< যোহন 9 >
1 ১ যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে।
И пролазећи виде човека слепог од рођења.
2 ২ তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে, নে তেওঁৰ মাক-বাপেকে পাপ কৰিলে?”
И запиташе Га ученици Његови говорећи: Рави! Ко сагреши, или овај или родитељи његови, те се роди слеп?
3 ৩ যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।
Исус одговори: Ни он сагреши ни родитељи његови, него да се јаве дела Божија на њему.
4 ৪ আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
Мени ваља радити дела Оног који ме посла док је дан: доћи ће ноћ кад нико не може радити.
5 ৫ যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ।”
Док сам на свету видело сам свету.
6 ৬ এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
Рекавши ово пљуну на земљу и начини као од пљувачке, и помаза калом очи слепоме,
7 ৭ তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
И рече: Иди умиј се у бањи силоамској (које значи послан). Отиде, дакле, и уми се, и дође гледајући.
8 ৮ তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
А суседи и који га беху видели пре да беше слеп говораху: Није ли ово онај што сеђаше и прошаше?
9 ৯ কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
Једни говораху: Он је; а други: Налик је на њ. А он говораше: Ја сам.
10 ১০ তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
Тада му говораху: Како ти се отворише очи?
11 ১১ তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক’লে, ‘চীলোহ’লৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
Он одговори и рече: Човек који се зове Исус начини као, и помаза очи моје, и рече ми: Иди у бању силоамску и умиј се. А кад отидох и умих се, прогледах.
12 ১২ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন ক’ত আছে?” তেওঁ ক’লে “মই নাজানো।”
Тада му рекоше: Где је он? Рече: Не знам.
13 ১৩ যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গ’ল।
Тада га поведоше к фарисејима, оног што беше некад слеп.
14 ১৪ যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল।
А беше субота кад начини Исус као и отвори му очи.
15 ১৫ সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
Тада га опет питаху и фарисеји како прогледа. А он им рече: Као метну ми на очи, и умих се и видим.
16 ১৬ তাতে ফৰীচী সকলৰ কিছুমানে ক’লে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে ক’লে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।
Тада говораху неки од фарисеја: Није овај човек од Бога јер не светкује суботе. Други говораху: Како може човек грешан таква чудеса чинити? И поста распра међу њима.
17 ১৭ সেয়ে, তেওঁলোকে আকৌ সেই অন্ধ জনক সুধিলে, “যি মানুহ জনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা?” মানুহ জনে ক’লে, “তেওঁ এজন ভাৱবাদী।”
Рекоше, дакле, опет слепцу: Шта кажеш ти за њега што ти отвори очи твоје? А он рече: Пророк је.
18 ১৮ মানুহ জনৰ মাক-বাপেকক মাতি আনি নুসুধা পর্যন্ত ইহুদী সকলে বিশ্বাস নকৰিলে যে এই মানুহ জন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
Тада Јевреји не вероваше за њега да беше слеп и прогледа, док не дозваше родитеље оног што је прогледао,
19 ১৯ তেওঁলোকে তেওঁৰ মাক-বাপেকক সুধিলে, “এই জন তোমালোকৰ সেই ল’ৰা জন হয় নে, যি জনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল। তেনেহলে সি এতিয়া কেনেকৈ দেখা পাইছে?”
И запиташе их говорећи: Је ли ово ваш син за кога ви говорите да се роди слеп? Како, дакле, сад види?
20 ২০ তেওঁৰ মাক-বাপেকে উত্তৰ দিলে, “আমি জানো, ই আমাৰে ল’ৰা আৰু সি ওপজাৰে পৰা অন্ধ আছিল।
А родитељи његови одговорише им и рекоше: Знамо да је ово син наш и да се роди слеп,
21 ২১ কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সিয়ে নিজৰ বিষয়ে নিজে ক’ব।”
А како сад види не знамо: или ко му отвори очи ми не знамо; он је велики, питајте њега, нека сам каже за себе.
22 ২২ ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
Ово рекоше родитељи његови, јер се бојаху Јевреја; јер се Јевреји беху договорили да буде искључен из зборнице ко Га призна за Христа.
23 ২৩ এই কাৰণতে, তেওঁৰ মাক-বাপেকে ক’লে, “সি বয়সীয়া; তাক সোধক।”
Зато рекоше родитељи његови: Он је велики, питајте њега.
24 ২৪ তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
Тада, по други пут дозваше човека који је био слеп и рекоше му: Дај Богу славу; ми знамо да је човек овај грешан.
25 ২৫ তাতে তেওঁ উত্তৰ দিলে, “তেওঁ পাপী হয় নে নহয়, তাক মই নাজানো; কিন্তু এটা বিষয় জানো যে মই অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছো।”
А он одговори и рече: Је ли грешан не знам; само знам да ја бејах слеп, а сад видим.
26 ২৬ তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
Тада му опет рекоше: Шта ти учини, како отвори очи твоје?
27 ২৭ তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক অথনিয়ে ক’লো, কিন্তু আপোনালোকে নুশুনিলে; তেনেহলে আকৌ কি কাৰণে শুনিব খোজিছে? অাপোনালোকেও তেওঁৰ শিষ্য হ’বলৈ ইচ্ছা কৰে নেকি?”
Одговори им: Ја вам већ казах, и не слушасте; шта ћете опет слушати? Већ ако и ви хоћете ученици његови да будете?
28 ২৮ তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক’লে, “তইহে তাৰ শিষ্য; আমি হ’লে মোচিৰ শিষ্য।
А они га укорише, и рекоше му: Ти си ученик његов, а ми смо ученици Мојсијеви.
29 ২৯ ঈশ্বৰে যে মোচিৰ কথা ক’লে, তাক আমি জানো; কিন্তু এই মানুহ ক’ৰ পৰা আহিছে, তাক আমি নাজানো।”
Ми знамо да с Мојсијем говори Бог; а овог не знамо откуда је
30 ৩০ সেই মানুহে উত্তৰ দি তেওঁলোকক ক’লে, “কি বিস্ময়জনক বিষয়! তেওঁ কৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে।
А човек одговори и рече им: То и јесте за чудо што ви не знате откуд је, а Он отвори очи моје.
31 ৩১ আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা, ঈশ্বৰে শুনে৷
А знамо да Бог не слуша грешника; него ако ко поштује Бога и вољу Његову твори, оног слуша.
32 ৩২ জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে। (aiōn )
Откако је света није чувено да ко отвори очи рођеном слепцу. (aiōn )
33 ৩৩ সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ’লে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
Кад Он не би био од Бога не би могао ништа чинити.
34 ৩৪ তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
Одговорише и рекоше му: Ти си се родио сав у гресима, па зар ти нас да учиш? И истераше га напоље.
35 ৩৫ যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
Исус чу да га истераше напоље; и нашавши га рече му; верујеш ли ти Сина Божијег?
36 ৩৬ তেওঁ উত্তৰ দি ক’লে, “প্ৰভু, তেওঁ কোন? মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ।”
Он одговори и рече: Ко је, Господе, да Га верујем?
37 ৩৭ যীচুৱে তেওঁক ক’লে, “তুমি তেওঁক দেখা পালা; আৰু তোমাৰে সৈতে কথা পাতি থকা জনেই সেই জন।”
А Исус му рече: и видео си га, и који говори с тобом Га је.
38 ৩৮ তেতিয়া মানুহ জনে ক’লে, “প্ৰভু, মই বিশ্বাস কৰিছোঁ” এই বুলি তেওঁ যীচুক সেৱা কৰিলে।
А он рече: Верујем Господе! И поклони Му се.
39 ৩৯ যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
И рече Исус: Ја дођох на суд на овај свет, да виде који не виде, и који виде да постану слепи.
40 ৪০ কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?”
И чуше ово неки од фарисеја који беху с Њим, и рекоше Му: Еда ли смо ми слепи?
41 ৪১ যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অন্ধ হ’য়, তেনেহলে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছোঁ;’ গতিকে তোমালোকৰ পাপ থাকি গ’ল।
Рече им Исус: Када бисте били слепи не бисте имали греха, а сад говорите да видите, тако ваш грех остаје.