন ৰজাক অর্থাৎ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল।
И сотвориша тако, и изведоша к нему пять царей из пещеры: царя Иерусалимска и царя Хевронска, и царя Иеримуфска и царя Лахисска и царя Одолламска.
24 ২৪ এইদৰে সেই ৰজা কেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহোচূৱাই ইস্ৰায়েলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতি সকলক আজ্ঞা কৰিলে, “বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া।” এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে।
И егда изведоша их ко Иисусу, и созва Иисус всего Израиля и началники воинския ходящыя с ним, глаголя к ним: приступите и наступите ногами вашими на выи царей сих. И приступивше наступиша ногами своими на выи их.
25 ২৫ তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসিয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।”
И рече к ним Иисус: не бойтеся их, ни ужасайтеся: мужайтеся и крепитеся, яко сице сотворит Господь всем врагом вашым, ихже вы повоюете.
26 ২৬ তেতিয়া যিহোচূৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই হ’ল৷ এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল।
И уби я Иисус, и повеси я на пяти древесех: и быша висяще на древах даже до вечера.
27 ২৭ পাছত সূৰ্য মাৰ যোৱা সময়ত, লোকসকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকক কাঠৰ ওপৰৰ পৰা নমাই আনিলে, আৰু তেওঁলোকে লুকাই থকা গুহাতে তেওঁলোকক নি পেলাই দিলে। তাৰ পাছত সেই গুহাৰ মুখত ডাঙৰ ডাঙৰ শিল দি হ’ল; সেই ৰজা কেইজন আজিলৈকে সেই ঠাইতে আছে।
И бысть при захождении солнца, повеле Иисус, и сняша я с древес, и ввергоша я в пещеру, в нюже вбегоша тамо: и завалиша камением великим пещеру до днешняго дне.
28 ২৮ এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
Взяша же и Макиду в той день, и избиша ю острием меча и царя ея, и потребиша их и все дышущее еже бяше в ней: и не остася никтоже в ней цел и избегший. И сотвориша царю Макидску, якоже сотвориша царю Иерихонску.
29 ২৯ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্নালৈ গ’ল, আৰু লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
И отиде Иисус и весь Израиль с ним от Макиды в Левну, и облеже Левну.
30 ৩০ তাতে যিহোৱাই লিব্নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে।
И предаде ю Господь в руце Израилю: и взяша ю и царя ея, и избиша ю острием меча, и все дышущее в ней: и не остася в ней ни един цел и избегший. И сотвориша царю ея, якоже сотвориша царю Иерихонску.
31 ৩১ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
И отиде Иисус и весь Израиль с ним от Левны в Лахис, и облеже его, и воеваше нань.
32 ৩২ তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
И предаде Господь Лахис в руце Израилевы: и взя его в день вторый, и избиша его острием меча (и все дышущее в нем), и потребиша его, якоже сотвориша Левне.
33 ৩৩ তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।
Тогда взыде Орам царь Газерск, помогаяй Лахису: и порази его Иисус острием меча, и люди его, дондеже не остася от них ни един цел и избегший.
34 ৩৪ তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷
И отиде Иисус и весь Израиль с ним от Лахиса во Аглон, и облеже и, и воева на него.
35 ৩৫ সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷
И предаде и Господь в руце Израилю: и взя и в той день, и изби и острием меча, и все дышущее в нем уби, и сотвори ему якоже и Лахису.
36 ৩৬ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
И отиде Иисус и весь Израиль с ним в Хеврон, и обсяде и:
37 ৩৭ তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।
и взя его, и порази его острием меча, и царя его, и вся веси его, и вся дышущая елика бяху в нем: не бе уцелевый: якоже сотвориша Аглону, потребиша и и все дышущее, елика в нем бяху.
38 ৩৮ পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
И обратися Иисус и весь Израиль с ним в Давир: и обседше и,
39 ৩৯ তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।
взяша его и царя его и вся веси его, и поразиша и мечем, и потребиша и и все дышущее в нем, и не оставиша в нем ни единаго уцелевша: якоже сотвориша Хеврону и царю его, тако сотвориша Давиру и царю его, и якоже сотвориша Левне и царю ея.
40 ৪০ এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
И порази Иисус всю землю горную и Нагев, и равную и Асидоф, и вся цари его: не оставиша в нем ни единаго уцелевша: и все дышущее потребиша, якоже заповеда Господь Бог Израилю.
41 ৪১ এইদৰে যিহোচূৱাই কাদেচ-বৰ্ণেয়াৰ পৰা গাজা আৰু গিবিয়োনলৈকে, গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে।
И изби их Иисус от Кадис-Варни даже до Газы, и всю землю Госом даже до Гаваона:
42 ৪২ যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
и вся цари сия и землю их взя Иисус единою: яко Господь Бог Израилев помогаше Израилю.
43 ৪৩ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোককে লগত লৈ গিলগলৰ ছাউনিলৈ উলটি আহিল।
И возвратися Иисус и весь Израиль с ним в полк в Галгалы.