< যোব 6 >

1 তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
וַיַּ֥עַן אִיֹּ֗וב וַיֹּאמַֽר׃
2 “অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
ל֗וּ שָׁקֹ֣ול יִשָּׁקֵ֣ל כַּעְשִׂ֑י וְהַיָּתִי (וְ֝הַוָּתִ֗י) בְּֽמֹאזְנַ֥יִם יִשְׂאוּ־יָֽחַד׃
3 কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
כִּֽי־עַתָּ֗ה מֵחֹ֣ול יַמִּ֣ים יִכְבָּ֑ד עַל־כֵּ֝֗ן דְּבָרַ֥י לָֽעוּ׃
4 কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
כִּ֤י חִצֵּ֪י שַׁדַּ֡י עִמָּדִ֗י אֲשֶׁ֣ר חֲ֭מָתָם שֹׁתָ֣ה רוּחִ֑י בִּעוּתֵ֖י אֱלֹ֣והַּ יַֽעַרְכֽוּנִי׃
5 বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
הֲיִֽנְהַק־פֶּ֥רֶא עֲלֵי־דֶ֑שֶׁא אִ֥ם יִגְעֶה־שֹּׁ֝֗ור עַל־בְּלִילֹֽו׃
6 যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
הֲיֵאָכֵ֣ל תָּ֭פֵל מִבְּלִי־מֶ֑לַח אִם־יֶשׁ־טַ֝֗עַם בְּרִ֣יר חַלָּמֽוּת׃
7 মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
מֵאֲנָ֣ה לִנְגֹּ֣ועַ נַפְשִׁ֑י הֵ֝֗מָּה כִּדְוֵ֥י לַחְמִֽי׃
8 অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
מִֽי־יִ֭תֵּן תָּבֹ֣וא שֶֽׁאֱלָתִ֑י וְ֝תִקְוָתִ֗י יִתֵּ֥ן אֱלֹֽוהַּ׃
9 অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
וְיֹאֵ֣ל אֱ֭לֹוהַּ וִֽידַכְּאֵ֑נִי יַתֵּ֥ר יָ֝דֹ֗ו וִֽיבַצְּעֵֽנִי׃
10 ১০ সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
וּ֥תְהִי עֹ֨וד ׀ נֶ֘חָ֤מָתִ֗י וַאֲסַלְּדָ֣ה בְ֭חִילָה לֹ֣א יַחְמֹ֑ול כִּי־לֹ֥א כִ֝חַ֗דְתִּי אִמְרֵ֥י קָדֹֽושׁ׃
11 ১১ মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
מַה־כֹּחִ֥י כִֽי־אֲיַחֵ֑ל וּמַה־קִּ֝צִּ֗י כִּֽי־אַאֲרִ֥יךְ נַפְשִֽׁי׃
12 ১২ মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
אִם־כֹּ֣חַ אֲבָנִ֣ים כֹּחִ֑י אִֽם־בְּשָׂרִ֥י נָחֽוּשׁ׃
13 ১৩ মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
הַאִ֬ם אֵ֣ין עֶזְרָתִ֣י בִ֑י וְ֝תֻשִׁיָּ֗ה נִדְּחָ֥ה מִמֶּֽנִּי׃
14 ১৪ নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
לַמָּ֣ס מֵרֵעֵ֣הוּ חָ֑סֶד וְיִרְאַ֖ת שַׁדַּ֣י יַעֲזֹֽוב׃
15 ১৫ মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
אַ֭חַי בָּגְד֣וּ כְמֹו־נָ֑חַל כַּאֲפִ֖יק נְחָלִ֣ים יַעֲבֹֽרוּ׃
16 ১৬ সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
הַקֹּדְרִ֥ים מִנִּי־קָ֑רַח עָ֝לֵ֗ימֹו יִתְעַלֶּם־שָֽׁלֶג׃
17 ১৭ কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
בְּ֭עֵת יְזֹרְב֣וּ נִצְמָ֑תוּ בְּ֝חֻמֹּ֗ו נִדְעֲכ֥וּ מִמְּקֹומָֽם׃
18 ১৮ সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
יִ֭לָּ֣פְתוּ אָרְחֹ֣ות דַּרְכָּ֑ם יַעֲל֖וּ בַתֹּ֣הוּ וְיֹאבֵֽדוּ׃
19 ১৯ তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
הִ֭בִּיטוּ אָרְחֹ֣ות תֵּמָ֑א הֲלִיכֹ֥ת שְׁ֝בָ֗א קִוּוּ־לָֽמֹו׃
20 ২০ কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
בֹּ֥שׁוּ כִּֽי־בָטָ֑ח בָּ֥אוּ עָ֝דֶ֗יהָ וַיֶּחְפָּֽרוּ׃
21 ২১ কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
כִּֽי־עַ֭תָּה הֱיִ֣יתֶם לֹא (לֹ֑ו) תִּֽרְא֥וּ חֲ֝תַ֗ת וַתִּירָֽאוּ׃
22 ২২ মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
הֲ‍ֽכִי־אָ֭מַרְתִּי הָ֣בוּ לִ֑י וּ֝מִכֹּחֲכֶ֗ם שִׁחֲד֥וּ בַעֲדִֽי׃
23 ২৩ বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
וּמַלְּט֥וּנִי מִיַּד־צָ֑ר וּמִיַּ֖ד עָרִיצִ֣ים תִּפְדּֽוּנִי׃
24 ২৪ মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
הֹ֭ורוּנִי וַאֲנִ֣י אַחֲרִ֑ישׁ וּמַה־שָּׁ֝גִ֗יתִי הָבִ֥ינוּ לִֽי׃
25 ২৫ ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
מַה־נִּמְרְצ֥וּ אִמְרֵי־יֹ֑שֶׁר וּמַה־יֹּוכִ֖יחַ הֹוכֵ֣חַ מִכֶּֽם׃
26 ২৬ তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
הַלְהֹוכַ֣ח מִלִּ֣ים תַּחְשֹׁ֑בוּ וּ֝לְר֗וּחַ אִמְרֵ֥י נֹאָֽשׁ׃
27 ২৭ তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
אַף־עַל־יָתֹ֥ום תַּפִּ֑ילוּ וְ֝תִכְר֗וּ עַל־רֵֽיעֲכֶֽם׃
28 ২৮ এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
וְ֭עַתָּה הֹואִ֣ילוּ פְנוּ־בִ֑י וְעַל־פְּ֝נֵיכֶ֗ם אִם־אֲכַזֵּֽב׃
29 ২৯ মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
שֻֽׁבוּ־נָ֭א אַל־תְּהִ֣י עַוְלָ֑ה וְשֻׁבִי (וְשׁ֥וּבוּ) עֹ֝וד צִדְקִי־בָֽהּ׃
30 ৩০ মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?
הֲיֵשׁ־בִּלְשֹׁונִ֥י עַוְלָ֑ה אִם־חִ֝כִּ֗י לֹא־יָבִ֥ין הַוֹּֽות׃

< যোব 6 >