< যোহন 18 >
1 ১ যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
इन बातों के कहने के बाद मसीह येशु अपने शिष्यों के साथ किद्रोन घाटी पार कर एक बगीचे में गए.
2 ২ শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
यहूदाह, जो उनके साथ धोखा कर रहा था, उस स्थान को जानता था क्योंकि मसीह येशु वहां अक्सर अपने शिष्यों से भेंट किया करते थे.
3 ৩ তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
तब यहूदाह रोमी सैनिकों का दल, प्रधान पुरोहितों तथा फ़रीसियों के सेवकों के साथ वहां आ पहुंचा. उनके पास लालटेनें, मशालें और शस्त्र थे.
4 ৪ তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
मसीह येशु ने यह जानते हुए कि उनके साथ क्या-क्या होने पर है, आगे बढ़कर उनसे पूछा, “तुम किसे खोज रहे हो?”
5 ৫ তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
“नाज़रेथवासी येशु को,” उन्होंने उत्तर दिया. मसीह येशु ने कहा, “वह मैं ही हूं.” विश्वासघाती यहूदाह भी उनके साथ था.
6 ৬ যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।
जैसे ही मसीह येशु ने कहा “वह मैं ही हूं,” वे पीछे हटे और गिर पड़े.
7 ৭ তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”
मसीह येशु ने दोबारा पूछा, “तुम किसे खोज रहे हो?” वे बोले, “नाज़रेथवासी येशु को.”
8 ৮ যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
मसीह येशु ने कहा, “मैं तुमसे कह चुका हूं कि वह मैं ही हूं. इसलिये यदि तुम मुझे ही खोज रहे हो तो इन्हें जाने दो.”
9 ৯ তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
यह इसलिये कि स्वयं उनके द्वारा कहा गया-यह वचन पूरा हो “आपके द्वारा सौंपे हुओं में से मैंने किसी एक को भी न खोया.”
10 ১০ তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।
शिमओन पेतरॉस ने, जिनके पास तलवार थी, उसे म्यान से खींचकर महापुरोहित के एक सेवक पर वार कर दिया जिससे उसका दाहिना कान कट गया. (उस सेवक का नाम मालखॉस था.)
11 ১১ তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
यह देख मसीह येशु ने पेतरॉस को आज्ञा दी, “तलवार म्यान में रखो! क्या मैं वह प्याला न पिऊं जो पिता ने मुझे दिया है?”
12 ১২ তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
तब सैनिकों के दल, सेनापति और यहूदियों के अधिकारियों ने मसीह येशु को बंदी बना लिया.
13 ১৩ প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
पहले वे उन्हें हन्ना के पास ले गए, जो उस वर्ष के महापुरोहित कायाफ़स का ससुर था.
14 ১৪ এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
कायाफ़स ने ही यहूदी अगुओं को विचार दिया था कि राष्ट्र के हित में एक व्यक्ति का प्राण त्याग करना सही है.
15 ১৫ তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
शिमओन पेतरॉस और एक अन्य शिष्य मसीह येशु के पीछे-पीछे गए. यह शिष्य महापुरोहित की जान पहचान का था. इसलिये वह भी मसीह येशु के साथ महापुरोहित के घर के परिसर में चला गया
16 ১৬ কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
परंतु पेतरॉस द्वार पर बाहर ही खड़े रहे. तब वह शिष्य, जो महापुरोहित की जान पहचान का था, बाहर आया और द्वार पर नियुक्त दासी से कहकर पेतरॉस को भीतर ले गया.
17 ১৭ তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”
द्वार पर निधर्मी उस दासी ने पेतरॉस से पूछा, “कहीं तुम भी तो इस व्यक्ति के शिष्यों में से नहीं हो?” “नहीं, नहीं,” उन्होंने उत्तर दिया.
18 ১৮ সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
ठंड के कारण सेवकों और सैनिकों ने आग जला रखी थी और खड़े हुए आग ताप रहे थे. पेतरॉस भी उनके साथ खड़े हुए आग ताप रहे थे.
19 ১৯ তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
महापुरोहित ने मसीह येशु से उनके शिष्यों और उनके द्वारा दी जा रही शिक्षा के विषय में पूछताछ की.
20 ২০ যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
मसीह येशु ने उन्हें उत्तर दिया, “मैंने संसार से खुलकर बातें की हैं. मैंने हमेशा सभागृहों और मंदिर में शिक्षा दी है, जहां सभी यहूदी इकट्ठा होते हैं. गुप्त में मैंने कभी भी कुछ नहीं कहा.
21 ২১ আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
आप मुझसे प्रश्न क्यों कर रहे हैं? प्रश्न उनसे कीजिए जिन्होंने मेरे प्रवचन सुने हैं. वे जानते हैं कि मैंने क्या-क्या कहा है.”
22 ২২ যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
यह सुनते ही वहां खड़े एक अधिकारी ने मसीह येशु पर वार करते हुए कहा, “क्या महापुरोहित को उत्तर देने का यही ढंग है तुम्हारा?”
23 ২৩ যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
मसीह येशु ने कहा, “यदि मेरा कहना गलत है तो साबित करो मगर यदि मैंने जो कहा है वह सही है तो फिर तुम मुझे क्यों मार रहे हो?”
24 ২৪ তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
इसलिये मसीह येशु को, जो अभी भी बंधे हुए ही थे, हन्ना ने महापुरोहित कायाफ़स के पास भेज दिया.
25 ২৫ তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
इसी बीच लोगों ने शिमओन पेतरॉस से, जो वहां खड़े हुए आग ताप रहे थे, पूछा, “कहीं तुम भी तो इसके शिष्यों में से नहीं हो?” पेतरॉस ने नकारते हुए कहा, “मैं नहीं हूं.”
26 ২৬ মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
तब महापुरोहित के सेवकों में से एक ने, जो उस व्यक्ति का संबंधी था, जिसका कान पेतरॉस ने काट डाला था, उनसे पूछा, “क्या तुम वही नहीं, जिसे मैंने उसके साथ उपवन में देखा था?”
27 ২৭ তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
पेतरॉस ने फिर अस्वीकार किया और तत्काल मुर्ग ने बांग दी.
28 ২৮ ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
पौ फटते ही यहूदी अगुएं मसीह येशु को कायाफ़स के पास से राजमहल ले गए; किंतु उन्होंने स्वयं भवन में प्रवेश नहीं किया कि कहीं वे फ़सह भोज के पूर्व सांस्कारिक रूप से अशुद्ध न हो जाएं.
29 ২৯ এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
इसलिये पिलातॉस ने बाहर आकर उनसे प्रश्न किया, “क्या आरोप है तुम्हारा इस व्यक्ति पर?”
30 ৩০ তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
उन्होंने उत्तर दिया, “यदि यह व्यक्ति अपराधी न होता तो हम इसे आपके पास क्यों लाते?”
31 ৩১ তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
पिलातॉस ने उनसे कहा, “तो इसे ले जाओ और अपने ही नियम के अनुसार स्वयं इसका न्याय करो.” इस पर यहूदियों ने कहा, “किसी के प्राण लेना हमारे अधिकार में नहीं है.”
32 ৩২ কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
ऐसा इसलिये हुआ कि मसीह येशु के वे वचन पूरे हों, जिनके द्वारा उन्होंने संकेत दिया था कि उनकी मृत्यु किस प्रकार की होगी.
33 ৩৩ এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
इसलिये भवन में लौटकर पिलातॉस ने मसीह येशु को बुलवाया और प्रश्न किया, “क्या तुम यहूदियों के राजा हो?”
34 ৩৪ যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
इस पर मसीह येशु ने उससे प्रश्न किया, “यह आपका अपना विचार है या अन्य लोगों ने मेरे विषय में आपको ऐसा बताया है?”
35 ৩৫ পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
पिलातॉस ने उत्तर दिया, “क्या मैं यहूदी हूं? तुम्हारे अपने ही लोगों और प्रधान पुरोहितों ने तुम्हें मेरे हाथ सौंपा है. बताओ, ऐसा क्या किया है तुमने?”
36 ৩৬ যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
मसीह येशु ने उत्तर दिया, “मेरा राज्य इस संसार का नहीं है. यदि इस संसार का होता तो मेरे सेवक मुझे यहूदी अगुओं के हाथ सौंपे जाने के विरुद्ध लड़ते; किंतु सच्चाई तो यह है कि मेरा राज्य यहां का है ही नहीं.”
37 ৩৭ তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
इस पर पिलातॉस ने उनसे कहा, “तो तुम राजा हो?” मसीह येशु ने उत्तर दिया, “आप ठीक कहते हैं कि मैं राजा हूं. मेरा जन्म ही इसलिये हुआ है. संसार में मेरे आने का उद्देश्य यही है कि मैं सच की गवाही दूं. हर एक व्यक्ति, जो सच्चा है, मेरी सुनता है.”
38 ৩৮ পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
“क्या है सच?” पिलातॉस ने प्रश्न किया. तब पिलातॉस ने दोबारा बाहर जाकर यहूदियों को सूचित किया, “मुझे उसमें कोई दोष नहीं मिला
39 ৩৯ তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
किंतु तुम्हारी एक परंपरा है कि फ़सह के अवसर पर मैं तुम्हारे लिए किसी एक कैदी को रिहा करूं. इसलिये क्या तुम चाहते हो कि मैं तुम्हारे लिए यहूदियों का राजा रिहा कर दूं?”
40 ৪০ তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।
इस पर वे चिल्लाकर बोले, “इसे नहीं! बार-अब्बास को!” जबकि बार-अब्बास विद्रोही था.