< যোব 9 >

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
Then Job answered and said,
2 “মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
I know it is so truthfully: but how should man be just with God?
3 যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
If he will contend with him, he cannot answer him one of a thousand.
4 ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
He is wise in heart, and mighty in strength: who has hardened himself against him, and has prospered?
5 তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
Which removes the mountains, and they know not: which overturns them in his anger.
6 তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
Which shakes the earth out of her place, and the pillars thereof tremble.
7 এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
Which commands the sun, and it rises not; and seals up the stars.
8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
Which alone spreads out the heavens, and treads upon the waves of the sea.
9 তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
Which makes Arcturus, Orion, and Pleiades, and the chambers of the south.
10 ১০ অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
Which does great things past finding out; yea, and wonders without number.
11 ১১ চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
Lo, he goes by me, and I see him not: he passes on also, but I perceive him not.
12 ১২ চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
Behold, he takes away, who can hinder him? who will say unto him, What do you?
13 ১৩ ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
If God will not withdraw his anger, the proud helpers do stoop under him.
14 ১৪ মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
How much less shall I answer him, and choose out my words to reason with him?
15 ১৫ মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
Whom, though I were righteous, yet would I not answer, but I would make supplication to my judge.
16 ১৬ যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
If I had called, and he had answered me; yet would I not believe that he had hearkened unto my voice.
17 ১৭ তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
For he breaks me with a tempest, and multiplies my wounds without cause.
18 ১৮ তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
He will not suffer me to take my breath, but fills me with bitterness.
19 ১৯ পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
If I speak of strength, lo, he is strong: and if of judgment, who shall set me a time to plead?
20 ২০ মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
If I justify myself, mine own mouth shall condemn me: if I say, I am perfect, it shall also prove me perverse.
21 ২১ মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।
Though I were perfect, yet would I not know my soul: I would despise my life.
22 ২২ সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
This is one thing, therefore I said it, He destroys the perfect and the wicked.
23 ২৩ আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
If the scourge slay suddenly, he will laugh at the trial of the innocent.
24 ২৪ পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
The earth is given into the hand of the wicked: he covers the faces of the judges thereof; if not, where, and who is he?
25 ২৫ মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
Now my days are swifter than a post: they flee away, they see no good.
26 ২৬ সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
They are passed away as the swift ships: as the eagle that hastes to the prey.
27 ২৭ যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
If I say, I will forget my complaint, I will leave off my heaviness, and comfort myself:
28 ২৮ তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
I am afraid of all my sorrows, I know that you will not hold me innocent.
29 ২৯ মই দোষী হবই লাগিব; তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
If I be wicked, why then labour I in vain?
30 ৩০ যদি মই হিমৰ পানীত গা ধোওঁ, আৰু খাৰেৰে হাত চাফা কৰোঁ,
If I wash myself with snow water, and make my hands never so clean;
31 ৩১ তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
Yet shall you plunge me in the ditch, and mine own clothes shall detest me.
32 ৩২ কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
For he is not a man, as I am, that I should answer him, and we should come together in judgment.
33 ৩৩ আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।
Neither is there any arbitrator between us, that might lay his hand upon us both.
34 ৩৪ তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
Let him take his rod away from me, and let not his fear terrify me:
35 ৩৫ তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।
Then would I speak, and not fear him; but it is not so with me.

< যোব 9 >