< যোব 8 >

1 তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
Saa tog Sjuhiten Bildad til Orde og sagde:
2 তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
Hvor længe taler du saa, hvor længe skal Mundens Uvejr rase?
3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
Mon Gud vel bøjer Retten, bøjer den Almægtige Retfærd?
4 তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
Har dine Sønner syndet imod ham, og gav han dem deres Brøde i Vold,
5 তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
saa søg du nu hen til Gud og bed hans Almagt om Naade!
6 তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
Saafremt du er ren og oprigtig, ja, da vil han vaage over dig, genrejse din Retfærds Bolig;
7 আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
din fordums Lykke vil synes ringe, saare stor skal din Fremtid blive.
8 কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
Thi spørg dog den henfarne Slægt, læg Mærke til Fædrenes Granskning!
9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
Vi er fra i Gaar, og intet ved vi, en Skygge er vore Dage paa Jord.
10 ১০ তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
Mon ej de kan lære dig, sige dig det og give dig Svar af Hjertet:
11 ১১ জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
Vokser der Siv, hvor der ikke er Sump, gror Nilgræs frem, hvor der ikke er Vand?
12 ১২ সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
Endnu i Grøde, uden at høstes, visner det før alt andet Græs.
13 ১৩ ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
Saa gaar det enhver, der glemmer Gud, en vanhelligs Haab slaar fejl:
14 ১৪ তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
som Sommerspind er hans Tilflugt, hans Tillid er Spindelvæv;
15 ১৫ সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
han støtter sig til sit Hus, det falder, han klynger sig til det, ej staar det fast.
16 ১৬ যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
I Solskinnet vokser han frodigt, hans Ranker breder sig Haven over,
17 ১৭ যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
i Stendynger fletter hans Rødder sig ind, han hager sig fast mellem Sten;
18 ১৮ কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
men rives han bort fra sit Sted, fornægter det ham: »Jeg har ikke set dig!«
19 ১৯ চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
Se, det er Glæden, han har af sin Vej, og af Jorden fremspirer en anden!
20 ২০ চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
Se, Gud agter ej den uskyldige ringe, han holder ej fast ved de ondes Haand.
21 ২১ তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
End skal han fylde din Mund med Latter og dine Læber med Jubel;
22 ২২ সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
dine Avindsmænd skal klædes i Skam og gudløses Telt ej findes mer!

< যোব 8 >