< যোব 41 >
1 ১ তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
Ungamhudula yini uLeviyathani ngengwegwe, kumbe ulimi lwakhe ngentambo oyenza itshone?
2 ২ তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
Ungafaka yini umhlanga ekhaleni lakhe, kumbe ubhoboze umhlathi wakhe ngameva?
3 ৩ সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
Uzakuncenga kanengi yini? Uzakhuluma lawe ngathambileyo yini?
4 ৪ তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
Uzakwenza isivumelwano lawe yini? Uzamthatha abe yinceku kokuphela yini?
5 ৫ চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
Uzadlala laye yini njengenyoni? Kumbe uzambophela amantombazana akho yini?
6 ৬ মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
Abathengi bazathengiselana ngaye yini? Bazakwehlukaniselana ngaye yini phakathi kwabathengisayo?
7 ৭ তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
Uzagcwalisa yini isikhumba sakhe ngezinhlendla, lekhanda lakhe ngemikhonto yenhlanzi?
8 ৮ তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
Beka isandla sakho phezu kwakhe, khumbula impi, ungakwenzi futhi.
9 ৯ চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
Khangela, ithemba lakhe lizakuba ngamanga. Laye uzaphoselwa phansi yini ngokumbona?
10 ১০ এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
Kakho olesihluku sokuthi amvuse. Ngubani-ke yena ongazimisa phambi kwami?
11 ১১ আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
Ngubani onganduleleyo ukuthi ngimbhadale? Okungaphansi kwamazulu wonke ngokwami.
12 ১২ মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
Kangiyikuthula mayelana lezitho zakhe, lendaba yamandla akhe, lobuhle besimo sakhe.
13 ১৩ তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
Ngubani ongabonakalisa ubuso besembatho sakhe? Ngubani ongeza lamatomu akhe aphindwe kabili?
14 ১৪ তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
Ngubani ongavula iminyango yobuso bakhe? Amazinyo akhe ayesabeka inhlangothi zonke.
15 ১৫ তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
Imizila yamahawu akhe ilokuziqhenya, ivalelwe ngophawu oluqinisiweyo.
16 ১৬ সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
Elinye lisondele kwelinye, ukuze kungangeni umoya phakathi kwawo.
17 ১৭ সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
Ahlangene, abambana, ukuze angehlukaniswa.
18 ১৮ তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
Ukuthimula kwakhe kuphazima ukukhanya, lamehlo akhe anjengenkophe zemadabukakusa.
19 ১৯ তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
Emlonyeni wakhe kuphuma izihlanti, ziqhatshe ziphume inhlansi zomlilo.
20 ২০ উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
Emakhaleni akhe kuphuma intuthu, njengembiza ebilayo lemihlanga.
21 ২১ তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
Umoya wakhe uvuthela amalahle, lelangabi liphume emlonyeni wakhe.
22 ২২ তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
Entanyeni yakhe kuhlala amandla, laphambi kwakhe kugiya usizi.
23 ২৩ তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
Amavinqo enyama yakhe anamathelene, aqinile kuye, kawanyikinyeki.
24 ২৪ তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
Inhliziyo yakhe iqinile njengelitshe, yebo, ilukhuni njengelitshe lokuchola elingaphansi.
25 ২৫ যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
Ekuvukeni kwakhe amaqhawe ayesaba, ngenxa yokwephulwa bayazihlambulula.
26 ২৬ যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
Ofinyelela kuye ngenkemba angeme, umkhonto, umtshoko, lomdikadika.
27 ২৭ সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
Uthatha insimbi njengotshani, ithusi njengogodo olubolileyo.
28 ২৮ ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
Umtshoko kawumenzi abaleke; amatshe esavutha aphendulwa nguye abe yizibi.
29 ২৯ সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
Isagila sitshaywa njengezibi; uhleka ukugenqeza komdikadika.
30 ৩০ তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
Ngaphansi kwakhe kulendengezi ezibukhali; wendlala izinto ezibukhali odakeni.
31 ৩১ সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
Wenza inziki zibile njengembiza, enze ulwandle lube njengembiza yamafutha.
32 ৩২ সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
Ngemva kwakhe wenza indlela ikhanye; inziki zingathiwa ziyimpunga.
33 ৩৩ ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
Kakukho emhlabeni okufanana laye, owenziwa angabi lokwesaba.
34 ৩৪ সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।
Ukhangela konke okuphakemeyo; uyinkosi phezu kwabo bonke abantwana bokuzigqaja.