< যোহন 10 >
1 ১ যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেৰৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
Imoamoani kani n yedi yi, yua n ki tagini bu buliñoabu kani ki kua li yanloli nni, ama ki doni kaanto ki kua kuli tie sugido leni sanjalo.
2 ২ যি জনে দুৱাৰেদি সোমায়, তেওঁ মেৰৰখীয়া।
Ama yua n tagini bu buliñoabu kani ki kua li yanloli nni, tie ipe yankpaalo.
3 ৩ দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।
Bu buliñoabu jiidikoa luodi opo, ipe mo cengi o nialu. O yini wan die yaa pe, yua kuli leni yeli, ki ñani ba.
4 ৪ নিজৰ সকলো মেষক বাহিৰ কৰাৰ পাছত তেওঁ মেৰবোৰৰ আগে আগে যায় আৰু মেষবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।
O ya ñani wani die ya pe yeni, o baa cuoni bi liiga ke bi hua o, kelima bi bani o nialu.
5 ৫ সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
Bi kan hoadi caano, ama bi baa sani ki foagidi okani, kelima baa bani bi canba niali.
6 ৬ যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
Jesu den puaba laa kpanjama, ama baa den bandi wan maadi ba yaala yaa maama.
7 ৭ তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাই কওঁ, ময়েই মেৰৰ গৰালৰ দুৱাৰ।
Jesu go den yedi ba: N yedi yi imoamoani mini n tie bu buliñoabu ipe po.
8 ৮ মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেৰবোৰে সিহঁতৰ কথা নুশুনিলে।
Yaaba n den kpa cua ke n daa cua kuli tie sugida leni sanjabe, ama ipe ki den cengi ba.
9 ৯ ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
Mini n tie bu buliñoabu. Yua n kua n kani kuli baa faabi o baa koa ki go ña ki baadi mi jiema.
10 ১০ চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
O sugido cua ki bua ki su, ki kodi, ki bolini, ama mini n cua ke ipe n ba li miali ki ya pia li bonla kuli ke li dagidi bi po.
11 ১১ ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
Mini n tie o yankpaahamo. O yankpaahamo puuni omiali ope po.
12 ১২ কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
Ama o tuonsoanlo yua n ki die ipe, waa tie yankpaahamo, o ya laa ke ofuasangbanlo kpendi, o baa sani ki ha ipe. O fuasangbanlo baa cuo bi tianba ki yadi yaaba n sieni.
13 ১৩ এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
O tuonsoanlo baa sani kelima waa die ipe, lanyaapo waa yagini o yama ipe. Mini n tie oyankpaahamo.
14 ১৪ ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
N bani n pe, n pe mo bani nni.
15 ১৫ পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
Nani Baa n bani nni, ke n moko bani Baa maama, n puuni n miali n pe po.
16 ১৬ মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
N pia yaa pe n kaa ye li naa yanloli nni, n baa cuani bani moko, bi baa gbadi n nialu, n baa pia yangoyenli leni yankpaayendo.
17 ১৭ পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
Baa bua nni, kelima n puuni n miali, ki go baa guani ki gaa n cili.
18 ১৮ কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
O bakuli kanfie nni li, n pia upaalu ki baa pali, n go pia upaalu ki baa gaali, lani tie min den baa yaa ñoabonli n Baa kani.
19 ১৯ এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
Mi paadima go den tieni Jufinba siiga kelima laa maama po.
20 ২০ তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
Bi siiga boncianla den tua: O pia ki cicibiadiga, o gaade, be yaapo ke yi cengi o?
21 ২১ আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
Bi tianba den tua: Cicibiadiga ka, cicibiadiga ba fidi ki nuadi juama?
22 ২২ তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
Li den tie ku fawaagu yogunu, ke bi jaani yaa jaanma n yi U Tienu diegu gagidima jaanma Jelusalema po.
23 ২৩ সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
Jesu den cuoni ki gaandi U Tienu diegu nni, Salimono ciagu tinga.
24 ২৪ তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
Jufinba den taani ki lindi o, ki yedi o: Hali u laa yogunu yo ke a baa waani ti, ti yama n duani? A ya tie U Tienu n gandi yua han kadi ki waani ti.
25 ২৫ যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
Jesu den guani ki yedi ba: N waani yi, ama yii daani, min tuuni ya tuona, n Baa yeli nni tiendi n po siedi.
26 ২৬ তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
Ama yii daani kelima yii tie min die yaa pe siigs yaaba.
27 ২৭ মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
N ya pe cengi n nialu. N bani ba, ban mo huani.
28 ২৮ মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব। (aiōn , aiōnios )
N puuni ba yaa miali n kan gbeni. Bi kan bodi hali abada. O bakuli kan fieba n nuu nni mo. (aiōn , aiōnios )
29 ২৯ মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।
N baa yua n puni nni ba cie yua kuli. O bakuli kan fidi ki fieba, n Baa nuu nni mo.
31 ৩১ তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।
Jufinba go den taa a tana ki baa madi o.
32 ৩২ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
Jesu den yedi ba: N teni ke yi laa atuonhama boncianla, yaa n ñani nBaa kani. Li laa tuonli yaapo yo ke yi baa madi nni atana?
33 ৩৩ ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেই কাৰণেহে বিচাৰিছোঁ।”
Jufinba den guani ki yedi o: Ti kan madi a, atana kelima tuonliba po ka, ama han sugidi U Tienu yeni, kelima fini yua n tie nisaalo tua ke a tie U Tienu!
34 ৩৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, “তোমালোক ঈশ্বৰবোৰ?”’
Jesu den guani ki yedi ba: Naani laa diani yi balimaama nni ki yedi: N yedi ke yi tie tieni?
35 ৩৫ যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰবুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়)।
Li ya tie ke U Tienu yedi ke wan maadini yaaba tie nani yi tieni yeni, ke ti bani ke idiani mo kanlebidi.
36 ৩৬ তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কিয় কয়, ‘তুমি ঈশ্বৰ নিন্দা কৰিছা’ বুলি; কাৰণ মই ক’লো যে, ‘মই ঈশ্বৰৰ পুত্ৰ’?
li nan gaa lede yo ke yi yedi: ke mini yua tie U Tienu n gandi ki gagidi yua ki soani o handuna nni sugidi U Tienu kelima n yedi ke n tie U Tienu Bijua po?
37 ৩৭ মোৰ পিতৃৰ কার্য যদি মই নকৰোঁ, তেনেহলে মোক বিশ্বাস নকৰিব;
N yaa tuuni n Baa tuona yin da daani n maama.
38 ৩৮ কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছোঁ।”
Ama n ya tuuni o tuona, baa ke yii daani n maama, daani mani kelima min tuuni ya tuona po, yi bandi ki go ga ke Baa ye n niinni, ke n mo ye Baa niinni.
39 ৩৯ তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।
Lanyaapo bi go den lingi ki baa cuo o, ama o den ciadi bi nuu nni.
40 ৪০ পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল।
Lane Jesu go den gedi Judana kpenu kandima, Jan n den kpa batisi bi niba naankani, ki kali li kani.
41 ৪১ তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱা-কুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।”
Bi niba boncianla den kpendi o kani, ki tua: Jan ki den tieni bancianma ba. Ama wan den maadi yaa maama o naajoa po kuli tie moamoani.
42 ৪২ আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।
Li kani bi niba boncianla den daani o.