< যোব 5 >
1 ১ “এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
Voku do! ĉu iu respondos al vi? Kaj al kiu el la sanktuloj vi vin turnos?
2 ২ কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
Malsaĝulon mortigas la kolero, Kaj sensenculon pereigas la incitiĝemeco.
3 ৩ মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
Mi vidis malsaĝulon, kiu enradikiĝis, Kaj mi malbenis subite lian loĝejon.
4 ৪ তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
Malproksimaj de savo estos liaj filoj; Oni disbatos ilin ĉe la pordego, Kaj neniu ilin savos.
5 ৫ ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
Lian rikoltaĵon formanĝos malsatulo, El inter la dornoj li ĝin prenos, Kaj soifantoj englutos lian havaĵon.
6 ৬ কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
Ne el la polvo eliras malpiaĵo, Kaj ne el la tero elkreskas malbonago.
7 ৭ কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
Sed homo naskiĝas por suferoj, Kiel birdoj por flugado supren.
8 ৮ কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
Sed mi min turnus al Dio, Kaj al Li mi transdonus mian aferon;
9 ৯ অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
Al Tiu, kiu faras grandaĵojn, kiujn neniu povas esplori, Mirindaĵojn, kiujn neniu povas kalkuli;
10 ১০ তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
Kiu donas pluvon sur la teron Kaj sendas akvon sur la kampojn,
11 ১১ তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
Por starigi malaltulojn alte, Ke la afliktitoj leviĝu savite.
12 ১২ তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
Li detruas la intencojn de ruzuloj, Ke iliaj manoj ne plenumas sian entreprenon.
13 ১৩ তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
Li kaptas la saĝulojn per ilia ruzaĵo; Kaj la decido de maliculoj fariĝas senvalora.
14 ১৪ সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
En la tago ili renkontas mallumon, Kaj en tagmezo ili palpas, kiel en nokto.
15 ১৫ কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
Li savas kontraŭ glavo, Kontraŭ la buŝo kaj mano de potenculo Li savas malriĉulon.
16 ১৬ এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
Al la senhavulo aperas espero, Kaj la malboneco fermas sian buŝon.
17 ১৭ চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
Feliĉa estas la homo, kiun punas Dio; Kaj la moralinstruon de la Plejpotenculo ne malŝatu;
18 ১৮ কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
Ĉar Li vundas, sed ankaŭ bandaĝas; Li batas, sed Liaj manoj ankaŭ resanigas.
19 ১৯ তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
En ses malfeliĉoj Li vin savos; En la sepa ne tuŝos vin la malbono.
20 ২০ তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
En tempo de malsato Li savos vin de la morto, Kaj en milito el la mano de glavo.
21 ২১ তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
Kontraŭ la vipo de lango vi estos kaŝita; Kaj vi ne timos ruinigon, kiam ĝi venos.
22 ২২ বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
Dum ruinigo kaj malsato vi ridos; Kaj la bestojn de la tero vi ne timos;
23 ২৩ কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
Ĉar kun la ŝtonoj de la kampo vi havos interligon, Kaj la bestoj de la kampo havos pacon kun vi.
24 ২৪ তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
Kaj vi ekscios, ke paco estas en via tendo; Vi esploros vian loĝejon, kaj nenio mankos.
25 ২৫ তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
Kaj vi ekscios, ke grandnombra estas via idaro Kaj via naskitaro estas kiel la herbo de la tero.
26 ২৬ ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
En maljuneco vi iros en la tombon, Kiel envenas garbaro en sia tempo.
27 ২৭ চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”
Vidu, ni tion esploris, kaj tiel ĝi estas; Atentu tion, kaj sciu tion.