< যোয়েল 3 >

1 চোৱা, সেইবোৰ দিনত আৰু সময়ত, মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম,
زیرا اینک در آن ایام و در آن زمان چون اسیری یهودا و اورشلیم را برگردانیده باشم،۱
2 মই সকলো জাতিক গোটাই যিহোচাফটৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
آنگاه جمیع امت‌ها را جمع کرده، به وادی یهوشافاط فرود خواهم آورد و در آنجا باایشان درباره قوم خود و میراث خویش اسرائیل محاکمه خواهم نمود زیرا که ایشان را در میان امت‌ها پراکنده ساخته و زمین مرا تقسیم نموده‌اند.۲
3 তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে, ল’ৰাক বিক্রী কৰি তাৰ সলনি বেশ্যা ল’লে, আৰু ছোৱালীক বিক্রী কৰি পান কৰিবৰ অভিপ্ৰায়েৰে দ্ৰাক্ষাৰস কিনিলে।
و بر قوم من قرعه انداخته و پسری درعوض فاحشه‌ای داده و دختری به شراب فروخته‌اند تا بنوشند.۳
4 এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা, হে তূৰ, চীদোন আৰু পলেষ্টিয়াসকলৰ আটাই অঞ্চল? তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
و حال‌ای صور و صیدون و تمامی دیار فلسطینیان شما را با من چه‌کار است؟ آیا شما به من جزا می‌رسانید؟ و اگر به من جزا برسانید من جزای شما را بزودی هر‌چه تمام تر به‌سر شما رد خواهم نمود.۴
5 কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা।
چونکه نقره و طلا و نفایس زیبای مرا گرفته، آنها را به هیکل های خود درآوردید.۵
6 তোমালোকে যিহূদা আৰু যিৰূচালেমৰ সন্তান সকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা যাতে তেওঁলোকে তেওঁলোকক দেশৰ পৰা অপসাৰণ কৰি দূৰলৈ নিয়াৰ নিৰ্দেশ দিব পাৰে।
و پسران یهودا وپسران اورشلیم را به پسران یونانیان فروختید تاایشان را از حدود ایشان دور کنید.۶
7 কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তেওঁলোকক উদ্ধাৰ কৰিম, আৰু তোমালোকৰ প্ৰতিকাৰৰ প্ৰতিফল মই তোমালোকৰ মূৰৰ ওপৰত দিম।
اینک من ایشان را از مکانی که ایشان را به آن فروختید، خواهم برانگیزانید و اعمال شما را به‌سر شماخواهم برگردانید.۷
8 আৰু তোমালোকৰ পো-জীবোৰক যিহূদাৰ সন্তান সকলৰ হাতত বিক্ৰী কৰিম। তেওঁলোকে দূৰত থকা জাতি চিবায়ীয়া লোকসকলৰ ওচৰত তেওঁলোকক বিক্ৰী কৰিব। কিয়নো যিহোৱাই এই কথা ক’লে।
و پسران و دختران شما را به‌دست بنی یهودا خواهم فروخت تا ایشان را به سبائیان که امتی بعید می‌باشند بفروشند زیراخداوند این را گفته است.۸
9 তোমালোকে জাতি সমূহৰ মাজত এই কথা ঘোষণা কৰা: ‘যুদ্ধ কৰিবলৈ সাজু হোৱা, বীৰ লোকসকলক জাগ্ৰত কৰা, তেওঁলোকক ওচৰলৈ আনা, আৰু আটাই ৰণুৱা উপস্থিত হওঁক।
این را در میان امت‌ها ندا کنید. تدارک جنگ بینید و جباران را برانگیزانید. تمامی مردان جنگی نزدیک شده، برآیند.۹
10 ১০ তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল, আৰু তোমালোকৰ কলম দিয়া কটাৰী পিটি যাঠী গঢ়োৱা। “মই শক্তিশালী”, এই বুলি দুৰ্ব্বল সকলে কওঁক।
گاوآهنهای خود را برای شمشیرها و اره های خویش را برای نیزه‌ها خردکنید و مرد ضعیف بگوید: من قوی هستم.۱۰
11 ১১ হে চাৰিওফালে থকা জাতি সমূহ, অগ্ৰসৰ হোৱা আৰু আহা, হে যিহোৱা, তোমাৰ বীৰসকলক সেই ঠাইলৈ নমাই আনা।
‌ای همه امت‌ها بشتابید و بیایید و از هر طرف جمع شوید! ای خداوند شجاعان خود را به آنجا فرودآور!۱۱
12 ১২ জাতি সমূহ নিজে জাগি উঠক, আৰু যিহোচাফটৰ উপত্যকালৈ আহক; কিয়নো মই সেই ঠাইত চাৰিওফালে থকা জাতি সমূহৰ বিচাৰ কৰিবলৈ বহিম।
امت‌ها برانگیخته شوند و به وادی یهوشافاط برآیند زیرا که من در آنجا خواهم نشست تا بر همه امت هایی که به اطراف آن هستند داوری نمایم.۱۲
13 ১৩ তোমালোকে কাঁচি লগোৱা, কিয়নো শস্য পকিল। আহাঁ দ্ৰাক্ষাকুণ্ড গচকা, কিয়নো দ্ৰাক্ষাকুণ্ড পৰিপূৰ্ণ হৈছে, আৰু ৰসৰ আধাৰবোৰ উপচি পৰিছে, কিয়নো তেওঁলোকৰ দুষ্টতা অধিক।”
داس را پیش آورید زیراکه حاصل رسیده است. بیایید پایمال کنید زیراکه معصره‌ها پر شده و چرخشتها لبریز گردیده است چونکه شرارت شما عظیم است.۱۳
14 ১৪ তাত আলোড়ন হৈছে। সোধ-বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে।। কিয়নো সোধ-বিচাৰৰ উপত্যকাত দণ্ড দিব লগা যিহোৱাৰ দিন ওচৰ হৈছে।
جماعتها، جماعتها در وادی قضا! زیرا روزخداوند در وادی قضا نزدیک است.۱۴
15 ১৫ সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়া হৈছে।
آفتاب وماه سیاه می‌شوند و ستارگان تابش خود رابازمی دارند.۱۵
16 ১৬ যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তান সকলৰ কোঁঠস্বৰূপ হ’ব।
و خداوند از صهیون نعره می‌زندو آواز خود را از اورشلیم بلند می‌کند و آسمان وزمین متزلزل می‌شود، اما خداوند ملجای قوم خود و ملاذ بنی‌اسرائیل خواهد بود.۱۶
17 ১৭ “তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। তেতিয়া যিৰূচালেম পবিত্ৰ হ’ব, আৰু কোনো বিদেশী সৈন্য দলে তাৰ মাজেদি পুনৰ অহা-যোৱা কৰিব নোৱাৰিব।
پس خواهید دانست که من یهوه خدای شما در کوه مقدس خویش صهیون ساکن می‌باشم و اورشلیم مقدس خواهد بود و بیگانگان دیگر از آن عبور نخواهند نمود.۱۷
18 ১৮ সেই দিনা পৰ্ব্বতবোৰৰ পৰা নতুন দ্ৰাক্ষাৰস টোপা-টোপে পৰিব, ওখ পৰ্ব্বতবোৰৰ পৰা গাখীৰৰ সূঁতী বৈ যাব, যিহূদাৰ আটাই জুৰিবোৰৰ পানী বৈ যাব, আৰু যিহোৱাৰ গৃহৰ পৰা এটা ভুমুক ওলাই চিটীমৰ উপত্যকাত পানী দিব।
و در آن روزکوهها عصیر انگور را خواهند چکانید و کوهها به شیر جاری خواهد شد و تمامی وادیهای یهودا به آب جاری خواهد گردید و چشمه‌ای از خانه خداوند بیرون آمده، وادی شطیم را سیراب خواهد ساخت.۱۸
19 ১৯ যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
مصر ویران خواهد شد و ادوم به بیابان بایر مبدل خواهد گردید، به‌سبب ظلمی که بر بنی یهودا نمودند و خون بی‌گناهان را درزمین ایشان ریختند.۱۹
20 ২০ কিন্তু যিহূদী চিৰকাললৈকে, আৰু যিৰূচালেম পুৰুষানুক্ৰমে থাকিব।
و یهودا تا ابدالابادمسکون خواهد شد و اورشلیم تا دهرهای بسیار.۲۰
21 ২১ মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম,” কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।
و خونریزی ایشان را که طاهر نساخته بودم، طاهر خواهم ساخت و یهوه در صهیون ساکن خواهد شد.۲۱

< যোয়েল 3 >