< যোহন 16 >
1 ১ “মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
“Bunları size, sendeleyip düşmeyesiniz diye söyledim.
2 ২ মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
Sizi havra dışı edecekler. Evet, öyle bir saat geliyor ki, sizi öldüren herkes Tanrı'ya hizmet ettiğini sanacak.
3 ৩ তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
Bunları, Baba'yı ve beni tanımadıkları için yapacaklar.
4 ৪ কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
Bunları size şimdiden bildiriyorum. Öyle ki, saati gelince bunları size söylediğimi hatırlayasınız. Başlangıçta bunları size söylemedim. Çünkü sizinle birlikteydim.”
5 ৫ কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
“Şimdiyse beni gönderenin yanına gidiyorum. Ne var ki, içinizden hiçbiri bana, ‘Nereye gidiyorsun?’ diye sormuyor.
6 ৬ কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
Ama bunları söylediğim için yüreğiniz kederle doldu.
7 ৭ তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
Size gerçeği söylüyorum, benim gidişim sizin yararınızadır. Gitmezsem, Yardımcı size gelmez. Ama gidersem, O'nu size gönderirim.
8 ৮ তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
O gelince günah, doğruluk ve gelecek yargı konusunda dünyayı suçlu olduğuna ikna edecektir:
9 ৯ তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
Günah konusunda, çünkü bana iman etmezler;
10 ১০ ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
doğruluk konusunda, çünkü Baba'ya gidiyorum, artık beni görmeyeceksiniz;
11 ১১ আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
yargı konusunda, çünkü bu dünyanın egemeni yargılanmış bulunuyor.
12 ১২ তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
“Size daha çok söyleyeceklerim var, ama şimdi bunlara dayanamazsınız.
13 ১৩ কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
Ne var ki O, yani Gerçeğin Ruhu gelince, sizi tüm gerçeğe yöneltecek. Çünkü kendiliğinden konuşmayacak, yalnız duyduklarını söyleyecek ve gelecekte olacakları size bildirecek.
14 ১৪ তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
O beni yüceltecek. Çünkü benim olandan alıp size bildirecek.
15 ১৫ পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
Baba'nın nesi varsa benimdir. ‘Benim olandan alıp size bildirecek’ dememin nedeni budur.
16 ১৬ কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
“Kısa süre sonra beni artık görmeyeceksiniz; yine kısa süre sonra beni göreceksiniz.”
17 ১৭ তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
Öğrencilerinden bazıları birbirlerine, “Ne demek istiyor?” diye sordular. “‘Kısa süre sonra beni görmeyeceksiniz; yine kısa süre sonra beni göreceksiniz’ diyor. Ayrıca, ‘Çünkü Baba'ya gidiyorum’ diyor.”
18 ১৮ এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
Onun için, “Bu ‘kısa süre’ dediği nedir? Söylediklerini anlamıyoruz” deyip durdular.
19 ১৯ যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
İsa kendisine soru sormak istediklerini anladı. Onlara dedi ki, “‘Kısa süre sonra beni görmeyeceksiniz; yine kısa süre sonra beni göreceksiniz’ dememi mi tartışıyorsunuz?
20 ২০ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
Size doğrusunu söyleyeyim, siz ağlayıp yas tutacaksınız, dünya ise sevinecektir. Kederleneceksiniz, ama kederiniz sevince dönüşecek.
21 ২১ প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
Kadın doğum yapacağı zaman ağrı çeker. Çünkü saati gelmiştir. Ama doğurunca, dünyaya bir çocuk getirmenin sevinciyle çektiği acıyı unutur.
22 ২২ ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
Bunun gibi, siz de şimdi kederleniyorsunuz, ama sizi yine göreceğim. O zaman yürekten sevineceksiniz. Sevincinizi kimse sizden alamaz.
23 ২৩ সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
O gün bana hiçbir şey sormayacaksınız. Size doğrusunu söyleyeyim, benim adımla Baba'dan ne dilerseniz, size verecektir.
24 ২৪ এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
Şimdiye dek benim adımla bir şey dilemediniz. Dileyin, alacaksınız. Öyle ki, sevinciniz tam olsun.
25 ২৫ এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
“Size bunları örneklerle anlattım. Öyle bir saat geliyor ki, artık örneklerle konuşmayacağım; Baba'yı size açıkça tanıtacağım.
26 ২৬ সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
O gün dileyeceğinizi benim adımla dileyeceksiniz. Sizin için Baba'dan istekte bulunacağımı söylemiyorum.
27 ২৭ কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
Çünkü beni sevdiğiniz ve Baba'dan çıkıp geldiğime iman ettiğiniz için Baba'nın kendisi sizi seviyor.
28 ২৮ মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
Ben Baba'dan çıkıp dünyaya geldim. Şimdi dünyayı bırakıp Baba'ya dönüyorum.”
29 ২৯ তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
Öğrencileri, “İşte, şimdi açıkça konuşuyorsun, hiç örnek kullanmıyorsun” dediler.
30 ৩০ এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
“Şimdi senin her şeyi bildiğini anlıyoruz. Kimsenin sana soru sormasına gerek yok. Tanrı'dan geldiğine bunun için iman ediyoruz.”
31 ৩১ যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
İsa onlara, “Şimdi iman ediyor musunuz?” diye karşılık verdi.
32 ৩২ চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
“İşte, hepinizin evlerinize gitmek üzere dağılacağınız ve beni yalnız bırakacağınız saat geliyor, geldi bile. Ama ben yalnız değilim, Baba benimle birliktedir.
33 ৩৩ এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Bunları size, bende esenliğiniz olsun diye söyledim. Dünyada sıkıntınız olacak. Ama cesur olun, ben dünyayı yendim!”