< যোহন 2 >
1 ১ তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
ಅನನ್ತರಂ ತ್ರುತೀಯದಿವಸೇ ಗಾಲೀಲ್ ಪ್ರದೇಶಿಯೇ ಕಾನ್ನಾನಾಮ್ನಿ ನಗರೇ ವಿವಾಹ ಆಸೀತ್ ತತ್ರ ಚ ಯೀಶೋರ್ಮಾತಾ ತಿಷ್ಠತ್|
2 ২ সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
ತಸ್ಮೈ ವಿವಾಹಾಯ ಯೀಶುಸ್ತಸ್ಯ ಶಿಷ್ಯಾಶ್ಚ ನಿಮನ್ತ್ರಿತಾ ಆಸನ್|
3 ৩ পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
ತದನನ್ತರಂ ದ್ರಾಕ್ಷಾರಸಸ್ಯ ನ್ಯೂನತ್ವಾದ್ ಯೀಶೋರ್ಮಾತಾ ತಮವದತ್ ಏತೇಷಾಂ ದ್ರಾಕ್ಷಾರಸೋ ನಾಸ್ತಿ|
4 ৪ যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
ತದಾ ಸ ತಾಮವೋಚತ್ ಹೇ ನಾರಿ ಮಯಾ ಸಹ ತವ ಕಿಂ ಕಾರ್ಯ್ಯಂ? ಮಮ ಸಮಯ ಇದಾನೀಂ ನೋಪತಿಷ್ಠತಿ|
5 ৫ তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
ತತಸ್ತಸ್ಯ ಮಾತಾ ದಾಸಾನವೋಚದ್ ಅಯಂ ಯದ್ ವದತಿ ತದೇವ ಕುರುತ|
6 ৬ সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
ತಸ್ಮಿನ್ ಸ್ಥಾನೇ ಯಿಹೂದೀಯಾನಾಂ ಶುಚಿತ್ವಕರಣವ್ಯವಹಾರಾನುಸಾರೇಣಾಢಕೈಕಜಲಧರಾಣಿ ಪಾಷಾಣಮಯಾನಿ ಷಡ್ವೃಹತ್ಪಾತ್ರಾಣಿಆಸನ್|
7 ৭ যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে।
ತದಾ ಯೀಶುಸ್ತಾನ್ ಸರ್ವ್ವಕಲಶಾನ್ ಜಲೈಃ ಪೂರಯಿತುಂ ತಾನಾಜ್ಞಾಪಯತ್, ತತಸ್ತೇ ಸರ್ವ್ವಾನ್ ಕುಮ್ಭಾನಾಕರ್ಣಂ ಜಲೈಃ ಪರ್ಯ್ಯಪೂರಯನ್|
8 ৮ তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে।
ಅಥ ತೇಭ್ಯಃ ಕಿಞ್ಚಿದುತ್ತಾರ್ಯ್ಯ ಭೋಜ್ಯಾಧಿಪಾತೇಃಸಮೀಪಂ ನೇತುಂ ಸ ತಾನಾದಿಶತ್, ತೇ ತದನಯನ್|
9 ৯ ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে,
ಅಪರಞ್ಚ ತಜ್ಜಲಂ ಕಥಂ ದ್ರಾಕ್ಷಾರಸೋಽಭವತ್ ತಜ್ಜಲವಾಹಕಾದಾಸಾ ಜ್ಞಾತುಂ ಶಕ್ತಾಃ ಕಿನ್ತು ತದ್ಭೋಜ್ಯಾಧಿಪೋ ಜ್ಞಾತುಂ ನಾಶಕ್ನೋತ್ ತದವಲಿಹ್ಯ ವರಂ ಸಂಮ್ಬೋದ್ಯಾವದತ,
10 ১০ “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
ಲೋಕಾಃ ಪ್ರಥಮಂ ಉತ್ತಮದ್ರಾಕ್ಷಾರಸಂ ದದತಿ ತಷು ಯಥೇಷ್ಟಂ ಪಿತವತ್ಸು ತಸ್ಮಾ ಕಿಞ್ಚಿದನುತ್ತಮಞ್ಚ ದದತಿ ಕಿನ್ತು ತ್ವಮಿದಾನೀಂ ಯಾವತ್ ಉತ್ತಮದ್ರಾಕ್ಷಾರಸಂ ಸ್ಥಾಪಯಸಿ|
11 ১১ গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
ಇತ್ಥಂ ಯೀಶುರ್ಗಾಲೀಲಪ್ರದೇಶೇ ಆಶ್ಚರ್ಯ್ಯಕಾರ್ಮ್ಮ ಪ್ರಾರಮ್ಭ ನಿಜಮಹಿಮಾನಂ ಪ್ರಾಕಾಶಯತ್ ತತಃ ಶಿಷ್ಯಾಸ್ತಸ್ಮಿನ್ ವ್ಯಶ್ವಸನ್|
12 ১২ তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
ತತಃ ಪರಮ್ ಸ ನಿಜಮಾತ್ರುಭ್ರಾತ್ರುಸ್ಶಿಷ್ಯೈಃ ಸಾರ್ದ್ಧ್ಂ ಕಫರ್ನಾಹೂಮಮ್ ಆಗಮತ್ ಕಿನ್ತು ತತ್ರ ಬಹೂದಿನಾನಿ ಆತಿಷ್ಠತ್|
13 ১৩ ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
ತದನನ್ತರಂ ಯಿಹೂದಿಯಾನಾಂ ನಿಸ್ತಾರೋತ್ಸವೇ ನಿಕಟಮಾಗತೇ ಯೀಶು ರ್ಯಿರೂಶಾಲಮ್ ನಗರಮ್ ಆಗಚ್ಛತ್|
14 ১৪ তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
ತತೋ ಮನ್ದಿರಸ್ಯ ಮಧ್ಯೇ ಗೋಮೇಷಪಾರಾವತವಿಕ್ರಯಿಣೋ ವಾಣಿಜಕ್ಷ್ಚೋಪವಿಷ್ಟಾನ್ ವಿಲೋಕ್ಯ
15 ১৫ তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
ರಜ್ಜುಭಿಃ ಕಶಾಂ ನಿರ್ಮ್ಮಾಯ ಸರ್ವ್ವಗೋಮೇಷಾದಿಭಿಃ ಸಾರ್ದ್ಧಂ ತಾನ್ ಮನ್ದಿರಾದ್ ದೂರೀಕೃತವಾನ್|
16 ১৬ যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
ವಣಿಜಾಂ ಮುದ್ರಾದಿ ವಿಕೀರ್ಯ್ಯ ಆಸನಾನಿ ನ್ಯೂಬ್ಜೀಕೃತ್ಯ ಪಾರಾವತವಿಕ್ರಯಿಭ್ಯೋಽಕಥಯದ್ ಅಸ್ಮಾತ್ ಸ್ಥಾನಾತ್ ಸರ್ವಾಣ್ಯೇತಾನಿ ನಯತ, ಮಮ ಪಿತುಗೃಹಂ ವಾಣಿಜ್ಯಗೃಹಂ ಮಾ ಕಾರ್ಷ್ಟ|
17 ১৭ ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
ತಸ್ಮಾತ್ ತನ್ಮನ್ದಿರಾರ್ಥ ಉದ್ಯೋಗೋ ಯಸ್ತು ಸ ಗ್ರಸತೀವ ಮಾಮ್| ಇಮಾಂ ಶಾಸ್ತ್ರೀಯಲಿಪಿಂ ಶಿಷ್ಯಾಃಸಮಸ್ಮರನ್|
18 ১৮ তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
ತತಃ ಪರಮ್ ಯಿಹೂದೀಯಲೋಕಾ ಯೀಷಿಮವದನ್ ತವಮಿದೃಶಕರ್ಮ್ಮಕರಣಾತ್ ಕಿಂ ಚಿಹ್ನಮಸ್ಮಾನ್ ದರ್ಶಯಸಿ?
19 ১৯ যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
ತತೋ ಯೀಶುಸ್ತಾನವೋಚದ್ ಯುಷ್ಮಾಭಿರೇ ತಸ್ಮಿನ್ ಮನ್ದಿರೇ ನಾಶಿತೇ ದಿನತ್ರಯಮಧ್ಯೇಽಹಂ ತದ್ ಉತ್ಥಾಪಯಿಷ್ಯಾಮಿ|
20 ২০ তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
ತದಾ ಯಿಹೂದಿಯಾ ವ್ಯಾಹಾರ್ಷುಃ, ಏತಸ್ಯ ಮನ್ದಿರಸ ನಿರ್ಮ್ಮಾಣೇನ ಷಟ್ಚತ್ವಾರಿಂಶದ್ ವತ್ಸರಾ ಗತಾಃ, ತ್ವಂ ಕಿಂ ದಿನತ್ರಯಮಧ್ಯೇ ತದ್ ಉತ್ಥಾಪಯಿಷ್ಯಸಿ?
21 ২১ কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
ಕಿನ್ತು ಸ ನಿಜದೇಹರೂಪಮನ್ದಿರೇ ಕಥಾಮಿಮಾಂ ಕಥಿತವಾನ್|
22 ২২ সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
ಸ ಯದೇತಾದೃಶಂ ಗದಿತವಾನ್ ತಚ್ಛಿಷ್ಯಾಃ ಶ್ಮಶಾನಾತ್ ತದೀಯೋತ್ಥಾನೇ ಸತಿ ಸ್ಮೃತ್ವಾ ಧರ್ಮ್ಮಗ್ರನ್ಥೇ ಯೀಶುನೋಕ್ತಕಥಾಯಾಂ ಚ ವ್ಯಶ್ವಸಿಷುಃ|
23 ২৩ নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
ಅನನ್ತರಂ ನಿಸ್ತಾರೋತ್ಸವಸ್ಯ ಭೋಜ್ಯಸಮಯೇ ಯಿರೂಶಾಲಮ್ ನಗರೇ ತತ್ಕ್ರುತಾಶ್ಚರ್ಯ್ಯಕರ್ಮ್ಮಾಣಿ ವಿಲೋಕ್ಯ ಬಹುಭಿಸ್ತಸ್ಯ ನಾಮನಿ ವಿಶ್ವಸಿತಂ|
24 ২৪ কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
ಕಿನ್ತು ಸ ತೇಷಾಂ ಕರೇಷು ಸ್ವಂ ನ ಸಮರ್ಪಯತ್, ಯತಃ ಸ ಸರ್ವ್ವಾನವೈತ್|
25 ২৫ মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।
ಸ ಮಾನವೇಷು ಕಸ್ಯಚಿತ್ ಪ್ರಮಾಣಂ ನಾಪೇಕ್ಷತ ಯತೋ ಮನುಜಾನಾಂ ಮಧ್ಯೇ ಯದ್ಯದಸ್ತಿ ತತ್ತತ್ ಸೋಜಾನಾತ್|