< যোনা 1 >
1 ১ অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ ক’লে
Có lời Chúa Hằng Hữu phán dạy Giô-na, con A-mi-tai:
2 ২ “তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে।
“Con hãy đi qua thành phố lớn Ni-ni-ve. Hãy tố cáo dân này vì tội ác chúng nó đã thấu đến trời cao.”
3 ৩ কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।
Nhưng Giô-na chỗi dậy và đi hướng ngược lại để lánh mặt Chúa Hằng Hữu. Ông xuống cảng Gióp-ba, tìm tàu để chạy qua Ta-rê-si. Ông mua vé và xuống tàu đi Ta-rê-si hy vọng trốn khỏi Chúa Hằng Hữu.
4 ৪ কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল।
Nhưng Chúa Hằng Hữu khiến gió lớn thổi mạnh, tạo nên một trận bão to trên mặt biển đến nỗi chiếc tàu gần bị vỡ.
5 ৫ তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই হ’লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তর্ভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল।
Tất cả thủy thủ đều khiếp sợ, mỗi người kêu cầu thần mình và ném bỏ hàng hóa xuống biển cho nhẹ tàu. Nhưng lúc ấy Giô-na nằm ngủ say dưới khoang tàu.
6 ৬ তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”
Thuyền trưởng đến gần gọi Giô-na và la lớn: “Này anh có thể ngủ như vậy được sao? Hãy dậy và kêu cầu thần của anh đi! Có lẽ thần của anh đoái đến và cứu chúng ta thoát chết.”
7 ৭ তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।
Các người trên tàu bảo nhau: “Ta hãy bốc thăm để tìm xem ai chịu trách nhiệm về tai họa này.” Họ bốc thăm thì trúng ngay Giô-na.
8 ৮ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক’ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?”
Họ bảo ông: “Anh phải khai cho chúng tôi biết lý do nào tai họa này xảy đến cho chúng ta. Anh làm nghề gì? Từ đâu đến đây? Quê quán anh ở đâu? Anh thuộc dân tộc nào?”
9 ৯ তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।”
Giô-na đáp: “Tôi là người Hê-bơ-rơ, tôi thờ kính Chúa Hằng Hữu là Đức Chúa Trời ngự trên trời, là Đấng Tạo Hóa đã dựng nên biển và đất.”
10 ১০ যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”
Những người trên tàu sợ hãi khi nghe điều này, rồi ông khai thật về việc chạy trốn Chúa Hằng Hữu. Họ nói: “Tại sao anh làm như thế?”
11 ১১ তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল।
Rồi biển càng động mạnh hơn, họ hỏi ông: “Chúng tôi phải làm gì để cho biển lặng sóng êm?”
12 ১২ তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”
Giô-na đáp: “Các anh cứ bắt tôi ném xuống biển, thì biển lặng sóng ngay. Tôi biết các anh bị trận bão lớn này chỉ vì tôi.”
13 ১৩ তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে।
Họ nỗ lực chèo chống để tìm cách vào bờ. Nhưng biển càng động mạnh hơn nữa, họ không thể làm gì được.
14 ১৪ এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।”
Họ cầu khẩn Chúa Hằng Hữu, Đức Chúa Trời của Giô-na, rằng: “Lạy Chúa Hằng Hữu, chúng con nài xin Ngài, xin đừng để chúng con chết vì mạng sống của người này. Xin đừng cho máu vô tội đổ trên chúng con. Lạy Chúa Hằng Hữu, vì chính Ngài làm điều gì Ngài muốn.”
15 ১৫ এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।
Rồi họ nâng bổng Giô-na lên, ném xuống biển, và sóng gió liền lặng yên!
16 ১৬ সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।
Điều này khiến các thủy thủ rất kính sợ quyền năng vĩ đại của Chúa Hằng Hữu. Họ dâng tế lễ cho Chúa và hứa nguyện với Ngài.
17 ১৭ আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।
Bấy giờ Chúa Hằng Hữu đã sắp sẵn một con cá lớn để nuốt Giô-na. Và Giô-na ở trong bụng cá ba ngày ba đêm.