< যোহন 11 >
1 ১ বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
Bijaše pak jedan bolesnik, Lazar iz Vitanije iz sela Marije i Marte sestre njezine.
2 ২ এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
A Marija, koje brat Lazar bolovaše, bješe ona što pomaza Gospoda mirom i otr noge njegove svojom kosom.)
3 ৩ সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
Onda poslaše sestre k njemu govoreæi: Gospode! gle, onaj koji ti je mio bolestan je.
4 ৪ যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
A kad èu Isus, reèe: ova bolest nije na smrt, nego na slavu Božiju, da se proslavi sin Božij s nje.
5 ৫ মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
A Isus ljubljaše Martu i sestru njezinu i Lazara.
6 ৬ তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
A kad èu da je bolestan, tada osta dva dana na onom mjestu gdje bješe.
7 ৭ তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।”
A potom reèe uèenicima: hajdemo opet u Judeju.
8 ৮ শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
Uèenici mu rekoše: Ravi! sad Judejci šæadijahu da te ubiju kamenjem, pa opet hoæeš da ideš onamo?
9 ৯ যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
Isus odgovori: nije li dvanaest sahata u danu? ko danju ide ne spotièe se, jer vidi vidjelo ovoga svijeta;
10 ১০ কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
A ko ide noæu spotièe se, jer nema vidjela u njemu.
11 ১১ এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
Ovo kaza, i potom reèe im: Lazar, naš prijatelj, zaspa; nego idem da ga probudim.
12 ১২ তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
Onda mu rekoše uèenici njegovi: Gospode! ako je zaspao, ustaæe.
13 ১৩ যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
A Isus im reèe za smrt njegovu, a oni mišljahu da govori za spavanje sna.
14 ১৪ যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
Tada im Isus kaza upravo: Lazar umrije.
15 ১৫ তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
I milo mi je vas radi što nijesam bio onamo da vjerujete; nego hajdemo k njemu.
16 ১৬ তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
Onda Toma, koji se zvaše Blizanac, reèe uèenicima: hajdemo i mi da pomremo s njim.
17 ১৭ যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
A kad doðe Isus, naðe ga a on veæ èetiri dana u grobu.
18 ১৮ বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
A Vitanija bješe blizu Jerusalima oko petnaest potrkališta.)
19 ১৯ ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
I mnogi od Judejaca bijahu došli k Marti i Mariji da ih tješe za bratom njihovijem.
20 ২০ এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
Kad Marta dakle èu da Isus ide, iziðe preda nj, a Marija sjeðaše doma.
21 ২১ মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
Onda reèe Marta Isusu: Gospode! da si ti bio ovdje ne bi moj brat umro.
22 ২২ কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
A i sad znam da što zaišteš u Boga daæe ti Bog.
23 ২৩ যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
Isus joj reèe: brat æe tvoj ustati.
24 ২৪ মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
Marta mu reèe: znam da æe ustati o vaskrseniju, u pošljednji dan.
25 ২৫ যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
A Isus joj reèe: ja sam vaskrsenije i život; koji vjeruje mene ako i umre življeæe.
26 ২৬ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?” (aiōn )
I nijedan koji živi i vjeruje mene neæe umrijeti vavijek. Vjeruješ li ovo? (aiōn )
27 ২৭ তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
Reèe mu: da, Gospode! ja vjerovah da si ti Hristos sin Božij koji je trebalo da doðe na svijet.
28 ২৮ এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
I ovo rekavši otide te zovnu tajno Mariju sestru svoju govoreæi: uèitelj je došao, i zove te.
29 ২৯ মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
A ona kako èu, usta brzo i otide k njemu.
30 ৩০ যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
Jer Isus još ne bješe došao u selo, nego bijaše na onom mjestu gdje ga srete Marta.
31 ৩১ যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
A Judejci onda koji bijahu s njom u kuæi i tješahu je, kad vidješe Mariju da brzo usta i iziðe, poðoše za njom govoreæi da ide na grob da plaèe onamo.
32 ৩২ যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
A Marija kako doðe gdje bješe Isus, i vidje ga, pade na noge njegove govoreæi mu: Gospode! da si ti bio ovdje, ne bi umro moj brat.
33 ৩৩ যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
Onda Isus kad je vidje gdje plaèe, i gdje plaèu Judejci koji doðoše s njom, zgrozi se u duhu, i sam postade žalostan.
34 ৩৪ তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
I reèe: gdje ste ga metnuli? Rekoše mu: Gospode! hajde da vidiš.
35 ৩৫ যীচুৱে ক্ৰন্দন কৰিলে।
Udariše suze Isusu.
36 ৩৬ ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
Onda Judejci govorahu: gledaj kako ga ljubljaše.
37 ৩৭ কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
A neki od njih rekoše: ne mogaše li ovaj koji otvori oèi slijepcu uèiniti da i ovaj ne umre?
38 ৩৮ তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
A Isus opet se zgrozi u sebi, i doðe na grob; a bijaše peæina, i kamen ležaše na njoj.
39 ৩৯ যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
Isus reèe: uzmite kamen. Reèe mu Marta, sestra onoga što je umro: Gospode! veæ smrdi; jer su èetiri dana kako je umro.
40 ৪০ যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
Isus joj reèe: ne rekoh li ti da ako vjeruješ vidjeæeš slavu Božiju?
41 ৪১ তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
Uzeše dakle kamen gdje ležaše mrtvac; a Isus podiže oèi gore, i reèe: oèe! hvala ti što si me uslišio.
42 ৪২ মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
A ja znadoh da me svagda slušaš; nego rekoh naroda radi koji ovdje stoji, da vjeruju da si me ti poslao.
43 ৪৩ ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
I ovo rekavši zovnu iza glasa: Lazare! iziði napolje.
44 ৪৪ তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
I iziðe mrtvac obavit platnom po rukama i po nogama, i lice njegovo ubrusom povezano. Isus im reèe: razdriješite ga i pustite nek ide.
45 ৪৫ মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
Onda mnogi od Judejaca koji bijahu došli k Mariji i vidješe šta uèini Isus, vjerovaše ga.
46 ৪৬ কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
A neki od njih otidoše k farisejima i kazaše im šta uèini Isus.
47 ৪৭ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
Onda glavari sveštenièki i fariseji sabraše skupštinu, i govorahu: šta æemo èiniti? Èovjek ovaj èini mnoga èudesa.
48 ৪৮ তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।”
Ako ga ostavimo tako, svi æe ga vjerovati; pa æe doæi Rimljani i uzeti nam zemlju i narod.
49 ৪৯ কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা।
A jedan od njih, po imenu Kajafa, koji one godine bješe poglavar sveštenièki, reèe im: vi ne znate ništa;
50 ৫০ তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।”
I ne mislite da je nama bolje da jedan èovjek umre za narod, negoli da narod sav propadne.
51 ৫১ এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব।
A ovo ne reèe sam od sebe, nego, buduæi poglavar sveštenièki one godine, proreèe da Isusu valja umrijeti za narod;
52 ৫২ কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
I ne samo za narod, nego da i rasijanu djecu Božiju skupi ujedno.
53 ৫৩ সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
Od toga dakle dana dogovoriše se da ga ubiju.
54 ৫৪ সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
A Isus više ne hoðaše javno po Judejcima, nego odande otide u kraj blizu pustinje u grad po imenu Jefrem, i ondje hoðaše s uèenicima svojima.
55 ৫৫ ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।
A bješe blizu pasha Jevrejska, i mnogi iz onoga kraja doðoše u Jerusalim prije pashe da se oèiste.
56 ৫৬ তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱা-কুই কৰিলে, “তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?”
Tada tražahu Isusa, i stojeæi u crkvi govorahu meðu sobom: šta mislite vi zašto ne dolazi na praznik?
57 ৫৭ প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
A glavari sveštenièki i fariseji izdaše zapovijest ako ga ko opazi gdje je, da javi da ga uhvate.