< যোব 9 >
1 ১ তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
А Јов одговори и рече:
2 ২ “মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
Заиста, знам да је тако; јер како би могао човек бити прав пред Богом?
3 ৩ যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
Ако би се хтео прети с Њим, не би Му могао одговорити од хиљаде на једну.
4 ৪ ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
Мудар је срцем и јак снагом; ко се је опро Њему и био срећан?
5 ৫ তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
Он премешта горе, да нико и не опази; превраћа их у гневу свом;
6 ৬ তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
Он креће земљу с места њеног да јој се ступови дрмају;
7 ৭ এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
Он кад запрети сунцу, не излази; Он запечаћава звезде;
8 ৮ তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
Он разапиње небо сам, и гази по валима морским;
9 ৯ তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
Он је начинио звезде кола и штапе и влашиће и друге југу у дну;
10 ১০ অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
Он чини ствари велике и неиспитиве и дивне, којима нема броја.
11 ১১ চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
Гле, иде мимо мене, а ја не видим; прође, а ја га не опазим.
12 ১২ চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
Гле, кад ухвати, ко ће Га нагнати да врати? Ко ће Му казати: Шта радиш?
13 ১৩ ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
Бог не устеже гнева свог, падају пода Њ охоли помоћници.
14 ১৪ মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
А како би Му ја одговарао и бирао речи против Њега?
15 ১৫ মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
Да сам и прав, нећу Му се одговорити, ваља да се молим судији свом.
16 ১৬ যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
Да Га зовем и да ми се одзове, још не могу веровати да је чуо глас мој.
17 ১৭ তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
Јер ме је вихором сатро и задао ми много рана низашта.
18 ১৮ তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
Не да ми да одахнем, него ме сити горчинама.
19 ১৯ পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
Ако је на силу, гле, Он је најсилнији; ако на суд, ко ће ми сведочити?
20 ২০ মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
Да се правдам, моја ће ме уста осудити; да сам добар, показаће да сам неваљао.
21 ২১ মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।
Ако сам добар, нећу знати за то; омрзао ми је живот мој.
22 ২২ সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
Свеједно је; зато рекох: и доброг и безбожног Он потире.
23 ২৩ আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
Кад би још убио бич наједанпут! Али се смеје искушавању правих.
24 ২৪ পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
Земља се даје у руке безбожнику; лице судија њених заклања; ако не Он, да ко?
25 ২৫ মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
Али дани моји бише бржи од гласника; побегоше, не видеше добра.
26 ২৬ সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
Прођоше као брзе лађе, као орао кад лети за храну.
27 ২৭ যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
Ако кажем: Заборавићу тужњаву своју, оставићу гнев свој и окрепићу се;
28 ২৮ তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
Страх ме је од свих мука мојих, знам да ме нећеш оправдати.
29 ২৯ মই দোষী হবই লাগিব; তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
Бићу крив; зашто бих се мучио узалуд?
30 ৩০ যদি মই হিমৰ পানীত গা ধোওঁ, আৰু খাৰেৰে হাত চাফা কৰোঁ,
Да се измијем водом снежницом, и да очистим сапуном руке своје,
31 ৩১ তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
Тада ћеш ме замочити у јаму да се гаде на ме моје хаљине.
32 ৩২ কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
Јер није човек као ја да Му одговарам, да идем с Њим на суд;
33 ৩৩ আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।
Нити има међу нама кмета да би ставио руку своју међу нас двојицу.
34 ৩৪ তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
Нека одмакне од мене прут свој, и страх Његов нека ме не страши;
35 ৩৫ তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।
Тада ћу говорити, и нећу Га се бојати; јер овако не знам за себе.