< যোব 40 >

1 যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,
上主又接著問約伯說:
2 দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।
好辯之士,豈能同全能者辯論﹖非難天主的,請答覆這一切!
3 তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,
約伯回答上主說:「
4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? মই মোৰ মুখত হাত দিওঁ।
看,我這麼卑賤,我能回答什麼﹖只好用手掩口。
5 মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”
我說過一次,再不敢重複;我再說一次:我不敢再說什麼! 」
6 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,
上主由旋風中回答約伯說:
7 “তুমি বীৰৰ দৰে কঁকাল বান্ধা; মই তোমাক সোধোঁ, তুমি মোক কোৱা।
你要像勇士束好腰,我要問你,請指教我。
8 মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?
你豈能推翻我的評斷,歸罪於我,而自以為有理﹖
9 তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?
你的手臂豈能同天主的相比﹖你的聲音,那能像雷鳴﹖
10 ১০ তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
請你以尊貴和高雅作你的點綴,以光華美麗作你的衣裳;
11 ১১ তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।
發洩你的烈怒,貶抑一切高傲的人;
12 ১২ প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
視察一切傲慢的人,且加以制服,推翻惡人所處的地位;
13 ১৩ সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।
將他們一同埋在土中,把他們都關在黑暗中!
14 ১৪ তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।
如果你能這樣作,我也要稱讚你,因為你的右手救護了你。
15 ১৫ ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; সি গৰুৰ দৰে ঘাঁহহে খায়।
且看河馬,牠同你都是我造成的,牠像牛一樣吃草。
16 ১৬ চোৱা, তাৰ বল তাৰ কঁকালত আছে, তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।
牠的精力全在腰部,牠的力量是在腹部的肌肉;
17 ১৭ সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।
牠挺起尾巴好像香柏,大腿上的筋聯結在一起;
18 ১৮ তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।
牠的脊骨好似銅管,牠的骨骸有如鐵杠。
19 ১৯ ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।
牠是天主的傑作,造牠者賜給了牠利刃。
20 ২০ পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।
群山供給牠食物,百獸在那裏同牠遊戲。
21 ২১ সি পদুমনিৰ তলত শোৱে, নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।
牠臥在蓮葉之下,躺在蘆葦和沼澤深處;
22 ২২ পদুম গছবোৰে তাক ছাঁ দি ধৰে; নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।
蓮葉的蔭影遮蔽著牠,溪邊的楊柳掩護著牠。
23 ২৩ চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।
河水漲溢之時,牠毫不戰慄;約但河漲到牠口邊,牠仍安寧。
24 ২৪ সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?
誰能在牠目前捕捉牠,或以木橛穿透牠的鼻孔﹖

< যোব 40 >