< যোহন 6 >
1 ১ ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
Waxaas dabadeed Ciise wuxuu u kacay dhinaca kale oo badda Galili oo ahayd baddii Tiberiyas.
2 ২ তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
Dad badanna way raaceen, waayo, waxay arkeen calaamooyinkii uu ku sameeyey kuwii bukay.
3 ৩ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
Kolkaasaa Ciise buurta u baxay, halkaasna ayuu xertiisii la fadhiistay.
4 ৪ সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
Markaasna waxaa dhowayd Iiddii Kormaridda ee ahayd iiddii Yuhuudda.
5 ৫ যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
Haddaba Ciise intuu indhihiisii kor u qaaday, ayuu wuxuu arkay dad badan oo soo socda, wuxuuna Filibos ku yidhi, Xaggee baynu kibis ka soo iibinnaa inay kuwanu cunaan?
6 ৬ ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
Wuxuu waxaas ugu yidhi inuu jirrabo isaga, waayo, isaga qudhiisu waa ogaa wuxuu samayn lahaa.
7 ৭ ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
Filibos wuxuu ugu jawaabay, Laba boqol oo dinaar oo kibis ahi kuma filla in nin walba wax yar qaato.
8 ৮ যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
Markaasaa xertiisii midkood oo Andaros la odhan jiray oo Simoon Butros walaalkiis ahaa wuxuu ku yidhi,
9 ৯ “ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
Halkan waxaa jooga wiil qaba shan kibsood oo shaciir ah iyo laba kalluun, laakiin waxaasi maxay u tarayaan dad sidan u badan?
10 ১০ যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
Markaasaa Ciise yidhi, Dadka fadhiisiya. Meeshaasina waxay lahayd doog badan. Haddaba nimankii waa fadhiisteen, tiradooduna qiyaastii waxay ahayd shan kun.
11 ১১ তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
Haddaba Ciise kibistuu qaaday, oo goortuu mahadnaqay ayuu u qaybiyey kuwii fadhiyey, sidaas oo kalena kalluunkii intay doonayeen.
12 ১২ তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
Markay wada dhergeen, wuxuu xertiisii ku yidhi, Ururiya jajabkii hadhay, waxba yaanay ka hallaabin.
13 ১৩ তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
Sidaa aawadeed ayay ururiyeen, oo laba iyo toban dambiilood ayay ka buuxiyeen jajabkii ka hadhay kuwii shantii kibsood oo shaciirka ahayd cunay.
14 ১৪ যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
Haddaba dadkii markay arkeen calaamadii uu sameeyey, waxay yidhaahdeen, Runtii, kanu waa nebigii dunida iman lahaa.
15 ১৫ যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
Ciise wuxuu gartay inay imanayaan inay qabtaan oo boqor ka dhigaan, sidaas daraaddeed ayuu mar kale keligiis buurta u baxay.
16 ১৬ যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
Markii makhribkii la gaadhay ayaa xertiisii badda u baxday.
17 ১৭ তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
Waxayna fuuleen doonni, oo badday ka tallaabayeen ilaa Kafarna'um. Oo markiiba gudcur bay ahayd, Ciisena weli uma uu iman.
18 ১৮ বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
Badduna way isku kacday, dabayl weyn oo dhacday aawadeed.
19 ১৯ শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
Haddaba markay seeb ku wadeen qiyaas shan iyo labaatan ama soddon istaadiyon, waxay arkeen Ciise oo badda ku dul socda oo doonnida u soo dhowaanaya, wayna baqeen.
20 ২০ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
Laakiin wuxuu ku yidhi, Waa aniga ee ha baqina.
21 ২১ শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
Sidaa aawadeed waxay doonayeen inay doonnida ku qaadaan, oo markiiba doonnidu waxay joogtay dhulkay u socdeen.
22 ২২ পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
Maalintii labaad dadkii badnaa oo badda dhankeeda kale taagnaa, waxay arkeen inaan doonni kale joogin mid maahee, oo aan Ciisena taas la fuulin xertiisii, laakiin in xertiisii keligood baxeen.
23 ২৩ কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
Laakiin waxaa Tiberiyas ka yimid doonniyo, wayna u soo dhowaadeen meeshii kibistii lagu cunay markuu Rabbigu mahadnaqay dabadeed.
24 ২৪ সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
Markii dadkii badnaa arkeen inaan Ciise halkaas joogin iyo xertiisiiba, waxay fuuleen doonniyihii, wayna yimaadeen Kafarna'um, iyagoo Ciise doondoonaya.
25 ২৫ সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
Oo markay isaga ka heleen badda dhinaceeda kale, waxay ku yidhaahdeen, Macallimow, goormaad halkan timid?
26 ২৬ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
Ciise ayaa u jawaabay oo ku yidhi, Runtii, runtii, waxaan idinku leeyahay, Iima doondoontaan calaamooyinkii aad aragteen aawadood ee waa kibistii aad cunteen oo aad ka dheregteen aawadeed.
27 ২৭ ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।” (aiōnios )
Ha u shaqaynina cuntada hallaabaysa, laakiin u shaqeeya cuntada sii jiraysa ilaa nolosha weligeed ah ee Wiilka Aadanahu idin siin doono, waayo, isaga Aabbaha Ilaaha ah ayaa caddeeyey. (aiōnios )
28 ২৮ লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
Sidaas aawadeed waxay ku yidhaahdeen, Maxaannu yeelnaa si aannu shuqullada Ilaah u samayno?
29 ২৯ যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
Ciise ayaa u jawaabay oo ku yidhi, Kanu waa shuqulkii Ilaah inaad rumaysataan kii uu soo diray.
30 ৩০ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
Sidaa darteed waxay ku yidhaahdeen, Haddaba calaamadee baad samaynaysaa inaannu aragno oo ku rumaysanno? Maxaad, samaynaysaa?
31 ৩১ আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
Awowayaasheen waxay cidlada ku cuneen maannada sidii loo qoray, Wuxuu samada ka siiyey kibis ay cunaan.
32 ৩২ যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
Haddaba Ciise wuxuu ku yidhi, Runtii, runtii, waxaan idinku leeyahay, Muuse samada idinkama siin kibistii, laakiin Aabbahay baa samada idinka siiya kibista runta ah.
33 ৩৩ কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
Waayo, kibista Ilaah waa kan samada ka soo degay oo dunida nolosha siiya.
34 ৩৪ লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
Haddaba waxay ku yidhaahdeen, Sayidow, kibistan mar walba na sii.
35 ৩৫ যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
Markaasaa Ciise wuxuu ku yidhi, Anigu waxaan ahay kibista nolosha. Kii ii yimaadaa ma gaajoon doono, kii i rumaystaana ma harraadi doono weligiis.
36 ৩৬ মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
Laakiin waxaan idiin sheegay inaad i aragteen, mase rumaysataan.
37 ৩৭ পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
Dhammaan wuxuu Aabbuhu i siiyo way ii iman doonaan, oo kii ii yimaadana ma eryi doono.
38 ৩৮ কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
Waayo, waxaan samada uga soo degay ma aha inaan doonistayda yeelo, laakiinse inaan yeelo doonista kii i soo diray.
39 ৩৯ মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
Tanu waa doonistii kii i soo diray in kuwii uu dhammaan i siiyey aanan midna ka lumin, laakiin inaan maalinta u dambaysa soo sara kiciyo.
40 ৪০ মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (aiōnios )
Waayo, tanu waa doonistii Aabbahay in mid kasta oo Wiilka arka oo rumaysta uu nolosha weligeed ah lahaado, aniguna maalinta u dambaysa waan soo sara kicin doonaa. (aiōnios )
41 ৪১ পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
Sidaas aawadeed Yuhuuddu way gunuuneceen, maxaa yeelay, wuxuu yidhi, Anigu waxaan ahay kibista samada ka soo degtay.
42 ৪২ সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
Waxayna yidhaahdeen, Kanu miyaanu ahayn Ciise, ina Yuusuf, kaannu aabbihiis iyo hooyadiis naqaan? Hadda sidee buu u leeyahay, Samada baan ka soo degay?
43 ৪৩ যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
Markaasaa Ciise u jawaabay oo ku yidhi, Ha ka gunuunecina dhexdiinna.
44 ৪৪ যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
Ninna iima iman karo hadduusan Aabbihii i soo diray soo jiidin, aniguna maalinta u dambaysa waan soo sara kicin doonaa.
45 ৪৫ ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
Waxaa ku qoran kitaabbadii nebiyada, Kulligood Ilaah baa wax bari doona. Mid kasta oo Aabbaha wax ka maqlay oo ka bartay waa ii yimaadaa.
46 ৪৬ কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
Ma aha in nin arkay Aabbaha, kii Ilaah ka yimid mooyaane. Isagu waa arkay Aabbaha.
47 ৪৭ মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। (aiōnios )
Runtii, runtii, waxaan idinku leeyahay, Kii i rumaystaa, wuxuu leeyahay nolosha weligeed ah. (aiōnios )
48 ৪৮ জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
Anigu waxaan ahay kibista nolosha.
49 ৪৯ আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
Awowayaashiin waxay cidlada ku cuneen maannada, oo ay dhinteen.
50 ৫০ স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
Tanu waa kibistii samada ka soo degtay, in qof kasta cuno oo uusan dhiman.
51 ৫১ স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” (aiōn )
Anigu waxaan ahay kibista nool ee samada ka soo degtay. Haddii qof uun kibistan cuno, weligiis wuu noolaan doonaa. Oo kibistaan siin doonaa waa jidhkayga, nolosha dunida aawadeed. (aiōn )
52 ৫২ এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
Sidaa aawadeed Yuhuuddu way isla murmeen iyagoo leh, Kanu sidee buu jidhkiisa inoo siin karaa inaannu cunno?
53 ৫৩ যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
Ciise haddaba wuxuu ku yidhi, Runtii, runtii, waxaan idinku leeyahay, Haddaydnan jidhkii Wiilka Aadanaha cunin oo dhiiggiisa cabbin nolosha kuma lihidin gudihiinna.
54 ৫৪ যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। (aiōnios )
Oo kii jidhkayga cuna oo dhiiggayga cabba wuxuu leeyahay nolosha weligeed ah, oo maalinta u dambaysa waan soo sara kicin doonaa. (aiōnios )
55 ৫৫ কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
Waayo, runtii jidhkaygu waa cunto, dhiiggayguna runtii waa wax la cabbo.
56 ৫৬ যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
Kii jidhkayga cuna oo dhiiggayga cabba wuu igu jiraa, anna waan ku jiraa isaga.
57 ৫৭ যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
Sida Aabbaha nool ii soo diray, aniguna Aabbahaan u noolahay daraaddiis, sidaasaa kii i cunaa isaguna u nolaan doonaa daraadday.
58 ৫৮ স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” (aiōn )
Tanu waa kibista samada ka soo degtay, ma aha sida tii awowayaashiin cuneen oo ay dhinteen. Kii kibistan cunaa, weligiis wuu noolaan doonaa. (aiōn )
59 ৫৯ এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
Waxyaalahaas ayuu sunagogga kaga dhex hadlay intuu Kafarna'um wax ku barayay.
60 ৬০ যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
Sidaa aawadeed xertiisii badidood markay maqleen, waxay yidhaahdeen, Hadalkaasu waa adag yahay. Yaa maqli kara?
61 ৬১ যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
Laakiin Ciise qudhiisu wuu ogaa in xertiisu taas ka gunuunacday, wuxuuna ku yidhi, Taas ma ka xun tihiin?
62 ৬২ মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
Haddaba maxay noqon haddaad aragtaan Wiilka Aadanaha oo kor ugu baxaya meeshuu markii hore joogi jiray?
63 ৬৩ আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
Waa ruuxa kan wax nooleeyaa, jidhkuse waxba ma taro. Erayadii aan idinkula hadlayna waxay yihiin ruux iyo nololba.
64 ৬৪ কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
Laakiin waxaa dhexdiina jira qaar idinka mid ah oo aan rumaysan. Waayo, tan iyo bilowgii Ciise waa garanayay kuway ahaayeen kuwa aan rumaysan iyo kuu ahaa kii gacangelin lahaa.
65 ৬৫ তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
Markaasuu yidhi, Taas aawadeed waxaan idinku idhi, Qofna iima iman karo haddaan Aabbuhu awood siin.
66 ৬৬ ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
Taas dabadeed xertiisii intii badnayd dib bay uga noqdeen, oo mar dambe lama ay socon.
67 ৬৭ যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
Haddaba Ciise wuxuu laba-iyo-tobankii ku yidhi, Idinkuna ma doonaysaan inaad tagtaan?
68 ৬৮ চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। (aiōnios )
Markaasaa Simoon Butros wuxuu ugu jawaabay, Sayidow, yaannu u tagnaa? Adigaa haya erayadii nolosha weligeed ahe. (aiōnios )
69 ৬৯ আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
Annaguna waa rumaysannay, waana og nahay inaad tahay Kan Quduuska ah ee Ilaah.
70 ৭০ যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
Ciise wuxuu ugu jawaabay, Miyaanan idin dooran idinkoo laba iyo toban ah? Mid idinka mid ahna waa cifriid.
71 ৭১ ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।
Wuxuu ka hadlay Yuudas ina Simoon Iskariyod, waayo, isaguu ahaa kan gacangelin lahaa, isagoo laba-iyo-tobankii ka mid ahaa.