< যোহন 4 >
1 ১ যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,
2 ২ যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
3 ৩ তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।
yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
4 ৪ গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
tataḥ śomiroṇapradeśasya madyena tena gantavye sati
5 ৫ তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6 ৬ সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
7 ৭ এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক ক’লে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
8 ৮ সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
9 ৯ সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।
yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
10 ১০ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|
11 ১১ সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?
12 ১২ আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
yosmabhyam imamandhūṁ dadau, yasya ca parijanā gomeṣādayaśca sarvve'sya praheḥ pānīyaṁ papuretādṛśo yosmākaṁ pūrvvapuruṣo yākūb tasmādapi bhavān mahān kiṁ?
13 ১৩ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
tato yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastṛṣārtto bhaviṣyati,
14 ১৪ কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।” (aiōn , aiōnios )
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn , aiōnios )
15 ১৫ সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|
16 ১৬ যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|
17 ১৭ সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavocaḥ|
18 ১৮ কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
yatastava pañca patayobhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
19 ১৯ সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|
20 ২০ আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
asmākaṁ pitṛlokā etasmin śiloccaye'bhajanta, kintu bhavadbhirucyate yirūśālam nagare bhajanayogyaṁ sthānamāste|
21 ২১ যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|
22 ২২ তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|
23 ২৩ কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate; yata etādṛśo bhatkān pitā ceṣṭate|
24 ২৪ ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
īśvara ātmā; tatastasya ye bhaktāstaiḥ sa ātmanā satyarūpeṇa ca bhajanīyaḥ|
25 ২৫ সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
26 ২৬ যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|
27 ২৭ তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
etasmin samaye śiṣyā āgatya tathā striyā sārddhaṁ tasya kathopakathane mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham etayā sārddhaṁ kathāṁ kathayati? iti kopi nāpṛcchat|
28 ২৮ সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lokebhyokathāyad
29 ২৯ “আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati?
30 ৩০ তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
tataste nagarād bahirāgatya tātasya samīpam āyan|
31 ৩১ ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|
32 ৩২ কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
tataḥ sovadad yuṣmābhiryanna jñāyate tādṛśaṁ bhakṣyaṁ mamāste|
33 ৩৩ শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kopi kimapi bhakṣyamānīya dattavān?
34 ৩৪ যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35 ৩৫ তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
māsacatuṣṭaye jāte śasyakarttanasamayo bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nodyate? kintvahaṁ vadāmi, śira uttolya kṣetrāṇi prati nirīkṣya paśyata, idānīṁ karttanayogyāni śuklavarṇānyabhavan|
36 ৩৬ যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে। (aiōnios )
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios )
37 ৩৭ ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
itthaṁ sati vapatyekaśchinatyanya iti vacanaṁ siddhyati|
38 ৩৮ মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
yatra yūyaṁ na paryyaśrāmyata tādṛśaṁ śasyaṁ chettuṁ yuṣmān prairayam anye janāḥparyyaśrāmyan yūyaṁ teṣāṁ śragasya phalam alabhadhvam|
39 ৩৯ যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|
40 ৪০ লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat
41 ৪১ তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
tatastasyopadeśena bahavo'pare viśvasya
42 ৪২ তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|
43 ৪৩ দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
svadeśe bhaviṣyadvaktuḥ satkāro nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
44 ৪৪ কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
45 ৪৫ তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
anantaraṁ ye gālīlī liyalokā utsave gatā utsavasamaye yirūśalam nagare tasya sarvvāḥ kriyā apaśyan te gālīlam āgataṁ tam āgṛhlan|
46 ৪৬ পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
tataḥ param yīśu ryasmin kānnānagare jalaṁ drākṣārasam ākarot tat sthānaṁ punaragāt| tasminneva samaye kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rogagrasta āsīt|
47 ৪৭ তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
sa yehūdīyadeśād yīśo rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhṛtavān mama putrasya prāyeṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karotu|
48 ৪৮ যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|
49 ৪৯ সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|
50 ৫০ যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
yīśustamavadad gaccha tava putro'jīvīt tadā yīśunoktavākye sa viśvasya gatavān|
51 ৫১ তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
gamanakāle mārgamadhye dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putro'jīvīt|
52 ৫২ তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
tataḥ kaṁ kālamārabhya rogapratīkārārambho jātā iti pṛṣṭe tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāme tasya jvaratyāgo'bhavat|
53 ৫৩ ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
tadā yīśustasmin kṣaṇe proktavān tava putro'jīvīt pitā tadbuddhvā saparivāro vyaśvasīt|
54 ৫৪ যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।
yihūdīyadeśād āgatya gālīli yīśuretad dvitīyam āścaryyakarmmākarot|