< যোহন 11 >

1 বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।
Bijaše neki bolesnik, Lazar iz Betanije, iz sela Marije i sestre joj Marte.
2 এওঁ সেই জনী মৰিয়ম, যি গৰাকীয়ে পাছত প্রভুৰ ওপৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্রভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল।
Marija bijaše ono pomazala Gospodina pomašću i otrla mu noge svojom kosom. Njezin dakle brat Lazar bijaše bolestan.
3 সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”
Sestre stoga poručiše Isusu: “Gospodine, evo onaj koga ljubiš, bolestan je.”
4 যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
Čuvši to, Isus reče: “Ta bolest nije na smrt, nego na slavu Božju, da se po njoj proslavi Sin Božji.”
5 মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।
A Isus ljubljaše Martu i njezinu sestru i Lazara.
6 তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল।
Ipak, kad je čuo za njegovu bolest, ostade još dva dana u onome mjestu gdje se nalazio.
7 তাৰ পাছতহে তেওঁ শিষ্য সকলক ক’লে, “ব’লা, আমি পুণৰ যিহুদীয়ালৈ যাওঁ।”
Istom nakon toga reče učenicima: “Pođimo opet u Judeju!”
8 শিষ্য সকলে তেওঁক ক’লে, “ৰব্বি, এই কিছুদিনৰ আগেয়ে ইহুদী সকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল; আকৌ তালৈকে যায় নে?”
Kažu mu učenici: “Učitelju, Židovi su sad tražili da te kamenuju, pa da opet ideš onamo?”
9 যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।
Odgovori Isus: “Nema li dan dvanaest sati? Hodi li tko danju, ne spotiče se jer vidi svjetlost ovoga svijeta.
10 ১০ কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”
Hodi li tko noću, spotiče se jer nema svjetlosti u njemu.”
11 ১১ এই কথা কোৱাৰ পাছত তেওঁ শিষ্য সকলক ক’লে, “আমাৰ বন্ধু লাজাৰ টোপনি গৈছে; তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।”
To reče, a onda im dometnu: “Lazar, prijatelj naš, spava, no idem probuditi ga.”
12 ১২ তাতে শিষ্য সকলে তেওঁক ক’লে, “প্ৰভু, তেওঁ যদি টোপনি গৈছে, তেনেহলে ভাল হৈ যাব।”
Rekoše mu nato učenici: “Gospodine, ako spava, ozdravit će.”
13 ১৩ যীচুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্য সকলে ভাৱিলে যে যীচুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে।
No Isus to reče o njegovoj smrti, a oni pomisliše da govori o spavanju, o snu.
14 ১৪ যীচুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক’লে, “লাজাৰ মৰিল।
Tada im Isus reče posve otvoreno: “Lazar je umro.
15 ১৫ তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলো; কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা, আমি তেওঁৰ ওচৰলৈ যাওঁ।”
Ja se radujem što ne bijah ondje, i to poradi vas - da uzvjerujete. Nego pođimo k njemu!”
16 ১৬ তেতিয়া থোমা, যি জনক দিদুমো বোলা হয়, তেওঁ লগৰ শিষ্য সকলক ক’লে, “ব’লা, আমিও যাওঁ, আমিও যীচুৰ লগতে মৰিব পাৰিম।”
Nato Toma zvani Blizanac reče suučenicima: “Hajdemo i mi da umremo s njime!”
17 ১৭ যীচুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া চাৰি দিন হ’ল।
Kad je dakle Isus stigao, nađe da je onaj već četiri dana u grobu.
18 ১৮ বৈথনিয়া যিৰূচালেমৰ ওচৰতে, প্রায় দুই মাইলমানৰ দূৰত্ব;
Betanija bijaše blizu Jeruzalema otprilike petnaest stadija.
19 ১৯ ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।
A mnogo Židova bijaše došlo tješiti Martu i Mariju zbog brata njihova.
20 ২০ এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।
Kad Marta doču da Isus dolazi, pođe mu u susret dok je Marija ostala u kući.
21 ২১ মাৰ্থাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলহেঁতেন;
Marta reče Isusu: “Gospodine, da si bio ovdje, brat moj ne bi umro.
22 ২২ কিন্তু এতিয়াও মই জানো যে, ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব।”
Ali i sada znam: što god zaišteš od Boga, dat će ti.”
23 ২৩ যীচুৱে তেওঁক ক’লে, “তোমাৰ ভায়েৰা পুনৰায় উঠিব।”
Kaza joj Isus: “Uskrsnut će brat tvoj!”
24 ২৪ মাৰ্থাই তেওঁক ক’লে, “মই জানো, শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুণৰায় উঠিব।”
A Marta mu odgovori: “Znam da će uskrsnuti o uskrsnuću, u posljednji dan.”
25 ২৫ যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
Reče joj Isus: “Ja sam uskrsnuće i život: tko u mene vjeruje, ako i umre, živjet će.
26 ২৬ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?” (aiōn g165)
I tko god živi i vjeruje u mene, neće umrijeti nikada. Vjeruješ li ovo?” (aiōn g165)
27 ২৭ তেওঁ ক’লে, “হয় প্ৰভু; মই বিশ্বাস কৰিছোঁ যে জগতলৈ যি জন আহিব লগা আছে, আপুনিয়েই সেই অভিষিক্ত জন, ঈশ্বৰৰ পুত্ৰ; খ্ৰীষ্ট।”
Odgovori mu: “Da, Gospodine! Ja vjerujem da si ti Krist, Sin Božji, Onaj koji dolazi na svijet!”
28 ২৮ এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”
Rekavši to ode, zovnu svoju sestru Mariju i reče joj krišom: “Učitelj je ovdje i zove te.”
29 ২৯ মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
A ona, čim doču, brzo ustane i pođe k njemu.
30 ৩০ যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
Isus još ne bijaše ušao u selo, nego je dotada bio na mjestu gdje ga je Marta susrela.
31 ৩১ যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
Kad Židovi, koji su s Marijom bili u kući i tješili je, vidješe kako je brzo ustala i izišla, pođoše za njom; mišljahu da ide na grob plakati.
32 ৩২ যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
A kad Marija dođe onamo gdje bijaše Isus i kad ga ugleda, baci mu se k nogama govoreći: “Gospodine, da si bio ovjde, brat moj ne bi umro.”
33 ৩৩ যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
Kad Isus vidje kako plače ona i Židovi koji je dopratiše, potresen u duhu i uzbuđen
34 ৩৪ তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
upita: “Kamo ste ga položili?” Odgovoriše mu: “Gospodine, dođi i pogledaj!”
35 ৩৫ যীচুৱে ক্ৰন্দন কৰিলে।
I zaplaka Isus.
36 ৩৬ ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
Nato su Židovi govorili: “Gle, kako ga je ljubio!”
37 ৩৭ কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
A neki između njih rekoše: “Zar on, koji je slijepcu otvorio oči, nije mogao učiniti da ovaj ne umre?”
38 ৩৮ তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
Isus onda, ponovno potresen, pođe grobu. Bila je to pećina, a na nju navaljen kamen.
39 ৩৯ যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
Isus zapovjedi: “Odvalite kamen!” Kaže mu pokojnikova sestra Marta: “Gospodine, već zaudara. Ta četvrti je dan.”
40 ৪০ যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
Kaže joj Isus: “Nisam li ti rekao: budeš li vjerovala, vidjet ćeš slavu Božju?”
41 ৪১ তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
Odvališe dakle kamen. A Isus podiže oči i reče: “Oče, hvala ti što si me uslišao.
42 ৪২ মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
Ja sam znao da me svagda uslišavaš; no rekoh to zbog nazočnog mnoštva: da vjeruju da si me ti poslao.”
43 ৪৩ ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
Rekavši to povika iza glasa: “Lazare, izlazi!”
44 ৪৪ তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
I mrtvac iziđe, noge mu i ruke bile povezane povojima, a lice omotano ručnikom. Nato Isus reče: “Odriješite ga i pustite neka ide!”
45 ৪৫ মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
Tada mnogi Židovi koji bijahu došli k Mariji, kad vidješe što Isus učini, povjerovaše u nj.
46 ৪৬ কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
A neki od njih odu farizejima i pripovjede im što Isus učini.
47 ৪৭ তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
Stoga glavari svećenički i farizeji sazvaše Vijeće. Govorili su: “Što da radimo? Ovaj čovjek čini mnoga znamenja.
48 ৪৮ তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।”
Ako ga pustimo tako, svi će povjerovati u nj pa će doći Rimljani i oduzeti nam ovo mjesto i narod!”
49 ৪৯ কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা।
A jedan od njih - Kajfa, veliki svećenik one godine - reče im: “Vi ništa ne znate.
50 ৫০ তোমালোকে ভাৱিও নোচোঁৱা যে, সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ, বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল।”
I ne mislite kako je za vas bolje da jedan čovjek umre za narod, nego da sav narod propadne!”
51 ৫১ এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব।
To ne reče sam od sebe, nego kao veliki svećenik one godine prorokova da Isus ima umrijeti za narod;
52 ৫২ কিন্তু যীচুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব, তেনে নহয়; কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিচঁৰতি হৈ আছে, সেই সকলোকে যেন একত্রিত কৰিব পাৰে, এই কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব।
ali ne samo za narod nego i zato da raspršene sinove Božje skupi u jedno.
53 ৫৩ সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।
Toga dana dakle odluče da ga ubiju.
54 ৫৪ সেয়ে, যীচুৱে তেতিয়া প্রকাশ্যে ইহুদী সকলৰ মাজত চলা-ফুৰা বন্ধ কৰি দিলে। তেওঁ সেই ঠাইৰ পৰা মৰুপ্রান্তৰৰ ওচৰৰ দেশত থকা ইফ্ৰয়িম নামেৰে এখন নগৰলৈ গ’ল আৰু তাত তেওঁ শিষ্য সকলৰ সৈতে থাকিল।
Zbog toga se Isus više nije javno kretao među Židovima, nego je odatle otišao u kraj blizu pustinje, u grad koji se zove Efrajim. Tu se zadržavao s učenicima.
55 ৫৫ ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।
Bijaše blizu židovska Pasha i mnogi iz toga kraja uziđoše prije Pashe u Jeruzalem da se očiste.
56 ৫৬ তাত তেওঁলোকে যীচুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱা-কুই কৰিলে, “তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাৱে?”
Iskahu dakle Isusa te se stojeći u Hramu zapitkivahu: “Što vam se čini? Zar on ne kani doći na Blagdan?”
57 ৫৭ প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে এই আজ্ঞা দিছিল যে, যীচু ক’ত আছে সেই বিষয়ে যদি কোনোবাই জানে, তেনেহলে খবৰটো তেওঁলোকক জনাওঁক যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।
A glavari svećenički i farizeji izdadoše naredbu: ako tko sazna gdje je, neka dojavi da ga uhvate.

< যোহন 11 >