< যোহন 14 >
1 ১ “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
Niechaj się nie trwoży serce wasze; wierzycie w Boga i w mię wierzycie.
2 ২ মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
W domu Ojca mego wiele jest mieszkania; a jeźli nie, wżdybymci wam powiedział.
3 ৩ যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
Idę, abym wam zgotował miejsce; a gdy odejdę i zgotuję wam miejsce, przyjdę zasię i wezmę was do siebie, żebyście, gdziem ja jest, i wy byli.
4 ৪ মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”
A dokąd ja idę, wiecie, i drogę wiecie.
5 ৫ থোমাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”
Rzekł mu Tomasz: Panie! nie wiemy, dokąd idziesz, a jakoż możemy drogę wiedzieć?
6 ৬ যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
Rzekł mu Jezus: Jamci jest ta droga, i prawda, i żywot; żaden nie przychodzi do Ojca, tylko przez mię.
7 ৭ তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
Gdybyście mię znali, i Ojca byście też mego znali; i już go teraz znacie i widzieliście go.
8 ৮ ফিলিপে যীচুক ক’লে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হ’ব”।
Rzekł mu Filip: Panie! ukaż nam Ojca, a dosyć nam na tem.
9 ৯ যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
Rzekł mu Jezus: Przez tak długi czas jestem z wami, a nie poznałeś mię? Filipie! kto mnie widzi, widzi i Ojca mego; jakoż ty mówisz: Ukaż nam Ojca?
10 ১০ “মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
Nie wierzysz, iżem ja w Ojcu, a Ojciec we mnie? Słowa, które ja do was mówię, nie od samego siebie mówię, lecz Ojciec, który we mnie mieszka, on czyni sprawy.
11 ১১ মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
Wierzcie mi, żem ja w Ojcu, a Ojciec we mnie; wżdy przynajmniej dla samych spraw wierzcie mi.
12 ১২ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
Zaprawdę, zaprawdę powiadam wam: Kto wierzy w mię, sprawy które Ja czynię, i on czynić będzie, i większe nad te czynić będzie; bo ja odchodzę do Ojca mego.
13 ১৩ তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
A o cokolwiek prosić będziecie w imieniu mojem, to uczynię, aby był uwielbiony Ojciec w Synu.
14 ১৪ তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
Jeźli o co będziecie prosić w imieniu mojem, ja uczynię.
15 ১৫ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
Jeźli mię miłujecie, przykazania moje zachowajcie.
16 ১৬ আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ (aiōn )
A ja prosić będę Ojca, a innego pocieszyciela da wam, aby z wami mieszkał na wieki, (aiōn )
17 ১৭ সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
Onego Ducha prawdy, którego świat przyjąć nie może; bo go nie widzi, ani go zna; lecz wy go znacie, gdyż u was mieszka i w was będzie.
18 ১৮ মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
Nie zostawię was sierotami, przyjdę do was.
19 ১৯ অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
Jeszcze maluczko, a świat mię już więcej nie ogląda; lecz wy mię oglądacie; bo ja żyję, i wy żyć będziecie.
20 ২০ সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ।
W on dzień wy poznacie, żem ja jest w Ojcu moim, a wy we mnie, i ja w was.
21 ২১ যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
Kto ma przykazania moje i zachowuje je, ten jest, który mię miłuje; a kto mię miłuje, będzie go też miłował Ojciec mój; i ja go miłować będę, i objawię mu siebie samego.
22 ২২ তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”
Powiedział mu Judasz, nie on Iszkaryjot: Panie! cóż jest, że się nam objawić masz, a nie światu?
23 ২৩ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
Odpowiedział Jezus, i rzekł mu: Jeźli mię kto miłuje, słowo moje zachowywać będzie; i Ojciec mój umiłuje go, i do niego przyjdziemy, a mieszkanie u niego uczynimy.
24 ২৪ যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
Kto mię nie miłuje, słów moich nie zachowywuje; a słowo, które słyszycie, nie jest moje, ale onego, który mię posłał, Ojca.
25 ২৫ মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো;
Tomci wam powiedział, u was mieszkając.
26 ২৬ কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
Lecz pocieszyciel on, Duch Święty, którego pośle Ojciec w imieniu mojem, onci was nauczy wszystkiego, i przypomni wam wszystko, comkolwiek wam powiedział.
27 ২৭ মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
Pokój zostawuję wam, pokój on mój daję wam; nie jako daje świat, ja wam daję; niechże się nie trwoży serce wasze, ani się lęka.
28 ২৮ মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
Słyszeliście, żem ja wam powiedział: Odchodzę, i zaś przyjdę do was. Gdybyście mię miłowali, wżdybyście się radowali, żem rzekł: Idę do Ojca; bo Ojciec mój większy jest niż ja.
29 ২৯ এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
I terazem wam powiedział, przedtem niż się to stanie, żebyście gdy się to stanie, uwierzyli.
30 ৩০ তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
Już dalej z wami wiele mówić nie będę; albowiem idzie książę świata tego, a we mnie nic nie ma;
31 ৩১ কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”
Ale iżby poznał świat, że miłuję Ojca, a jako mi rozkazał Ojciec, tak czynię. Wstańcież, pójdźmy stąd.