< যোব 40 >
1 ১ যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
Então o SENHOR respondeu mais a Jó, dizendo:
2 ২ দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
Por acaso quem briga contra o Todo-Poderoso pode ensiná-lo? Quem quer repreender a Deus, responda a isto.
3 ৩ তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
Então Jó respondeu ao SENHOR, dizendo:
4 ৪ “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
Eis que eu sou insignificante; o que eu te responderia? Ponho minha mão sobre minha boca.
5 ৫ মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
Uma vez falei, porém não responderei; até duas vezes, porém não prosseguirei.
6 ৬ তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
Então o SENHOR respondeu a Jó desde o redemoinho, dizendo:
7 ৭ “তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
Cinge-te agora os teus lombos como homem; eu te perguntarei, e tu me explica.
8 ৮ মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
Por acaso tu anularias o meu juízo? Tu me condenarias, para te justificares?
9 ৯ তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
Tens tu braço como Deus? Ou podes tu trovejar com [tua] voz como ele?
10 ১০ তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
Orna-te, pois, de excelência e alteza; e veste-te de majestade e glória.
11 ১১ তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
Espalha os furores de tua ira; olha a todo soberbo, e abate-o.
12 ১২ প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
Olha a todo soberbo, e humilha-o; e esmaga aos perversos em seu lugar.
13 ১৩ সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
Esconde-os juntamente no pó; ata seus rostos no oculto.
14 ১৪ তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
E eu também te reconhecerei; pois tua mão direita te terá livrado.
15 ১৫ ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
Observa o beemote, ao qual eu fiz contigo; ele come erva come como o boi.
16 ১৬ চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
Eis que sua força está em seus lombos, e seu poder na musculatura de seu ventre.
17 ১৭ সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
Ele torna sua cauda dura como o cedro, e os nervos de suas coxas são entretecidos.
18 ১৮ তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
Seus ossos são [como] tubos de bronze; seus membros, como barras de ferro.
19 ১৯ ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
Ele é a obra-prima dos caminhos de Deus; aquele que o fez o proveu de sua espada.
20 ২০ পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
Pois os montes lhe produzem pasto; por isso todos os animais do campo ali se alegram.
21 ২১ সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
Ele se deita debaixo das árvores sombrias; no esconderijo das canas e da lama.
22 ২২ পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
As árvores sombrias o cobrem, cada uma com sua sombra; os salgueiros do ribeiro o cercam.
23 ২৩ চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
Ainda que o rio se torne violento, ele não se apressa; confia ainda que o Jordão transborde até sua boca.
24 ২৪ সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?
Poderiam, por acaso, capturá-lo à vista de seus olhos, [ou] com laços furar suas narinas?