< যোহন 5 >
1 ১ এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব আছিল।
১ততঃ পৰং যিহূদীযানাম্ উৎসৱ উপস্থিতে যীশু ৰ্যিৰূশালমং গতৱান্|
2 ২ যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
২তস্মিন্নগৰে মেষনাম্নো দ্ৱাৰস্য সমীপে ইব্ৰীযভাষযা বৈথেস্দা নাম্না পিষ্কৰিণী পঞ্চঘট্টযুক্তাসীৎ|
3 ৩ সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
৩তস্যাস্তেষু ঘট্টেষু কিলালকম্পনম্ অপেক্ষ্য অন্ধখঞ্চশুষ্কাঙ্গাদযো বহৱো ৰোগিণঃ পতন্তস্তিষ্ঠন্তি স্ম|
৪যতো ৱিশেষকালে তস্য সৰসো ৱাৰি স্ৱৰ্গীযদূত এত্যাকম্পযৎ তৎকীলালকম্পনাৎ পৰং যঃ কশ্চিদ্ ৰোগী প্ৰথমং পানীযমৱাৰোহৎ স এৱ তৎক্ষণাদ্ ৰোগমুক্তোঽভৱৎ|
5 ৫ তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
৫তদাষ্টাত্ৰিংশদ্ৱৰ্ষাণি যাৱদ্ ৰোগগ্ৰস্ত একজনস্তস্মিন্ স্থানে স্থিতৱান্|
6 ৬ যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
৬যীশুস্তং শযিতং দৃষ্ট্ৱা বহুকালিকৰোগীতি জ্ঞাৎৱা ৱ্যাহৃতৱান্ ৎৱং কিং স্ৱস্থো বুভূষসি?
7 ৭ ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
৭ততো ৰোগী কথিতৱান্ হে মহেচ্ছ যদা কীলালং কম্পতে তদা মাং পুষ্কৰিণীম্ অৱৰোহযিতুং মম কোপি নাস্তি, তস্মান্ মম গমনকালে কশ্চিদন্যোঽগ্ৰো গৎৱা অৱৰোহতি|
8 ৮ যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
৮তদা যীশুৰকথযদ্ উত্তিষ্ঠ, তৱ শয্যামুত্তোল্য গৃহীৎৱা যাহি|
9 ৯ তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
৯স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্ৰামৱাৰঃ|
10 ১০ সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
১০তস্মাদ্ যিহূদীযাঃ স্ৱস্থং নৰং ৱ্যাহৰন্ অদ্য ৱিশ্ৰামৱাৰে শযনীযমাদায ন যাতৱ্যম্|
11 ১১ কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
১১ততঃ স প্ৰত্যৱোচদ্ যো মাং স্ৱস্থম্ অকাৰ্ষীৎ শযনীযম্ উত্তোল্যাদায যাতুং মাং স এৱাদিশৎ|
12 ১২ তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
১২তদা তেঽপৃচ্ছন্ শযনীযম্ উত্তোল্যাদায যাতুং য আজ্ঞাপযৎ স কঃ?
13 ১৩ কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
১৩কিন্তু স ক ইতি স্ৱস্থীভূতো নাজানাদ্ যতস্তস্মিন্ স্থানে জনতাসত্ত্ৱাদ্ যীশুঃ স্থানান্তৰম্ আগমৎ|
14 ১৪ পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
১৪ততঃ পৰং যেশু ৰ্মন্দিৰে তং নৰং সাক্ষাৎপ্ৰাপ্যাকথযৎ পশ্যেদানীম্ অনামযো জাতোসি যথাধিকা দুৰ্দশা ন ঘটতে তদ্ধেতোঃ পাপং কৰ্ম্ম পুনৰ্মাকাৰ্ষীঃ|
15 ১৫ তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
১৫ততঃ স গৎৱা যিহূদীযান্ অৱদদ্ যীশু ৰ্মাম্ অৰোগিণম্ অকাৰ্ষীৎ|
16 ১৬ এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
১৬ততো যীশু ৰ্ৱিশ্ৰামৱাৰে কৰ্ম্মেদৃশং কৃতৱান্ ইতি হেতো ৰ্যিহূদীযাস্তং তাডযিৎৱা হন্তুম্ অচেষ্টন্ত|
17 ১৭ যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
১৭যীশুস্তানাখ্যৎ মম পিতা যৎ কাৰ্য্যং কৰোতি তদনুৰূপম্ অহমপি কৰোতি|
18 ১৮ যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
১৮ততো যিহূদীযাস্তং হন্তুং পুনৰযতন্ত যতো ৱিশ্ৰামৱাৰং নামন্যত তদেৱ কেৱলং ন অধিকন্তু ঈশ্ৱৰং স্ৱপিতৰং প্ৰোচ্য স্ৱমপীশ্ৱৰতুল্যং কৃতৱান্|
19 ১৯ ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
১৯পশ্চাদ্ যীশুৰৱদদ্ যুষ্মানহং যথাৰ্থতৰং ৱদামি পুত্ৰঃ পিতৰং যদ্যৎ কৰ্ম্ম কুৰ্ৱ্ৱন্তং পশ্যতি তদতিৰিক্তং স্ৱেচ্ছাতঃ কিমপি কৰ্ম্ম কৰ্ত্তুং ন শক্নোতি| পিতা যৎ কৰোতি পুত্ৰোপি তদেৱ কৰোতি|
20 ২০ কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
২০পিতা পুত্ৰে স্নেহং কৰোতি তস্মাৎ স্ৱযং যদ্যৎ কৰ্ম্ম কৰোতি তৎসৰ্ৱ্ৱং পুত্ৰং দৰ্শযতি; যথা চ যুষ্মাকং আশ্চৰ্য্যজ্ঞানং জনিষ্যতে তদৰ্থম্ ইতোপি মহাকৰ্ম্ম তং দৰ্শযিষ্যতি|
21 ২১ পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
২১ৱস্তুতস্তু পিতা যথা প্ৰমিতান্ উত্থাপ্য সজিৱান্ কৰোতি তদ্ৱৎ পুত্ৰোপি যং যং ইচ্ছতি তং তং সজীৱং কৰোতি|
22 ২২ পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
২২সৰ্ৱ্ৱে পিতৰং যথা সৎকুৰ্ৱ্ৱন্তি তথা পুত্ৰমপি সৎকাৰযিতুং পিতা স্ৱযং কস্যাপি ৱিচাৰমকৃৎৱা সৰ্ৱ্ৱৱিচাৰাণাং ভাৰং পুত্ৰে সমৰ্পিতৱান্|
23 ২৩ যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
২৩যঃ পুত্ৰং সৎ কৰোতি স তস্য প্ৰেৰকমপি সৎ কৰোতি|
24 ২৪ মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। (aiōnios )
২৪যুষ্মানাহং যথাৰ্থতৰং ৱদামি যো জনো মম ৱাক্যং শ্ৰুৎৱা মৎপ্ৰেৰকে ৱিশ্ৱসিতি সোনন্তাযুঃ প্ৰাপ্নোতি কদাপি দণ্ডবাজনং ন ভৱতি নিধনাদুত্থায পৰমাযুঃ প্ৰাপ্নোতি| (aiōnios )
25 ২৫ আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
২৫অহং যুষ্মানতিযথাৰ্থং ৱদামি যদা মৃতা ঈশ্ৱৰপুত্ৰস্য নিনাদং শ্ৰোষ্যন্তি যে চ শ্ৰোষ্যন্তি তে সজীৱা ভৱিষ্যন্তি সময এতাদৃশ আযাতি ৱৰম্ ইদানীমপ্যুপতিষ্ঠতি|
26 ২৬ কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
২৬পিতা যথা স্ৱযঞ্জীৱী তথা পুত্ৰায স্ৱযঞ্জীৱিৎৱাধিকাৰং দত্তৱান্|
27 ২৭ পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
২৭স মনুষ্যপুত্ৰঃ এতস্মাৎ কাৰণাৎ পিতা দণ্ডকৰণাধিকাৰমপি তস্মিন্ সমৰ্পিতৱান্|
28 ২৮ এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
২৮এতদৰ্থে যূযম্ আশ্চৰ্য্যং ন মন্যধ্ৱং যতো যস্মিন্ সমযে তস্য নিনাদং শ্ৰুৎৱা শ্মশানস্থাঃ সৰ্ৱ্ৱে বহিৰাগমিষ্যন্তি সময এতাদৃশ উপস্থাস্যতি|
29 ২৯ আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
২৯তস্মাদ্ যে সৎকৰ্ম্মাণি কৃতৱন্তস্ত উত্থায আযুঃ প্ৰাপ্স্যন্তি যে চ কুকৰ্মাণি কৃতৱন্তস্ত উত্থায দণ্ডং প্ৰাপ্স্যন্তি|
30 ৩০ মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
৩০অহং স্ৱযং কিমপি কৰ্ত্তুং ন শক্নোমি যথা শুণোমি তথা ৱিচাৰযামি মম ৱিচাৰঞ্চ ন্যায্যঃ যতোহং স্ৱীযাভীষ্টং নেহিৎৱা মৎপ্ৰেৰযিতুঃ পিতুৰিষ্টম্ ঈহে|
31 ৩১ মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
৩১যদি স্ৱস্মিন্ স্ৱযং সাক্ষ্যং দদামি তৰ্হি তৎসাক্ষ্যম্ আগ্ৰাহ্যং ভৱতি;
32 ৩২ আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
৩২কিন্তু মদৰ্থেঽপৰো জনঃ সাক্ষ্যং দদাতি মদৰ্থে তস্য যৎ সাক্ষ্যং তৎ সত্যম্ এতদপ্যহং জানামি|
33 ৩৩ আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
৩৩যুষ্মাভি ৰ্যোহনং প্ৰতি লোকেষু প্ৰেৰিতেষু স সত্যকথাযাং সাক্ষ্যমদদাৎ|
34 ৩৪ অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
৩৪মানুষাদহং সাক্ষ্যং নোপেক্ষে তথাপি যূযং যথা পৰিত্ৰযধ্ৱে তদৰ্থম্ ইদং ৱাক্যং ৱদামি|
35 ৩৫ সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
৩৫যোহন্ দেদীপ্যমানো দীপ ইৱ তেজস্ৱী স্থিতৱান্ যূযম্ অল্পকালং তস্য দীপ্ত্যানন্দিতুং সমমন্যধ্ৱং|
36 ৩৬ কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
৩৬কিন্তু তৎপ্ৰমাণাদপি মম গুৰুতৰং প্ৰমাণং ৱিদ্যতে পিতা মাং প্ৰেষ্য যদ্যৎ কৰ্ম্ম সমাপযিতুং শক্ত্তিমদদাৎ মযা কৃতং তত্তৎ কৰ্ম্ম মদৰ্থে প্ৰমাণং দদাতি|
37 ৩৭ সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
৩৭যঃ পিতা মাং প্ৰেৰিতৱান্ মোপি মদৰ্থে প্ৰমাণং দদাতি| তস্য ৱাক্যং যুষ্মাভিঃ কদাপি ন শ্ৰুতং তস্য ৰূপঞ্চ ন দৃষ্টং
38 ৩৮ তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
৩৮তস্য ৱাক্যঞ্চ যুষ্মাকম্ অন্তঃ কদাপি স্থানং নাপ্নোতি যতঃ স যং প্ৰেষিতৱান্ যূযং তস্মিন্ ন ৱিশ্ৱসিথ|
39 ৩৯ আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে; (aiōnios )
৩৯ধৰ্ম্মপুস্তকানি যূযম্ আলোচযধ্ৱং তৈ ৰ্ৱাক্যৈৰনন্তাযুঃ প্ৰাপ্স্যাম ইতি যূযং বুধ্যধ্ৱে তদ্ধৰ্ম্মপুস্তকানি মদৰ্থে প্ৰমাণং দদতি| (aiōnios )
40 ৪০ তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
৪০তথাপি যূযং পৰমাযুঃপ্ৰাপ্তযে মম সংনিধিম্ ন জিগমিষথ|
41 ৪১ মই মানুহৰ প্রশংসাপাবলৈ চেষ্টা নকৰোঁ;
৪১অহং মানুষেভ্যঃ সৎকাৰং ন গৃহ্লামি|
42 ৪২ কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
৪২অহং যুষ্মান্ জানামি; যুষ্মাকমন্তৰ ঈশ্ৱৰপ্ৰেম নাস্তি|
43 ৪৩ মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
৪৩অহং নিজপিতু ৰ্নাম্নাগতোস্মি তথাপি মাং ন গৃহ্লীথ কিন্তু কশ্চিদ্ যদি স্ৱনাম্না সমাগমিষ্যতি তৰ্হি তং গ্ৰহীষ্যথ|
44 ৪৪ আপোনালোকে এজনে আন জনৰ পৰা প্রশংসাগ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
৪৪যূযম্ ঈশ্ৱৰাৎ সৎকাৰং ন চিষ্টৎৱা কেৱলং পৰস্পৰং সৎকাৰম্ চেদ্ আদধ্ৱ্ৱে তৰ্হি কথং ৱিশ্ৱসিতুং শক্নুথ?
45 ৪৫ নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।
৪৫পুতুঃ সমীপেঽহং যুষ্মান্ অপৱদিষ্যামীতি মা চিন্তযত যস্মিন্, যস্মিন্ যুষ্মাকং ৱিশ্ৱসঃ সএৱ মূসা যুষ্মান্ অপৱদতি|
46 ৪৬ আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেনেহলে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
৪৬যদি যূযং তস্মিন্ ৱ্যশ্ৱসিষ্যত তৰ্হি ময্যপি ৱ্যশ্ৱসিষ্যত, যৎ স মযি লিখিতৱান্|
47 ৪৭ কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেনেহলে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?”
৪৭ততো যদি তেন লিখিতৱানি ন প্ৰতিথ তৰ্হি মম ৱাক্যানি কথং প্ৰত্যেষ্যথ?