< যোয়েল 1 >
1 ১ পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।
Ọ̀rọ̀ Olúwa tí ó tọ Joẹli ọmọ Petueli wá.
2 ২ হে পৰিচাৰকসকল, এই কথা শুনা? আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে?
Ẹ gbọ́ èyí ẹ̀yin àgbàgbà; ẹ fi etí sílẹ̀ gbogbo ẹ̀yin ènìyàn ará ilẹ̀ náà. Ǹjẹ́ irú èyí ha wà ní ọjọ́ yín, tàbí ní ọjọ́ àwọn baba yín?
3 ৩ তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক।
Ẹ sọ ọ́ fún àwọn ọmọ yín, ki àwọn ọmọ yín sọ fún àwọn ọmọ wọn, ki àwọn ọmọ wọn sọ fún àwọn ìran mìíràn.
4 ৪ কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে।
Èyí tí eṣú tí agénijẹ jẹ kù ní ọ̀wọ́ eṣú ńlá ńlá ti jẹ, èyí tí ọ̀wọ́ eṣú ńlá ńlá jẹ kù ní eṣú kéékèèké jẹ, èyí tí eṣú kéékèèké jẹ kù ni eṣú apanirun mìíràn jẹ.
5 ৫ হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল।
Ẹ jí gbogbo ẹ̀yin ọ̀mùtí kí ẹ sì sọkún ẹ hu gbogbo ẹ̀yin ọ̀mu-wáìnì; ẹ hu nítorí wáìnì tuntun nítorí a gbà á kúrò lẹ́nu yín.
6 ৬ কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলবান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
Nítorí orílẹ̀-èdè kan ti ṣígun sí ilẹ̀ mìíràn ó ní agbára púpọ̀, kò sì ní òǹkà; ó ní eyín kìnnìún ó sì ní èrìgì abo kìnnìún.
7 ৭ সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; তাৰ ডালবোৰ বগা কৰিলে।
Ó ti pa àjàrà mi run, ó sì ti ya ẹ̀ka igi ọ̀pọ̀tọ́ mi kúrò, ó ti bò èèpo rẹ̀ jálẹ̀, ó sì sọ ọ́ nù; àwọn ẹ̀ka rẹ̀ ni a sì sọ di funfun.
8 ৮ যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
Ẹ pohùnréré ẹkún bí wúńdíá tí a fi aṣọ ọ̀fọ̀ dí ni àmùrè, nítorí ọkọ ìgbà èwe rẹ̀.
9 ৯ যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।
A ké ọrẹ jíjẹ́ àti ọrẹ mímu kúrò ní ilé Olúwa. Àwọn àlùfáà ń ṣọ̀fọ̀, àwọn ìránṣẹ́ Olúwa.
10 ১০ পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
Oko di ìgboro, ilẹ̀ ń ṣọ̀fọ̀, nítorí a fi ọkà ṣòfò: ọtí wáìnì tuntun gbẹ, òróró ń bùṣe.
11 ১১ হে খেতিয়কসকল, লজ্জিত হোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
Kí ojú kí ó tì yín, ẹ̀yin àgbẹ̀; ẹ pohùnréré ẹkún ẹ̀yin olùtọ́jú àjàrà, nítorí alikama àti nítorí ọkà barle; nítorí ìkórè oko ṣègbé.
12 ১২ দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।
Àjàrà gbẹ, igi ọ̀pọ̀tọ́ sì rọ̀ dànù; igi pomegiranate, igi ọ̀pẹ pẹ̀lú, àti igi apiili, gbogbo igi igbó ni o rọ. Nítorí náà ayọ̀ ọmọ ènìyàn gbẹ kúrò lọ́dọ̀ wọn.
13 ১৩ হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।
Ẹ di ara yín ni àmùrè, sí pohùnréré ẹkún ẹ̀yin àlùfáà: ẹ pohùnréré ẹkún, ẹ̀yin ìránṣẹ́ pẹpẹ: ẹ wá, fi gbogbo òru dùbúlẹ̀ nínú aṣọ ọ̀fọ̀, ẹ̀yin ìránṣẹ́ Ọlọ́run mi, nítorí tí a dá ọrẹ-jíjẹ àti ọrẹ mímu dúró ní ilé Ọlọ́run yín.
14 ১৪ তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,
Ẹ yà àwẹ̀ kan sí mímọ́, ẹ pe àjọ kan tí o ní ìrònú, ẹ pe àwọn àgbàgbà, àti gbogbo àwọn ará ilẹ̀ náà jọ sí ilé Olúwa Ọlọ́run yín, kí ẹ sí ké pe Olúwa.
15 ১৫ হায় হায়, এয়ে কেনে দিন! কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।
A! Fún ọjọ́ náà, nítorí ọjọ́ Olúwa kù sí dẹ̀dẹ̀, yóò de bí ìparun láti ọwọ́ Olódùmarè.
16 ১৬ আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?
A kò ha ké oúnjẹ kúrò níwájú ojú wá yìí, ayọ̀ àti inú dídùn kúrò nínú ilé Ọlọ́run wá?
17 ১৭ বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
Irúgbìn bàjẹ́ nínú ebè wọn, a sọ àká di ahoro, a wó àká palẹ̀; nítorí tí a mú ọkà rọ.
18 ১৮ পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।
Àwọn ẹranko tí ń kérora tó! Àwọn agbo ẹran dààmú, nítorí tí wọ́n kò ni pápá oko; nítòótọ́, àwọn agbo àgùntàn jìyà.
19 ১৯ হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।
Olúwa, sí ọ ni èmi o ké pè, nítorí iná tí run pápá oko tútù aginjù, ọwọ́ iná sí ti jó gbogbo igi igbó.
20 ২০ বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।
Àwọn ẹranko igbó gbé ojú sókè sí ọ pẹ̀lú, nítorí tí àwọn ìṣàn omi gbẹ, iná sí ti jó àwọn pápá oko aginjù run.