< যোয়েল 1 >
1 ১ পথূৱেলৰ পুত্ৰ যোৱেললৈ অহা এইটো যিহোৱাৰ বাক্য।
Słowo PANA, które doszło do Joela, syna Petuela.
2 ২ হে পৰিচাৰকসকল, এই কথা শুনা? আৰু হে দেশনিবাসীসকল, কাণ দিয়া। তোমালোকৰ দিনত বা তোমালোকৰ পূৰ্বপুৰুষসকলৰ দিনত এনে ঘটিছিল নে?
Słuchajcie tego, starcy, nakłońcie ucha wszyscy mieszkańcy tej ziemi. Czy zdarzyło się coś podobnego za waszych dni albo za dni waszych ojców?
3 ৩ তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক।
Opowiadajcie o tym swoim synom, a wasi synowie [niech opowiedzą] swoim synom, a ich synowie przyszłemu pokoleniu.
4 ৪ কুটি খোৱা ফৰিঙে এৰাখিনি কাকতী ফৰিঙে খালে; আৰু কাকতী ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে; আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে।
Co zostało [po] gąsienicy, zjadła szarańcza, co zostało [po] szarańczy, zjadła larwa, a co zostało [po] larwie, zjadło robactwo.
5 ৫ হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল।
Ocknijcie się, pijani, i płaczcie; wszyscy, którzy pijecie wino, zawódźcie z powodu moszczu, bo został odjęty od waszych ust.
6 ৬ কিয়নো এটা জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল, অসংখ্য প্ৰাণী থকা এক বলবান জাতি। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু সিংহীৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত।
Nadciągnął bowiem naród do mojej ziemi, mocny i niezliczony, jego zęby to zęby lwa, a zęby trzonowe [ma jak] srogi lew.
7 ৭ সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; তাৰ ডালবোৰ বগা কৰিলে।
Spustoszył moją winorośl i połupał moje drzewo figowe. Odarł je doszczętnie i porzucił [tak, że] zbielały jego gałęzie.
8 ৮ যৌৱন কালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা।
Lamentuj jak dziewica przepasana worem nad mężem swojej młodości.
9 ৯ যিহোৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য বন্ধ কৰা হ’ল। যিহোৱাৰ দাসবোৰ, পুৰোহিতসকলে শোক কৰিছে।
Odjęto ofiarę z pokarmów i z płynów od domu PANA; płaczą kapłani, słudzy PANA.
10 ১০ পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
Pole zostało spustoszone i ziemia się smuci, ponieważ zniszczono zboże. Wysechł moszcz, zginęła oliwa.
11 ১১ হে খেতিয়কসকল, লজ্জিত হোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোঁতাসকল, ঘেঁহু ধান আৰু যৱৰ বাবে বাবে বিলাপ কৰা। কিয়নো পথাৰৰ শস্য বিনষ্ট হ’ল।
Zawstydźcie się, rolnicy; zawódźcie winogrodnicy z powodu pszenicy i jęczmienia, bo przepadło żniwo polne.
12 ১২ দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।
Uschła winorośl i zwiędło drzewo figowe; drzewo granatowe, palma, jabłoń [i] wszystkie drzewa polne uschły, bo radość znikła spośród synów ludzkich.
13 ১৩ হে পুৰোহিতসকল, তোমালোকে চট কাপোৰ পৰিধান কৰি বিলাপ কৰা! হে যজ্ঞ-বেদিৰ পৰিচাৰকসকল, বিলাপ কৰা। হে মোৰ ঈশ্বৰৰ দাসবোৰ, আহাঁ, চট কাপোৰ পিন্ধি ওৰে ৰাতি পৰি থাকা। কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য প্রতিৰোধ কৰা হৈছে।
Przepaszcie się i płaczcie, kapłani. Zawódźcie, słudzy ołtarza. Przyjdźcie i nocujcie w worach, słudzy mojego Boga, bo zabrakło ofiar z pokarmów i płynów w domu waszego Boga.
14 ১৪ তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা। পৰিচাৰকসকল আদি কৰি দেশনিবাসী আটাই লোকক গোট খুউৱাই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহত যিহোৱালৈ কাতৰোক্তি কৰা,
Ogłoście święty post, zwołajcie zgromadzenie, zbierzcie starców [i] wszystkich mieszkańców ziemi [w] domu PANA, waszego Boga, i wołajcie do PANA:
15 ১৫ হায় হায়, এয়ে কেনে দিন! কিয়নো যিহোৱাৰ ভয়ংকৰ দিন ওচৰ। এই সকলোৰে সৈতে সৰ্ব্বশক্তিমান ঈশ্বৰৰ পৰা যেন প্ৰলয়হে উপস্থিত হ’ল।
Ach, co to za dzień! Bliski bowiem jest dzień PANA i nadejdzie jak spustoszenie od Wszechmocnego.
16 ১৬ আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?
Czyż na naszych oczach nie zginęła żywność, a z domu naszego Boga – radość i wesele?
17 ১৭ বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ’ল, ভঁৰালবোৰ ধ্বংস কৰা হ’ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ’ল।
Zgniły ziarna pod swymi skibami, spustoszone są spichlerze, zburzone stodoły, bo uschło zboże.
18 ১৮ পশুবোৰে কেনেকৈ কেঁকাইছে! চৰণীয়া ঠাই নোহোৱাৰ বাবে গৰুৰ জাকবোৰ ব্যাকুল হৈছে। এনেকি মেৰ-ছাগ আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে।
Jakże ryczy bydło? Błąkają się stada wołów, bo nie mają pastwisk, nawet i trzody owiec wyginęły.
19 ১৯ হে যিহোৱা, মই তোমাৰেই আগত কাতৰোক্তি কৰিছোঁ। কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছবোৰ পুৰি পেলালে।
Do ciebie wołam, PANIE, bo ogień pożarł pastwiska [na] pustyni, a płomień spalił wszystkie drzewa polne;
20 ২০ বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল, আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে।
Także i zwierzęta polne ryczą do ciebie, ponieważ wyschły strumienie wód, a ogień pożarł pastwiska na pustyni.