< যোব 8 >

1 তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
Pamenepo Bilidadi wa ku Suki anayankha kuti,
2 তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
“Kodi udzakhala ukuyankhula zoterezi mpaka liti? Mawu ako ali ngati mphepo yamkuntho.
3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
Kodi Mulungu amapotoza chiweruzo cholungama? Kodi Wamphamvuzonse amalephera kuchita zachilungamo?
4 তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
Pamene ana ako anamuchimwira Mulungu, Iye anawapereka kuti alangidwe chifukwa cha tchimo lawo.
5 তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
Koma utayangʼana kwa Mulungu, ndi kudandaulira Wamphamvuzonse,
6 তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
ngati uli wangwiro ndi wolungama mtima ngakhale tsopano Iye adzachitapo kanthu mʼmalo mwako ndipo adzakubwezeretsa pa malo ako oyenera.
7 আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
Chiyambi chako chidzaoneka ngati chochepa koma chimaliziro chako chidzakhala chopambana.
8 কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
“Funsa kwa anthu amvulazakale ndipo upeze zimene makolo awo anaziphunzira
9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
pakuti ife ndife ana adzulodzuloli ndipo sitidziwa chilichonse, ndipo moyo wathu pa dziko lapansi uli ngati chithunzithunzi.
10 ১০ তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
Kodi iwo sadzakulangiza ndi kukufotokozera? Kodi sadzakuwuza mawu ochokera pa zimene amazidziwa?
11 ১১ জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
Kodi bango nʼkumera pa nthaka yopanda chinyontho? Nanga mawango nʼkukula bwino popanda madzi?
12 ১২ সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
Popanda madzi, zimenezi zimafota zikanali zaziwisi ndi zosadula; zimawuma msangamsanga kuposa bango.
13 ১৩ ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
Ndimo mmene amachitira anthu onse amene amayiwala Mulungu; ndi mmene chiyembekezo cha munthu wosapembedza Mulungu chimathera.
14 ১৪ তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
Kulimba mtima kwake kumafowoka; zimene iye amadalira zili ngati ukonde wa kangawude.
15 ১৫ সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
Iye amatsamira ukonde wake, koma umaduka; amawugwiritsitsa koma sulimba.
16 ১৬ যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
Munthu woyipayo ali ngati chomera chothiriridwa bwino chimene chili pa dzuwa, nthambi zake zimatambalala pa munda wake;
17 ১৭ যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
mizu yake imayanga pa mulu wa miyala ndi kufunafuna malo woti izikike pa miyalapo.
18 ১৮ কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
Koma pamene yachotsedwa pamalo pakepo, pamalopo pamakana chomeracho ndi kuti, ‘Ine sindinakuonepo.’
19 ১৯ চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
Ndithudi chomeracho chimafota, ndipo pa nthakapo pamatuluka zomera zina.
20 ২০ চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
“Ndithudi, Mulungu sakana munthu amene alibe cholakwa kapena kulimbikitsa anthu ochita zoyipa.
21 ২১ তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
Iye adzadzaza mʼkamwa mwako ndi phwete ndipo milomo yako idzafuwula ndi chimwemwe.
22 ২২ সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
Adani ako adzachita manyazi, ndipo malo okhalamo anthu oyipa sadzaonekanso.”

< যোব 8 >