< যোনা 3 >
1 ১ তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল।
Joonalle tuli toistamiseen tämä Herran sana:
2 ২ তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
"Nouse ja mene Niiniveen, siihen suureen kaupunkiin, ja saarnaa sille se saarna, minkä minä sinulle puhun".
3 ৩ তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ সময় লাগে।
Niin Joona nousi ja meni Niiniveen Herran sanan mukaan. Ja Niinive oli suuri kaupunki Jumalan edessä: kolme päivänmatkaa.
4 ৪ যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
Ja Joona käveli kaupungissa aluksi yhden päivänmatkan ja saarnasi sanoen: "Vielä neljäkymmentä päivää, ja Niinive hävitetään".
5 ৫ তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।
Niin Niiniven miehet uskoivat Jumalaan, kuuluttivat paaston ja pukeutuivat säkkeihin, niin suuret kuin pienet.
6 ৬ শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
Ja kun tieto tästä tuli Niiniven kuninkaalle, nousi hän valtaistuimeltaan, riisui yltään vaippansa, verhoutui säkkiin ja istui tuhkaan.
7 ৭ তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।
Ja hän huudatti Niinivessä: "Kuninkaan ja hänen ylimystensä määräys kuuluu: Älkööt ihmiset älköötkä eläimet-raavaat ja lampaat-maistako mitään, käykö laitumella tai vettä juoko.
8 ৮ মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।
Verhoutukoot ihmiset ja eläimet säkkeihin, huutakoot väkevästi Jumalaa ja kääntykööt itsekukin pois pahalta tieltänsä sekä väkivallasta, mikä heidän käsiänsä tahraa.
9 ৯ কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
Ehkäpä Jumala jälleen katuu ja kääntyy vihansa hehkusta, niin ettemme huku."
10 ১০ পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।
Kun Jumala näki heidän tekonsa, että he kääntyivät pois pahalta tieltänsä, niin Jumala katui sitä pahaa, minkä hän oli sanonut tekevänsä heille, eikä tehnyt sitä.