< যোব 7 >
1 ১ পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
Не искушение ли житие человеку на земли, и якоже наемника повседневнаго жизнь его?
2 ২ সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
Или якоже раб бояйся господа своего и улучив сень? Или якоже наемник ждый мзды своея?
3 ৩ অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
Такожде и аз ждах месяцы тщы, нощи же болезней даны ми суть.
4 ৪ শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
Аще усну, глаголю: когда день? Егда же востану, паки: когда вечер? Исполнен же бываю болезней от вечера до утра.
5 ৫ পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
Месится же мое тело в гнои червей, обливаю же грудие земли, гной стружа.
6 ৬ মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
Житие же мое есть скоряе беседы, погибе же во тщей надежди.
7 ৭ তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
Помяни убо, яко дух мой живот, и ктому не возвратится око мое видети благая.
8 ৮ মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
Не узрит мене око видящаго мя: очи Твои на мне, и ктому несмь,
9 ৯ মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। (Sheol )
якоже облак очищен от небесе: аще бо человек снидет во ад, ктому не взыдет, (Sheol )
10 ১০ তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
ни возвратится во свой дом, ниже имать его познати ктому место его.
11 ১১ এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
Убо ниже аз пощажу уст моих, возглаголю в нужди сый, отверзу уста моя горестию души моея сотеснен.
12 ১২ তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
Еда море есмь, или змий, яко учинил еси на мя хранение?
13 ১৩ মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
Рекох, яко утешит мя одр мой, произнесу же ко мне на едине слово на ложи моем:
14 ১৪ তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
устрашаеши мя сониями и видениями ужасаеши мя:
15 ১৫ তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
свободиши от духа моего душу мою, от смерти же кости моя.
16 ১৬ জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
Не поживу бо во век, да долготерплю: отступи от мене, тще бо житие мое.
17 ১৭ মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া,
Что бо есть человек, яко возвеличил еси его? Или яко внимаеши умом к нему?
18 ১৮ তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
Или посещение твориши ему по всяко утро и в покои судити его имаши?
19 ১৯ তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
Доколе не оставиши мене, ниже отпускаеши мя, дондеже поглощу слины моя в болезни?
20 ২০ হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
Аще аз согреших, что Тебе возмогу соделати, сведый ум человечь? Почто мя еси положил прекословна Тебе, и есмь Тебе бременем?
21 ২১ তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”
Почто неси сотворил беззаконию моему забвения, и очищения греха моего? Ныне же в землю отиду, утренюяй же несмь ктому.