< যোনা 1 >

1 অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ ক’লে
و کلام خداوند بر یونس بن امتای نازل شده، گفت:۱
2 “তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে।
«برخیز و به نینوا شهر بزرگ برو و بر آن ندا کن زیرا که شرارت ایشان به حضورمن برآمده است.»۲
3 কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।
اما یونس برخاست تا از حضور خداوند به ترشیش فرار کند و به یافا فرود آمده، کشتی‌ای یافت که عازم ترشیش بود. پس کرایه‌اش را داده، سوار شد تا همراه ایشان از حضور خداوند به ترشیش برود.۳
4 কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল।
و خداوند باد شدیدی بر دریاوزانید که تلاطم عظیمی در دریا پدید آمدچنانکه نزدیک بود که کشتی شکسته شود.۴
5 তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই হ’লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তর্ভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল।
وملاحان ترسان شده، هر کدام نزد خدای خوداستغاثه نمودند و اسباب را که در کشتی بود به دریا ریختند تا آن را برای خود سبک سازند. امایونس در اندرون کشتی فرود شده، دراز شد وخواب سنگینی او را در ربود.۵
6 তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”
و ناخدای کشتی نزد او آمده، وی را گفت: «ای که خفته‌ای تو را چه شده است؟ برخیز وخدای خود را بخوان شاید که خدا ما را بخاطرآورد تا هلاک نشویم.»۶
7 তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।
و به یکدیگر گفتند: «بیایید قرعه بیندازیم تا بدانیم که این بلا به‌سبب چه کس بر ما وارد شده است؟» پس چون قرعه انداختند، قرعه به نام یونس درآمد.۷
8 তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক’ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?”
پس او راگفتند: «ما را اطلاع ده که این بلا به‌سبب چه کس بر ما عارض شده؟ شغل تو چیست و از کجا آمده‌ای و وطنت کدام است و از چه قوم هستی؟»۸
9 তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।”
او ایشان را جواب داد که: «من عبرانی هستم و ازیهوه خدای آسمان که دریا و خشکی را آفریده است ترسان می‌باشم.»۹
10 ১০ যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”
پس آن مردمان سخت‌ترسان شدند و او را گفتند: «چه کرده‌ای؟» زیرا که ایشان می‌دانستند که از حضور خداوند فرار کرده است چونکه ایشان را اطلاع داده بود.۱۰
11 ১১ তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল।
و او راگفتند: «با تو چه کنیم تا دریا برای ما ساکن شود؟» زیرا دریا در تلاطم همی افزود.۱۱
12 ১২ তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”
او به ایشان گفت: «مرا برداشته، به دریا بیندازید ودریا برای شما ساکن خواهد شد، زیرا می‌دانم این تلاطم عظیم به‌سبب من بر شما وارد آمده است.۱۲
13 ১৩ তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে।
اما آن مردمان سعی نمودند تا کشتی را به خشکی برسانند اما نتوانستند زیرا که دریا به ضدایشان زیاده و زیاده تلاطم می‌نمود.۱۳
14 ১৪ এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।”
پس نزدیهوه دعا کرده، گفتند: «آه‌ای خداوند به‌خاطرجان این شخص هلاک نشویم و خون بی‌گناه را برما مگذار زیرا تو‌ای خداوند هر‌چه می‌خواهی می‌کنی.»۱۴
15 ১৫ এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।
پس یونس را برداشته، در دریاانداختند و دریا از تلاطمش آرام شد.۱۵
16 ১৬ সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।
و آن مردمان از خداوند سخت‌ترسان شدند و برای خداوند قربانی‌ها گذرانیدند و نذرها نمودند.۱۶
17 ১৭ আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।
واما خداوند ماهی بزرگی پیدا کرد که یونس را فروبرد و یونس سه روز و سه شب در شکم ماهی ماند.۱۷

< যোনা 1 >