< যোয়েল 3 >
1 ১ চোৱা, সেইবোৰ দিনত আৰু সময়ত, মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম,
Oto bowiem w tych dniach i w tym czasie, gdy odwrócę niewolę ludu Judy i Jerozolimy;
2 ২ মই সকলো জাতিক গোটাই যিহোচাফটৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
Zgromadzę też wszystkie narody i sprowadzę je do Doliny Jehoszafata, i będę tam z nimi rozprawiał o swoim ludzie i o swoim dziedzictwie Izraela, które rozproszyły wśród narodów i podzieliły moją ziemię.
3 ৩ তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ল’লে, আৰু ছোৱালীক বিক্রী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
O mój lud rzucały los, dawały chłopca za nierządnicę i dziewczynę sprzedawały za wino, aby piły.
4 ৪ এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা, হে তূৰ, চীদোন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল? তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
Ale wy cóż macie przeciwko mnie, Tyrze i Sydonie, oraz wszystkie granice filistyńskie? Czy chcecie dać mi odpłatę? Jeśli mi odpłacicie, to prędko i niezwłocznie i ja zwrócę waszą odpłatę na waszą głowę;
5 ৫ কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা।
Gdyż zabraliście moje srebro i złoto, a moje wspaniałe klejnoty wnieśliście do swoich świątyń;
6 ৬ তোমালোকে যিহূদা আৰু যিৰূচালেমৰ সন্তান সকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা যাতে তেওঁলোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে।
A synów Judy i synów Jerozolimy sprzedaliście Grekom, by ich oddalić od ich granic.
7 ৭ কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তেওঁলোকক উদ্ধাৰ কৰিম, আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম।
Oto wzbudzę ich z tego miejsca, do którego ich sprzedaliście, i zwrócę waszą zapłatę na waszą głowę;
8 ৮ আৰু তোমালোকৰ পো-জীবোৰক যিহূদাৰ সন্তান সকলৰ হাতত বিক্ৰী কৰিম। তেওঁলোকে দূৰত থকা জাতি চিবায়ীয়া লোকসকলৰ ওচৰত তেওঁলোকক বিক্ৰী কৰিব। কিয়নো যিহোৱাই এই কথা ক’লে।
I sprzedam waszych synów i wasze córki w ręce synów Judy, a oni sprzedadzą ich Sabejczykom, narodowi dalekiemu. Tak bowiem PAN powiedział.
9 ৯ তোমালোকে জাতি সমূহৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
Rozgłoście to wśród pogan, ogłoście wojnę, pobudźcie wojowników, niech przybędą [i] niech wyruszą wszyscy mężowie waleczni.
10 ১০ তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা। “মই শক্তিশালী”, এই বুলি দুৰ্ব্বল সকলে কওঁক।
Przekujcie wasze lemiesze na miecze, a wasze sierpy na oszczepy; kto słaby, niech powie: Jestem silny.
11 ১১ হে চাৰিওফালে থকা জাতি সমূহ, অগ্ৰসৰ হোৱা আৰু আহা, হে যিহোৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা।
Zgromadźcie się i przyjdźcie, wszystkie okoliczne narody – zbierzcie się. Sprowadź tam, PANIE, swoich wojowników.
12 ১২ জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতি সমূহৰ বিচাৰ কৰিবলৈ বহিম।
Niech poganie się ockną i nadciągną na Dolinę Jehoszafata. Tam bowiem zasiądę, aby sądzić wszystkie okoliczne narody.
13 ১৩ তোমালোকে কাঁচি লগোৱা, কিয়নো শস্য পকিল। আহাঁ দ্ৰাক্ষাকুণ্ড গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক।”
Zapuśćcie sierp, bo dojrzało żniwo. Pójdźcie i zstąpcie, bo tłocznia jest pełna, kadzie przelewają się, bo ich zło [jest] wielkie.
14 ১৪ তাত আলোড়ন হৈছে। সোধ-বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে।। কিয়নো সোধ-বিচাৰৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ হৈছে।
Tłumy, tłumy w dolinie wyroku. Bliski bowiem jest dzień PANA w dolinie wyroku.
15 ১৫ সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
Słońce i księżyc się zaćmią i gwiazdy stracą swój blask.
16 ১৬ যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তান সকলৰ কোঁঠস্বৰূপ হ’ব।
I PAN zagrzmi z Syjonu, a z Jerozolimy wyda swój głos, tak że zadrżą niebiosa i ziemia. Ale PAN będzie ucieczką dla swego ludu i siłą synów Izraela.
17 ১৭ “তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
I poznacie, że ja jestem PANEM, waszym Bogiem, który mieszka na Syjonie, mojej świętej górze. I Jerozolima stanie się święta, a obcy już nie będą przez nią przechodzić.
18 ১৮ সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটীমৰ উপত্যকাত পানী দিব।
I stanie się w tym dniu, że góry będą kropić moszczem, pagórki opływać mlekiem i wszystkie strumienie Judy napełnią się wodą, a z domu PANA wyjdzie źródło, które nawodni dolinę Sittim.
19 ১৯ যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
Egipt zostanie spustoszony, a ziemia Edom zamieni się w opustoszałe pustkowie z powodu przemocy wyrządzonej synom Judy, bo przelewali niewinną krew w ich ziemi.
20 ২০ কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।
Ale Juda będzie trwać na wieki, a Jerozolima – z pokolenia na pokolenie.
21 ২১ মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম,” কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।
I oczyszczę tych, [których] krwi nie oczyściłem. PAN bowiem mieszka na Syjonie.