< যোব 4 >
1 ১ তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
Kaj ekparolis Elifaz, la Temanano, kaj diris:
2 ২ কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
Se oni provos diri al vi vorton, tio eble estos por vi turmenta? Sed kiu povas deteni sin de parolado?
3 ৩ চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
Jen vi multajn instruis, Kaj manojn senfortiĝintajn vi refortigis;
4 ৪ তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
Falantojn restarigis viaj vortoj, Kaj fleksiĝantajn genuojn vi fortigis;
5 ৫ কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
Kaj nun, kiam tio trafis vin, vi perdis la forton; Ĝi ektuŝis vin, kaj vi ektimis.
6 ৬ ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
Ĉu ne via timo antaŭ Dio estas via konsolo? Ĉu la virteco de viaj vojoj ne estas via espero?
7 ৭ ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
Rememoru do, ĉu pereis iu senkulpa? Kaj kie virtuloj estis ekstermitaj?
8 ৮ মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
Kiel mi vidis, tiuj, kiuj plugis pekojn kaj semis malbonagojn, Tiuj ilin rikoltas;
9 ৯ ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
De la ekblovo de Dio ili pereas, Kaj de la ekspiro de Lia kolero ili malaperas.
10 ১০ সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
La kriado de leono kaj la voĉo de leopardo silentiĝis, Kaj la dentoj de junaj leonoj rompiĝis;
11 ১১ আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
Leono pereis pro manko de manĝaĵo, Kaj idoj de leonino diskuris.
12 ১২ এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
Kaj al mi kaŝe alvenis vorto, Kaj mia orelo kaptis parteton de ĝi.
13 ১৩ ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
Dum meditado pri la vizioj de la nokto, Kiam profunda dormo falas sur la homojn,
14 ১৪ তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
Atakis min teruro kaj tremo, Kaj ĉiuj miaj ostoj eksentis timon.
15 ১৫ যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
Kaj spirito traflugis antaŭ mi, Kaj la haroj sur mia korpo rigidiĝis.
16 ১৬ সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
Staris bildo antaŭ miaj okuloj, sed mi ne povis rekoni ĝian aspekton; Estis silento, kaj mi ekaŭdis voĉon, dirantan:
17 ১৭ “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
Ĉu homo estas pli justa ol Dio? Ĉu viro estas pli pura ol lia Kreinto?
18 ১৮ চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
Vidu, al Siaj servantoj Li ne konfidas, Kaj Siajn anĝelojn Li trovas mallaŭdindaj:
19 ১৯ তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
Des pli koncerne tiujn, Kiuj loĝas en argilaj dometoj, Fonditaj sur tero, Kaj kiujn formanĝas vermoj.
20 ২০ প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
De la mateno ĝis la vespero ili disfalas, Pereas por ĉiam, kaj neniu tion atentas.
21 ২১ সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”
La fadeno de ilia vivo estas distranĉita; Ili mortas, kaj ne en saĝeco.