< যোব 39 >
1 ১ তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
“Omanyi ebiro embuzi z’oku nsozi mwe zizaalira? Oba oyinza okumanya empeewo we ziwakira?
2 ২ সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে?
Oyinza okubala emyezi gye zimala zizaale? Omanyi obudde mwe zizaalira?
3 ৩ সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
Zikutama ne zizaala abaana baazo, ne ziwona obulumi bw’okuzaala.
4 ৪ সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
Abaana baazo bakula ne bagejjera ku ttale, batambula ne bagenda obutadda.
5 ৫ বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
“Ani eyaleka entulege okwetambulira mu ddembe lyayo? Ani eyasumulula emiguwa gyayo,
6 ৬ মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
gye nawa ensi ey’omuddo okuba amaka gaayo, n’ensi ey’omunnyo okubeerangamu?
7 ৭ সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
Esekerera oluyoogaano lw’ekibuga, tewuliriza kulekaana kw’abavuzi ba bidduka.
8 ৮ চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
Ebuna ensozi, ly’eddundiro lyayo, ng’enoonya ekintu kyonna ekibisi.
9 ৯ মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
“Embogo eyinza okukkiriza okuba omuweereza wo, n’esula ekiro mu kisibo kyo?
10 ১০ তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
Oyinza okugisiba ku muguwa n’ogirimisa olubimbi? Eyinza okukuvaako emabega ng’erima mu kiwonvu.
11 ১১ তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
Oyinza okugyesiga olw’amaanyi gaayo amangi? Oyinza okugirekera emirimu gyo egy’amaanyi?
12 ১২ সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
Oyinza okugyesiga okukuleetera emmere yo ey’empeke, oba okukuleetera eŋŋaano mu gguuliro lyo?
13 ১৩ উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
“Ebiwaawaatiro bya maaya bisanyusa nga byewujja, naye ebiwaawaatiro n’ebyoya bya kalooli tebiraga kisa.
14 ১৪ তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
Kubanga emaaya ebiika amagi gaayo ku ttaka, n’egaleka ne gabugumira mu musenyu,
15 ১৫ কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
ne yeerabira nti, ekigere kisobola okugaasa, era nga ensolo ey’omu nsiko eyinza okugalinnya.
16 ১৬ পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
Obwana bwayo ebuyisa bubi ng’obutali bwayo gy’obeera nti, yazaalira bwereere.
17 ১৭ কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
Kubanga Katonda teyagiwa magezi wadde okutegeera.
18 ১৮ কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
Ate bw’eyanjuluza ebiwaawaatiro byayo edduke esoomooza embalaasi n’omugoba waayo.
19 ১৯ ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
“Embalaasi ggwe ogiwa amaanyi, oba ggwe oyambaza ensingo yaayo obwoya obwewumba?
20 ২০ তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
Ggwe ogisobozesa okubuuka ng’enzige n’ekanga n’okukaaba kwayo okw’entiisa?
21 ২১ সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
Etakula ettaka mu kiwonvu, nga yeeyagala olw’amaanyi gaayo, n’eryoka efuluma okusisinkana abalwanyi abakutte ebyokulwanyisa.
22 ২২ সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
Esekerera okutya, n’eteba na kigitiisa. Ekitala tekigitiisa kugizza mabega.
23 ২৩ তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
Omufuko ogujjudde obusaale gwesuukundira ku lubuto lwayo, awamu n’effumu erimasamasa, n’akasaale.
24 ২৪ সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
Mu busungu obungi emira ettaka, tesobola kusigala mu kifo kimu ng’ekkondeere livuze.
25 ২৫ শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
Ekkondeere bwe livuga n’egamba nti, ‘Awo!’ N’ewunyiriza olutalo olukyali ewala, n’ewulira n’okuleekaana kwa baduumizi b’amaggye.
26 ২৬ তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
“Amagezi go ge gabuusa kamunye, n’ayanjuluza ebiwaawaatiro bye e bukiikaddyo?
27 ২৭ ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?
Ggwe olagira empungu okubuukira ewala mu bbanga, era n’ezimba n’ekisu kyayo waggulu ennyo?
28 ২৮ সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
Ku lwazi kw’ezimba amaka gaayo ekiro n’esula okwo, ku lwazi olunywevu olutabetentebwa.
29 ২৯ সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
Eyo gy’ekettera omuyiggo gw’eneerya, eriiso lyayo ligulengerera wala.
30 ৩০ তাৰ পোৱালিবোৰে তেজ পিয়ে; য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”
Obwana bwayo bunywa omusaayi, era awali emirambo w’ebeera.”