< যোহন 13 >
1 ১ ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
Zvino mutambo wepasika usati wasvika, Jesu woziva kuti awa rake rasvika kuti abve munyika ino, aende kuna Baba, ada vake vari munyika, wakavada kusvikira pamagumo.
2 ২ তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
Zvino chirairo chakati chaitika, dhiabhorosi atoisa mumoyo maJudhasi Isikariyoti, waSimoni, kuti amutengese,
3 ৩ যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
Jesu achiziva kuti Baba vakapa zvinhu zvese mumaoko, uye kuti wakabva kuna Mwari uye anoenda kuna Mwari,
4 ৪ তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
akasimuka kubva pachirairo, akabvisa nguvo, akatora mucheka akazvimonera.
5 ৫ তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
Shure kwaizvozvi wakadira mvura mundiro, ndokutanga kushambidza tsoka dzevadzidzi, nekupusika nemucheka waakange akamonerwa nawo.
6 ৬ তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
Naizvozvo wakasvika kuna Simoni Petro; iye ndokuti kwaari: Ishe, imwi moshambidza tsoka dzangu here?
7 ৭ যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”
Jesu akapindura ndokuti kwaari: Chandinoita ini, iwe hauzivi ikozvino; asi uchaziva shure kweizvi.
8 ৮ পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।” (aiōn )
Petro akati kwaari: Hamungatongoshambidzi tsoka dzangu nekusingaperi. Jesu akamupindura akati: Kana ndisingakushambidzi, hauna mugove neni. (aiōn )
9 ৯ তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
Simoni Petro akati kwaari: Ishe, kwete tsoka dzangu dzega, asi maokowo nemusoro.
10 ১০ যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
Jesu akati kwaari: Wakashambidzwa haashaiwi chinhu kunze kwekushamba tsoka, asi wakachena chose; uye imwi makachena asi kwete mese.
11 ১১ কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ ক’লে, “তোমালোক সকলো নিৰ্মল নহয়।”
Nokuti wakange achiziva uyo waizomutengesa; nekuda kwaizvozvi wakati: Hamuna kuchena mese.
12 ১২ যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?
Naizvozvo ashambidza tsoka dzavo, wakatora nguvo dzake, agarazve pakudya, akati kwavari: Munoziva zvandaita kwamuri here?
13 ১৩ তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।
Imwi munondidaidza kuti Mudzidzisi, uye Ishe; uye munoreva zvakanaka, nokuti ndini iye.
14 ১৪ এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
Zvino kana ini, Ishe neMudzidzisi, ndashambidza tsoka dzenyu, imwiwo munofanira kushambidzana tsoka dzenyu.
15 ১৫ কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
Nokuti ndakupai muenzaniso, kuti nemwi muite ini sezvandaita kwamuri.
16 ১৬ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।
Zvirokwazvo, zvirokwazvo, ndinoti kwamuri: Muranda haasi mukuru kuna ishe wake, uye wakatumwa haasi mukuru kune wakamutuma.
17 ১৭ তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।
Kana muchiziva zvinhu izvi, makaropafadzwa kana muchizviita.
18 ১৮ তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’
Handitauri maererano nemwi mese; ini ndinoziva vandakasarudza; asi kuti rugwaro ruzadziswe, rwunoti: Anodya chingwa neni wakandisimudzira chitsitsinho chake.
19 ১৯ এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
Kubva ikozvino ndinokuudzai zvisati zvaitika, kuti, kana zvichiitika, mugotenda kuti ndini.
20 ২০ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
Zvirokwazvo, zvirokwazvo, ndinoti kwamuri: Anogamuchira ani nani wandinotuma, anogamuchira ini; neanogamuchira ini, anogamuchira wakandituma.
21 ২১ এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷”
Jesu wakati areva izvi akatambudzika mumweya, akapupura akati: Zvirokwazvo, zvirokwazvo, ndinoti kwamuri: Umwe wenyu achanditengesa.
22 ২২ শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা ক’লে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।
Naizvozvo vadzidzi vakatarirana, vasina chokwadi kuti wataura pamusoro paani.
23 ২৩ যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷
Zvino kwakange kugere pakudya pachifuva chaJesu umwe wevadzidzi vake, Jesu waaida;
24 ২৪ তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?
naizvozvo Simoni Petro akamuninira, kubvunza kuti ndiani waanotaura pamusoro pake.
25 ২৫ তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”
Iyewo achizendamira pachifuva chaJesu, akati kwaari: Ishe, ndiani?
26 ২৬ যীচুৱে উত্তৰ দিলে, “মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন।” তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।
Jesu akapindura akati: Ndiye ini wandichapa chimedu kana ndaseva. Zvino aseva chimedu, akapa Judhasi Isikariyoti waSimoni.
27 ২৭ সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা।”
Zvino shure kwechimedu, ipapo Satani akapinda maari. Jesu ndokuti kwaari: Zvaunoita, ita uchikurumidza.
28 ২৮ কিন্তু তেওঁ কিয় এই কথা ক’লে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷
Asi hakuna kune vakange vagere pakudya wakaziva kuti wakareverei izvi kwaari.
29 ২৯ কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে, ।
Nokuti vamwe vakafunga kuti, sezvo Judhasi aiva nechikwama, Jesu wakati kwaari: Tenga zvatinoda pamutambo; kana kuti ape varombo chimwe chinhu.
30 ৩০ তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।
Naizvozvo iye akati agamuchira chimedu, akabuda pakarepo; zvino hwakange huri usiku.
31 ৩১ যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গ’ল, যীচুৱে ক’লে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷
Naizvozvo wakati abuda, Jesu akati: Ikozvino Mwanakomana wemunhu wakudzwa, naMwari wakudzwa maari.
32 ৩২ ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ’ল, তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব।”
Kana Mwari akudzwa maari, Mwari achamukudzawo maari pachake, zvino achamukudza pakarepo.
33 ৩৩ মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছোঁ। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।
Vana vadiki, ndichinemwi chinguva chidiki. Muchanditsvaka, asi sezvandakareva kuVaJudha, kuti: Ini kwandinoenda, imwi hamugoni kuuyako, ndinorevawo kwamuri ikozvino.
34 ৩৪ মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
Murairo mutsva ndinopa kwamuri, kuti mudanane; sezvandakakudai, kuti imwi mudananewo.
35 ৩৫ তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”
Pane izvi vese vachaziva kuti muri vadzidzi vangu, kana mune rudo umwe kune umwe.
36 ৩৬ চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি ক’লৈ যায়?” যীচুৱে উত্তৰ দি ক’লে, “মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”
Simoni Petro akati kwaari: Ishe, munoenda kupi? Jesu akamupindura, akati: Kwandinoenda, haungagoni kunditevera ikozvino; asi uchanditevera pashure.
37 ৩৭ পিতৰে তেওঁক ক’লে, “হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।”
Petro akati kwaari: Ishe, handigoni kukuteverai ikozvino nei? Ndichakuradzikirai upenyu hwangu pasi.
38 ৩৮ যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”
Jesu akamupindura, akati: Ucharadzikira upenyu hwako pasi ini here? Zvirokwazvo, zvirokwazvo, ndinoti kwauri: Jongwe haringatongoriri kusvikira wandiramba katatu.