< যোব 5 >

1 “এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
Voca ergo, si est qui tibi respondeat, et ad aliquem sanctorum convertere.
2 কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
Vere stultum interficit iracundia, et parvulum occidit invidia.
3 মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
Ego vidi stultum firma radice, et maledixi pulchritudini eius statim.
4 তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
Longe fient filii eius a salute, et conterentur in porta, et non erit qui eruat.
5 ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
Cuius messem famelicus comedet, et ipsum rapiet armatus, et bibent sitientes divitias eius.
6 কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
Nihil in terra sine causa fit, et de humo non oritur dolor.
7 কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
Homo nascitur ad laborem, et avis ad volatum.
8 কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
Quam ob rem ego deprecabor Dominum, et ad Deum ponam eloquium meum:
9 অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
Qui facit magna et inscrutabilia et mirabilia absque numero:
10 ১০ তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
Qui dat pluviam super faciem terræ, et irrigat aquis universa:
11 ১১ তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
Qui ponit humiles in sublime, et mœrentes erigit sospitate:
12 ১২ তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
Qui dissipat cogitationes malignorum, ne possint implere manus eorum quod cœperant:
13 ১৩ তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
Qui apprehendit sapientes in astutia eorum, et consilium pravorum dissipat:
14 ১৪ সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
Per diem incurrent tenebras, et quasi in nocte sic palpabunt in meridie.
15 ১৫ কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
Porro salvum faciet egenum a gladio oris eorum, et de manu violenti pauperem.
16 ১৬ এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
Et erit egeno spes, iniquitas autem contrahet os suum.
17 ১৭ চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
Beatus homo qui corripitur a Deo: increpationem ergo Domini ne reprobes:
18 ১৮ কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
Quia ipse vulnerat, et medetur: percutit, et manus eius sanabunt.
19 ১৯ তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
In sex tribulationibus liberabit te, et in septima non tangent te malum.
20 ২০ তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
In fame eruet te de morte, et in bello de manu gladii.
21 ২১ তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
A flagello linguæ absconderis, et non timebis calamitatem cum venerit.
22 ২২ বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
In vastitate, et fame ridebis, et bestias terræ non formidabis.
23 ২৩ কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
Sed cum lapidibus regionum pactum tuum, et bestiæ terræ pacificæ erunt tibi.
24 ২৪ তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
Et scies quod pacem habeat tabernaculum tuum, et visitans speciem tuam, non peccabis.
25 ২৫ তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
Scies quoque quoniam multiplex erit semen tuum, et progenies tua quasi herba terræ.
26 ২৬ ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
Ingredieris in abundantia sepulchrum, sicut infertur acervus tritici in tempore suo.
27 ২৭ চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”
Ecce, hoc, ut investigavimus, ita est: quod auditum, mente pertracta.

< যোব 5 >