< যোয়েল 2 >
1 ১ তোমালোকে চিয়োনত শিঙা বজোৱা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, কিয়নো যিহোৱাৰ দিন আহি আছে; হয়, সঁচাই সেয়ে ওচৰ পাইছেহি;
Canite tuba in Sion, ululate in monte sancto meo, conturbentur omnes habitatores terrae: Quia venit dies Domini, quia prope est
2 ২ সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই, আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ’ব, আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ’ব।
dies tenebrarum, et caliginis, dies nubis, et turbinis: quasi mane expansum super montes populus multus et fortis: similis ei non fuit a principio, et post eum non erit usque in annos generationis et generationis.
3 ৩ তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।
Ante faciem eius ignis vorans, et post eum exurens flamma: quasi hortus voluptatis terra coram eo, et post eum solitudo deserti, neque est qui effugiat eum.
4 ৪ সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়।
Quasi aspectus equorum, aspectus eorum: et quasi equites sic current.
5 ৫ সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।
Sicut sonitus quadrigarum super capita montium exilient, sicut sonitus flammae ignis devorantis stipulam, velut populus fortis praeparatus ad praelium.
6 ৬ সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।
A facie eius cruciabuntur populi: omnes vultus redigentur in ollam.
7 ৭ সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।
Sicut fortes current: quasi viri bellatores ascendent murum: viri in viis suis gradientur, et non declinabunt a semitis suis.
8 ৮ সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।
Unusquisque fratrem suum non coarctabit, singuli in calle suo ambulabunt: sed et per fenestras cadent, et non demolientur.
9 ৯ সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।
Urbem ingredientur, in muro current: domos conscendent, per fenestras intrabunt quasi fur.
10 ১০ সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
A facie eius contremuit terra, moti sunt caeli: sol et luna obtenebrati sunt et stellae retraxerunt splendorem suum.
11 ১১ যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
Et Dominus dedit vocem suam ante faciem exercitus sui: quia multa sunt nimis castra eius, quia fortia et facientia verbum eius: magnus enim dies Domini, et terribilis valde: et quis sustinebit eum?
12 ১২ যিহোৱাই কৈছে, “তথাপি এতিয়াও”, “তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।”
Nunc ergo dicit Dominus: Convertimini ad me in toto corde vestro in ieiunio, et in fletu, et in planctu.
13 ১৩ আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
Et scindite corda vestra, et non vestimenta vestra, et convertimini ad Dominum Deum vestrum: quia benignus et misericors est, patiens et multae misericordiae, et praestabilis super malitia.
14 ১৪ কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে।
Quis scit si convertatur, et ignoscat, et relinquat post se benedictionem, sacrificium, et libamen Domino Deo nostro?
15 ১৫ তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।
Canite tuba in Sion, sanctificate ieiunium, vocate coetum.
16 ১৬ লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়াহ খোৱাসকলক গোটোৱা। দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক।
congregate populum, sanctificate ecclesiam, coadunate senes, congregate parvulos, et sugentes ubera: egrediatur sponsus de cubili suo, et sponsa de thalamo suo.
17 ১৭ যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
Inter vestibulum et altare plorabunt sacerdotes ministri Domini: et dicent: Parce Domine, parce populo tuo: et ne des hereditatem tuam in opprobrium ut dominentur eis nationes. quare dicunt in populis: Ubi est Deus eorum?
18 ১৮ তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু হ’ল।
Zelatus est Dominus terram suam, et pepercit populo suo:
19 ১৯ যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
Et respondit Dominus, et dixit populo suo: Ecce ego mittam vobis frumentum, et vinum, et oleum, et replebimini eis: et non dabo vos ultra opprobrium in Gentibus.
20 ২০ মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”
Et eum, qui ab Aquilone est, procul faciam a vobis: et expellam eum in terram inviam, et desertam: faciem eius contra mare Orientale, et extremum eius ad mare novissimum: et ascendet foetor eius, et ascendet putredo eius, quia superbe egit.
21 ২১ হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে।
Noli timere terra, exulta et laetare: quoniam magnificavit Dominus ut faceret.
22 ২২ হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।
Nolite timere animalia regionis: quia germinaverunt speciosa deserti, quia lignum attulit fructum suum, ficus, et vinea dederunt virtutem suam.
23 ২৩ হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।
Et filii Sion exultate, et laetamini in Domino Deo vestro: quia dedit vobis doctorem iustitiae, et descendere faciet ad vos imbrem matutinum et serotinum sicut in principio.
24 ২৪ মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ’ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব।
Et implebuntur areae frumento, et redundabunt torcularia vino, et oleo.
25 ২৫ “আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।
Et reddam vobis annos, quos comedit locusta, bruchus, et rubigo, et eruca: fortitudo mea magna, quam misi in vos.
26 ২৬ তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
Et comedetis vescentes, et saturabimini: et laudabitis nomen Domini Dei vestri, qui fecit mirabilia vobiscum: et non confundetur populus meus in sempiternum.
27 ২৭ তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
Et scietis quia in medio Israel ego sum: et ego Dominus Deus vester, et non est amplius: et non confundetur populus meus in aeternum.
28 ২৮ তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Et erit post haec: effundam spiritum meum super omnem carnem: et prophetabunt filii vestri, et filiae vestrae: senes vestri somnia somniabunt, et iuvenes vestri visiones videbunt.
29 ২৯ আৰু দাস-দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম।
Sed et super servos meos, et ancillas in diebus illis effundam spiritum meum.
30 ৩০ মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম।
Et dabo prodigia in caelo, et in terra, sanguinem, et ignem, et vaporem fumi.
31 ৩১ যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত পৰিণত হ’ব, আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ’ব।
Sol convertetur in tenebras, et luna in sanguinem: antequam veniat dies Domini magnus, et horribilis.
32 ৩২ যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। কিয়নো যিহোৱাই এইদৰে কৈছে, ‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহোৱাই যিসকলক আহ্বান কৰিলে।
Et erit: omnis qui invocaverit nomen Domini, salvus erit: quia in monte Sion, et in Ierusalem erit salvatio, sicut dixit Dominus, et in residuis, quos Dominus vocaverit.