< যোব 6 >
1 ১ তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
Eyüp şöyle yanıtladı:
2 ২ “অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
“Keşke üzüntüm tartılabilse, Acım teraziye konabilseydi!
3 ৩ কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
Denizlerin kumundan ağır gelirdi, Bu yüzden abuk sabuk konuştum.
4 ৪ কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
Çünkü Her Şeye Gücü Yeten'in okları içimde, Ruhum onların zehirini içiyor, Tanrı'nın dehşetleri karşıma dizildi.
5 ৫ বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
Otu olan yaban eşeği anırır mı, Yemi olan öküz böğürür mü?
6 ৬ যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
Tatsız bir şey tuzsuz yenir mi, Yumurta akında tat bulunur mu?
7 ৭ মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
Böyle yiyeceklere dokunmak istemiyorum, Beni hasta ediyorlar.
8 ৮ অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
“Keşke dileğim yerine gelse, Tanrı özlediğimi bana verse!
9 ৯ অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
Kerem edip beni ezse, Elini çabuk tutup yaşam bağımı kesse!
10 ১০ সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
Yine avunur, Amansız derdime karşın sevinirdim, Çünkü Kutsal Olan'ın sözlerini yadsımadım.
11 ১১ মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
Gücüm nedir ki, bekleyeyim? Sonum nedir ki, sabredeyim?
12 ১২ মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
Taş kadar güçlü müyüm, Etim tunçtan mı?
13 ১৩ মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
Çaresiz kalınca Kendimi kurtaracak gücüm mü olur?
14 ১৪ নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
“Kederli insana dost sevgisi gerekir, Her Şeye Gücü Yeten'den korkmaktan vazgeçse bile.
15 ১৫ মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
Kardeşlerim kuru bir dere gibi beni aldattı; Hani gürül gürül akan dereler vardır,
16 ১৬ সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
Eriyen buzlarla taşan, Kar sularıyla beslenen,
17 ১৭ কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
Ama kurak mevsimde akmayan, Sıcakta yataklarında tükenen dereler... İşte öyle aldattılar beni.
18 ১৮ সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
O dereler için kervanlar yolundan sapar, Çöle çıkıp yok olurlar. Tema'nın kervanları su arar, Saba'dan gelen yolcular umutla bakar.
19 ১৯ তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
20 ২০ কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
Ama oraya varınca umut bağladıkları için utanır, Hayal kırıklığına uğrarlar.
21 ২১ কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
Artık siz de bir hiç oldunuz, Dehşete kapılıp korkuyorsunuz.
22 ২২ মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
‘Benim için bir şey verin’ Ya da, ‘Rüşvet verip Beni düşmanın elinden kurtarın, Acımasızların elinden alın’ dedim mi?
23 ২৩ বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
24 ২৪ মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
“Bana öğretin, susayım, Yanlışımı gösterin.
25 ২৫ ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
Doğru söz acıdır! Ama tartışmalarınız neyi kanıtlıyor?
26 ২৬ তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
Sözlerimi düzeltmek mi istiyorsunuz? Çaresizin sözlerini boş laf mı sayıyorsunuz?
27 ২৭ তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
Öksüzün üzerine kura çeker, Arkadaşınızın üzerine pazarlık ederdiniz.
28 ২৮ এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
“Şimdi lütfedip bana bakın, Yüzünüze karşı yalan söyleyecek değilim ya.
29 ২৯ মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
Bırakın artık, haksızlık etmeyin, Bir daha düşünün, davamda haklıyım.
30 ৩০ মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?
Ağzımdan haksız bir söz çıkıyor mu, Damağım kötü niyeti ayırt edemiyor mu?