< যোব 42 >
1 ১ তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
ὑπολαβὼν δὲ Ιωβ λέγει τῷ κυρίῳ
2 ২ “মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।
οἶδα ὅτι πάντα δύνασαι ἀδυνατεῖ δέ σοι οὐθέν
3 ৩ তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।
τίς γάρ ἐστιν ὁ κρύπτων σε βουλήν φειδόμενος δὲ ῥημάτων καὶ σὲ οἴεται κρύπτειν τίς δὲ ἀναγγελεῖ μοι ἃ οὐκ ᾔδειν μεγάλα καὶ θαυμαστὰ ἃ οὐκ ἠπιστάμην
4 ৪ মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।
ἄκουσον δέ μου κύριε ἵνα κἀγὼ λαλήσω ἐρωτήσω δέ σε σὺ δέ με δίδαξον
5 ৫ পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।
ἀκοὴν μὲν ὠτὸς ἤκουόν σου τὸ πρότερον νυνὶ δὲ ὁ ὀφθαλμός μου ἑόρακέν σε
6 ৬ এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
διὸ ἐφαύλισα ἐμαυτὸν καὶ ἐτάκην ἥγημαι δὲ ἐμαυτὸν γῆν καὶ σποδόν
7 ৭ যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
ἐγένετο δὲ μετὰ τὸ λαλῆσαι τὸν κύριον πάντα τὰ ῥήματα ταῦτα τῷ Ιωβ εἶπεν ὁ κύριος Ελιφας τῷ Θαιμανίτῃ ἥμαρτες σὺ καὶ οἱ δύο φίλοι σου οὐ γὰρ ἐλαλήσατε ἐνώπιόν μου ἀληθὲς οὐδὲν ὥσπερ ὁ θεράπων μου Ιωβ
8 ৮ এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
νῦν δὲ λάβετε ἑπτὰ μόσχους καὶ ἑπτὰ κριοὺς καὶ πορεύθητε πρὸς τὸν θεράποντά μου Ιωβ καὶ ποιήσει κάρπωσιν περὶ ὑμῶν Ιωβ δὲ ὁ θεράπων μου εὔξεται περὶ ὑμῶν ὅτι εἰ μὴ πρόσωπον αὐτοῦ λήμψομαι εἰ μὴ γὰρ δῑ αὐτόν ἀπώλεσα ἂν ὑμᾶς οὐ γὰρ ἐλαλήσατε ἀληθὲς κατὰ τοῦ θεράποντός μου Ιωβ
9 ৯ তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।
ἐπορεύθη δὲ Ελιφας ὁ Θαιμανίτης καὶ Βαλδαδ ὁ Σαυχίτης καὶ Σωφαρ ὁ Μιναῖος καὶ ἐποίησαν καθὼς συνέταξεν αὐτοῖς ὁ κύριος καὶ ἔλυσεν τὴν ἁμαρτίαν αὐτοῖς διὰ Ιωβ
10 ১০ যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
ὁ δὲ κύριος ηὔξησεν τὸν Ιωβ εὐξαμένου δὲ αὐτοῦ καὶ περὶ τῶν φίλων αὐτοῦ ἀφῆκεν αὐτοῖς τὴν ἁμαρτίαν ἔδωκεν δὲ ὁ κύριος διπλᾶ ὅσα ἦν ἔμπροσθεν Ιωβ εἰς διπλασιασμόν
11 ১১ পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে।
ἤκουσαν δὲ πάντες οἱ ἀδελφοὶ αὐτοῦ καὶ αἱ ἀδελφαὶ αὐτοῦ πάντα τὰ συμβεβηκότα αὐτῷ καὶ ἦλθον πρὸς αὐτὸν καὶ πάντες ὅσοι ᾔδεισαν αὐτὸν ἐκ πρώτου φαγόντες δὲ καὶ πιόντες παρ’ αὐτῷ παρεκάλεσαν αὐτόν καὶ ἐθαύμασαν ἐπὶ πᾶσιν οἷς ἐπήγαγεν αὐτῷ ὁ κύριος ἔδωκεν δὲ αὐτῷ ἕκαστος ἀμνάδα μίαν καὶ τετράδραχμον χρυσοῦν ἄσημον
12 ১২ এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।
ὁ δὲ κύριος εὐλόγησεν τὰ ἔσχατα Ιωβ ἢ τὰ ἔμπροσθεν ἦν δὲ τὰ κτήνη αὐτοῦ πρόβατα μύρια τετρακισχίλια κάμηλοι ἑξακισχίλιαι ζεύγη βοῶν χίλια ὄνοι θήλειαι νομάδες χίλιαι
13 ১৩ তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।
γεννῶνται δὲ αὐτῷ υἱοὶ ἑπτὰ καὶ θυγατέρες τρεῖς
14 ১৪ তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।
καὶ ἐκάλεσεν τὴν μὲν πρώτην Ἡμέραν τὴν δὲ δευτέραν Κασίαν τὴν δὲ τρίτην Ἀμαλθείας κέρας
15 ১৫ ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে।
καὶ οὐχ εὑρέθησαν κατὰ τὰς θυγατέρας Ιωβ βελτίους αὐτῶν ἐν τῇ ὑπ’ οὐρανόν ἔδωκεν δὲ αὐταῖς ὁ πατὴρ κληρονομίαν ἐν τοῖς ἀδελφοῖς
16 ১৬ ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।
ἔζησεν δὲ Ιωβ μετὰ τὴν πληγὴν ἔτη ἑκατὸν ἑβδομήκοντα τὰ δὲ πάντα ἔζησεν ἔτη διακόσια τεσσαράκοντα ὀκτώ καὶ εἶδεν Ιωβ τοὺς υἱοὺς αὐτοῦ καὶ τοὺς υἱοὺς τῶν υἱῶν αὐτοῦ τετάρτην γενεάν
17 ১৭ এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।
καὶ ἐτελεύτησεν Ιωβ πρεσβύτερος καὶ πλήρης ἡμερῶν