< যোহন 17 >
1 ১ যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি ক’লে, “হে পিতৃ, এতিয়া সময় হৈছে; তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে;
Když Ježíš domluvil, pohlédl vzhůru k nebi a řekl: „Otče, přichází můj čas. Přiznej se ke mně a dovol, abych prokázal tvoji velikost.
2 ২ যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা। (aiōnios )
Svěřil jsi mi přece moc nade všemi, abych ty, které mi dáváš, uvedl do věčného života. (aiōnios )
3 ৩ এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে। (aiōnios )
Kdo chce věčně žít, musí poznat tebe jako jediného pravého Boha a mne jako toho, kterého jsi poslal. (aiōnios )
4 ৪ তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ
Vykonal jsem vše, co jsi mi uložil, a tím jsem dokázal, v čem je tvoje velikost.
5 ৫ এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।
Otče, navrať mi nyní moc a čest, kterou jsem měl u tebe dřív, než byl svět.
6 ৬ তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
Lidé tě nechápou, ale těm, které jsi mi dal, jsem objasnil, kdo vlastně jsi. Patří tobě a tys mi je svěřil.
7 ৭ এতিয়া তেওঁলোকে জানিছে, তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ কাষৰ পৰাই হৈছে৷
Dali na má slova a poznali, že pocházejí od tebe.
8 ৮ কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
Všechno, cos mi pro ně svěřil, jsem jim předal a oni uvěřili, že jsi mne poslal.
9 ৯ মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷
Nemodlím se teď za celý svět, ale za ty, které jsi mi už dal, neboť oni jsou tvoji.
10 ১০ মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ।
Vždyť všechno, co patří mně, je tvoje a všechno, co je tvé, je moje. Na nich bude patrná moje sláva.
11 ১১ মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে৷
Já odcházím k tobě, oni zůstávají. Otče svatý, vezmi si je teď na starost a sjednocuj je tak, jak jsme my zajedno.
12 ১২ মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।
Já jsem o ně pečoval, dokud jsem byl s nimi. Chránil jsem je, takže jsem nikoho neztratil – kromě Jidáše. Ale i jeho zrada musí posloužit tvým plánům.
13 ১৩ কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ; এই কাৰণে জগতত থাকোতেই এইবোৰ কথা কৈছোঁ। মোৰ আনন্দ যেন তেওঁলোকে সম্পূর্ণৰূপে পায়৷
Proč o té péči znovu mluvím? Odcházím k tobě, ale chci, aby si oni uchovali plnou radost.
14 ১৪ মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷
Svěřil jsem jim tvé slovo a svět se postavil proti nim, protože stejně jako já nesplynuli s proudem.
15 ১৫ তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।
Neprosím, abys je vzal ze světa, ale abys je chránil od zlého.
16 ১৬ তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।
Oni nepatří světu, jako ani já mu nepatřím.
17 ১৭ তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।
Strhni je svým slovem a přiveď je k dokonalosti svou pravdou.
18 ১৮ তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ।
Posílám je do světa právě tak, jako jsi ty poslal mne.
19 ১৯ তেওঁলোকৰ কাৰণে মই নিজকে পবিত্র কৰিছোঁ, যাতে তেওঁলোকো সত্য ৰূপে পবিত্ৰ হব পাৰে৷
Pokládám za ně svůj život, aby oni své životy zasvětili pravdě.
20 ২০ মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰোঁ, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰোঁ,
Nemodlím se jen za ně, ale také za ty, kteří přijmou jejich poselství a uvěří ve mne.
21 ২১ গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
Dávej jim tutéž jednotu, která spojuje nás, aby z jejich jednomyslného svědectví svět poznal, že jsi ty mne poslal. Jejich jednomyslnost ať je odleskem jednoty mezi mnou a tebou. Já působím v nich, jako ty působíš ve mně. To je sjednocuje a lidé poznají, že jsi mne poslal a že je miluješ tak jako mne.
22 ২২ আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰোঁ,
23 ২৩ তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
24 ২৪ হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷
Otče, dal jsi mi je a já chci, aby přišli tam, kam jdu já. Poznali mne v plné slávě, kterou jsi mi dal z lásky, dřív než byl svět.
25 ২৫ হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
Otče, vím, že jsi hoden vší důvěry, ale svět si to neuvědomuje. Tito však poznali, že jsi mne poslal.
26 ২৬ তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।
Objasnil jsem jim a ještě objasním, kdo jsi. Ať milují tak, jako miluješ ty mne. Pak se mezi nimi budou lidé setkávat se mnou.“