< যোহন 20 >
1 ১ সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে।
В първия ден на седмицата Мария Магдалина дохожда на гроба сутринта, като беше още тъмно, и вижда, че камъкът е дигнат от гроба.
2 ২ তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক’ত থলে, সেই বিষয়ে আমি নাজানো।
Затова се затича и дохожда при Симона Петра и при другия ученик, когото обичаше Исус, и им казва: Дигнали Господа от гроба, и не знаем где са Го положили.
3 ৩ তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল।
И тъй, Петър и другият ученик излязоха и отиваха на гроба;
4 ৪ তেওঁলোক দুয়ো একেলগে দৌৰি গ’ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ প্ৰথমে মৈদামৰ ওচৰ পালে;
И двамата тичаха заедно, но другият ученик надвари Петра и стигна пръв на гроба.
5 ৫ আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল।
И като надникна, видя плащаниците сложени, но не влезе вътре.
6 ৬ তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,
След него дойде Симон Петър и влезе в гроба; видя плащаниците сложени,
7 ৭ কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে।
и кърпата, която беше на главата Му, не сложена с плащаниците, а свита на отделно място.
8 ৮ ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
Тогава влезе другият ученик, който пръв стигна на гроба; и видя и повярва.
9 ৯ কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল।
Защото още не бяха разбрали писанието, че Той трябваше да възкръсне от мъртвите.
10 ১০ তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল।
И тъй, учениците се върнаха пак у тях си.
11 ১১ কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,
А Мария стоеше до гроба отвън и плачеше; и така, като плачеше надникна в гроба,
12 ১২ যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।
и вижда два ангела в бели дрехи седнали там гдето бе лежало Исусовото тяло, един откъм главата, и един откъм нозете.
13 ১৩ তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।”
И те - казват: Жено, защо плачеш? Казва им: Защото дигнали Господа мой, и не знам где са Го положили.
14 ১৪ এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
Като рече това, тя се обърна назад и видя Исуса, че стои, но не позна, че беше Исус.
15 ১৫ তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।”
Казва - Исус: Жено защо плачеш? кого търсиш? Тя, като мислеше, че е градинарят, казва Му: Господине, ако ти си го изнесъл, кажи ми где си Го положил, и аз ще Го дигна.
16 ১৬ যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’
Казва - Исус: Марийо! Тя се обърна и Му рече на еврейски: Равуни! което значи, Учителю!
17 ১৭ যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
Казва - Исус: Не се допирай до Мене, защото още не съм се възнесъл при Отца; но иди при братята Ми и кажи им: Възнасям се при Моя Отец и вашия Отец, при Моя Бог и вашия Бог.
18 ১৮ তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।
Мария Магдалина дохожда и известява на учениците, че видяла Господа, и че Той - казал това.
19 ১৯ সেইদিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে “তোমালোকৰ শান্তি হওক”।
А вечерта на същия ден, първия на седмицата, когато вратата на стаята, гдето бяха учениците, беше заключена поради страха от юдеите, Исус дойде, застана посред, и каза им: Мир вам!
20 ২০ এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।
И като рече това, показа им ръцете и ребрата Си. И зарадваха се учениците като видяха Господа.
21 ২১ এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”।
И Исус пак им рече: Мир вам! Както Отец изпрати Мене, така и Аз изпращам вас.
22 ২২ এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা।
И като рече това, духна върху тях и им каза: Приемете Светия Дух.
23 ২৩ তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷”
На които простите греховете, простени им са, на които задържите задържани са.
24 ২৪ থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল।
А Тома, един от дванадесетте наречен Близнак, не беше с тях, когато дохожда Исус.
25 ২৫ এতেকে আন শিষ্য সকলে তেওঁক ক’লে, “আমি প্ৰভুক দেখিলোঁ”। কিন্তু তেওঁ তেওঁলোকক ক’লে, “তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, অাৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।”
Затова другите ученици му казаха: Видяхме Господа. А той им рече: Ако не видя на ръцете Му раните от гвоздеите, и не туря ръката си в ребрата Му, няма да повярвам.
26 ২৬ আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক”।
И подир осем дни учениците Му пак бяха вътре, и Тома с тях. А Исус дохожда, като беше заключена вратата, застана насред, и рече: Мир вам!
27 ২৭ তেতিয়া তেওঁ থোমাক ক’লে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।”
Тогава каза на Тома: Дай си пръста тука и виж ръцете Ми, и дай ръката си и тури я в ребрата Ми; и не бъди невярващ, а вярващ.
28 ২৮ থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
Тома в отговор Му рече: Господ мой и Бог мой!
29 ২৯ যীচুৱে তেওঁক ক’লে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য।”
Исус му казва: Понеже Ме видя, [Томо], ти повярва, блажени ония, които, без да видят, са повярвали.
30 ৩০ যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক আচৰিত চিন দেখুৱাইছিল, যিবোৰ এই পুস্তকত লিখা নাই৷
А Исус извърши пред учениците още много други знамения, които не са вписани в тая книга.
31 ৩১ কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।
А тия са написани за да повярвате, че Исус е Христос, Божият Син, и, като вярвате, да имате живот в Неговото име.