< যোনা 2 >
1 ১ যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে।
UJona wasekhuleka eNkosini uNkulunkulu wakhe esemathunjini enhlanzi,
2 ২ তেওঁ ক’লে, “মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো; তাতে তেওঁ মোক উত্তৰ দিলে। চিয়োলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে। (Sheol )
wathi: Ekuhluphekeni kwami ngakhala eNkosini, yangiphendula; ngisesiswini sengcwaba ngamemeza, wena walizwa ilizwi lami. (Sheol )
3 ৩ আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে, আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল।
Ngoba wangiphosela enzikini, enhliziyweni yezinlwandle, lempophoma zangihanqa; wonke amagagasi akho lamavinqo akho kwedlula phezu kwami.
4 ৪ মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?
Ngasengisithi mina: Ngixotshiwe phambi kobuso bakho; kanti ngizabuya ngikhangele ngasethempelini lakho elingcwele.
5 ৫ জল সমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ গ’ল; অগাধ জলে মোক আগুৰি ধৰিলে; সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে।
Amanzi angihanqile kuze kube semphefumulweni; inziki ingizingelezele; imihlanga yathandela ikhanda lami.
6 ৬ মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ; নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে; কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।
Ngehlela ezisekelweni zezintaba; umhlaba, imigoqo yawo yangihanqa laphakade; kanti wenyuse impilo yami emgodini, Nkosi Nkulunkulu wami.
7 ৭ মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল, মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।
Lapho umphefumulo wami uphela amandla phakathi kwami ngakhumbula iNkosi; lomkhuleko wami wafika kuwe, ethempelini lakho elingcwele.
8 ৮ যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
Labo abagcina amanga ayize batshiya umusa wabo.
9 ৯ কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; মই কৰা সংকল্প সিদ্ধ কৰিম; পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
Kodwa mina ngizakwenza umhlatshelo kuwe ngelizwi lokubonga, ngikhokhe lokho engikufungileyo; usindiso ngolweNkosi.
10 ১০ পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।
INkosi yasikhuluma kuyo inhlanzi, yasimhlanza uJona emhlabathini owomileyo.