< যোব 8 >
1 ১ তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
Then Bildad, from [the] Shuah [area], spoke to Job. He said,
2 ২ তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
“Job, how much longer will you talk like this? What you say is [only] hot air.
3 ৩ ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
Almighty God certainly never does [RHQ] what is unfair/unjust. He always does [LIT] what is right/fair.
4 ৪ তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
So, it is evident that your children have sinned against him, therefore he has caused them to be punished for evil things that they have done.
5 ৫ তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
But, if you will [now] earnestly request [DOU] Almighty [God] to help you,
6 ৬ তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
and if you are pure and honest/righteous, he will surely do something good for you and reward you by giving your family back to you and enabling you to prosper.
7 ৭ আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
And even though you [think that you] were not very prosperous/wealthy before, during the last part of your life you will become very wealthy.
8 ৮ কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
“I request you to think about what happened long ago and consider what our ancestors found out.
9 ৯ কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
[It seems as though] we were born only yesterday and we know very little [HYP]; our time here on the earth [disappears quickly, like] a shadow [MET].
10 ১০ তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
So, why do you not allow your ancestors to teach you and tell you something? Allow them to tell you from what they learned!
11 ১১ জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
Papyrus can certainly not [RHQ] grow in places where there is no marsh/swamp; reeds certainly cannot [RHQ] flourish/grow where there is no water.
12 ১২ সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
[If they do not have enough water], while they are still blossoming, they wither more quickly than other plants wither.
13 ১৩ ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
Those who do not pay attention to what God says are like those [reeds]; godless people stop confidently expecting [that good things will happen to them].
14 ১৪ তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
The things they confidently expect to happen do not happen; things they trust [will help them] are [as fragile as] [MET] a spider’s web.
15 ১৫ সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
If they lean against a house (OR, trust in their wealth; OR, lean on a spider web), it does not (endure/protect them) [LIT]; they cling to things [to be protected], but those things do not remain firm.
16 ১৬ যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
Godless people [are like plants] [MET] that are watered before the sun rises; their shoots spread all over the gardens.
17 ১৭ যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
The roots of those plants twist around piles of stones and cling tightly to rocks.
18 ১৮ কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
But if those plants are pulled out, [it is as though] the place where they were planted says ‘They were never here!’ [And that is what happens to wicked people who do not heed what God says].
19 ১৯ চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
Truly, evil people [MET] are not joyful [IRO] for a long time; other people come and take their places.
20 ২০ চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
:So, [I tell you, Job], God will not reject you if you are truly godly/righteous, but he does not help [IDM] evil people.
21 ২১ তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
He will enable you [MTY] to continually laugh and to always shout [joyfully].
22 ২২ সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
But those who hate you will be very ashamed, and the homes of wicked people will disappear.”