< যোনা 4 >
1 ১ সেয়ে যোনা অতিশয় অসন্তুষ্ট হ’ল আৰু ক্রোধিত হৈ পৰিল।
這事約拿大大不悅,且甚發怒,
2 ২ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হ’ব। সেই কাৰণেই মই প্রথমে তৰ্চীচলৈ পলাই গৈছিলোঁ; কিয়নো মই জানিছিলোঁ যে, আপুনি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোঁতা।
就禱告耶和華說:「耶和華啊,我在本國的時候豈不是這樣說嗎?我知道你是有恩典、有憐憫的上帝,不輕易發怒,有豐盛的慈愛,並且後悔不降所說的災,所以我急速逃往他施去。
3 ৩ এতিয়া হে যিহোৱা, মিনতি কৰোঁ, আপুনি মোৰ প্ৰাণ লওক; কিয়নো মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
耶和華啊,現在求你取我的命吧!因為我死了比活着還好。」
4 ৪ তেতিয়া যিহোৱাই ক’লে, “তুমি খং কৰাটো জানো উচিত হৈছে?”
耶和華說:「你這樣發怒合乎理嗎?」
5 ৫ তাৰ পাছত যোনা নগৰখনৰ পৰা ওলাই গ’ল। তেওঁ নগৰখনৰ পূবদিশে এটা আশ্রয় গৃহ সাজি তাৰ ছাঁয়াত বহিল আৰু নগৰখনৰ কি দশা হ’ব, তাক চাবলৈ অপেক্ষা কৰি থাকিল।
於是約拿出城,坐在城的東邊,在那裏為自己搭了一座棚,坐在棚的蔭下,要看看那城究竟如何。
6 ৬ পাছত ঈশ্বৰ যিহোৱাই এজোপা এৰাগছ নিৰূপণ কৰিলে আৰু যোনাই কষ্ট নাপাবলৈ তেওঁৰ গাত ছাঁ পৰিবৰ বাবে মূৰৰ ওপৰলৈকে গছ পুলিতো বঢ়ালে। সেই গছ জোপাৰ কাৰণে যোনা অতি আনন্দিত হ’ল।
耶和華上帝安排一棵蓖麻,使其發生高過約拿,影兒遮蓋他的頭,救他脫離苦楚;約拿因這棵蓖麻大大喜樂。
7 ৭ কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছডাল কুটাত, গছডাল শুকাই গ’ল।
次日黎明,上帝卻安排一條蟲子咬這蓖麻,以致枯槁。
8 ৮ পাছত সূর্যোদয়ৰ সময়ত ঈশ্বৰে পূবৰ পৰা গৰম বতাহ বলিবলৈ দিলে; তাতে যোনাৰ মূৰত এনেকৈ ৰ’দ পৰিল যে, তেওঁ অজ্ঞান হোৱাৰ দৰে হ’ল। তেতিয়া যোনাই নিজৰ মৃত্যু বিচাৰি ক’লে, “মই জীয়াই থকাতকৈ মৰি যোৱাই ভাল।”
日頭出來的時候,上帝安排炎熱的東風,日頭曝曬約拿的頭,使他發昏,他就為自己求死,說:「我死了比活着還好!」
9 ৯ কিন্তু ঈশ্বৰে যোনাক ক’লে, “এৰা গছজোপাৰ কাৰণে খং কৰি তুমি ভাল কৰিছা নে?” যোনাই ক’লে, “হয়, মই খং কৰি ভালেই কৰিছোঁ, এনেকি মৃত্যু পর্যন্ত কৰিম।”
上帝對約拿說:「你因這棵蓖麻發怒合乎理嗎?」他說:「我發怒以至於死,都合乎理!」
10 ১০ তেতিয়া যিহোৱাই ক’লে, “তুমি পৰিশ্ৰম নকৰা, নবঢ়োৱা, একে ৰাতিতে গজি একে ৰাতিতে মৰা এৰাগছ জোপালৈ তোমাৰ মৰম লাগিল;
耶和華說:「這蓖麻不是你栽種的,也不是你培養的;一夜發生,一夜乾死,你尚且愛惜;
11 ১১ কিন্তু যি নীনবিত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা একলাখ বিশ হাজাৰতকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে; তেনেহ’লে মোৰ জানো সেই মহানগৰ নীনবিলৈ দয়া নালাগিব?”
何況這尼尼微大城,其中不能分辨左手右手的有十二萬多人,並有許多牲畜,我豈能不愛惜呢?」