< যোব 39 >
1 ১ তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
“Kodi iwe umadziwa nthawi imene mbalale yayikazi imaswera? Kodi umaonerera pamene nswala ikubala?
2 ২ সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে?
Kodi umawerenga miyezi imene zimakhala ndi bere? Kodi nthawi imene zimaswana iwe umayidziwa?
3 ৩ সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
Zimakhala tsonga ndi kuswa ana awo; pamenepo ululu wobereka nʼkutha.
4 ৪ সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
Ana a nyamazi amakhala ndi mphamvu ndipo amakulira mʼthengo; kenaka amachoka ndipo sabwereranso.
5 ৫ বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
“Kodi bulu wakuthengo amamupatsa ndani ufulu wongodziyendera? Ndani amamasula zingwe zake?
6 ৬ মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
Ine ndinamupatsa chipululu kuti chikhale mudzi wake, nthaka ya mchere kuti ikhale malo ake okhalamo
7 ৭ সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
Iye amakhala kutali ndi phokoso la mu mzinda; ndipo samva kufuwula kwa oyendetsa nyama zakatundu.
8 ৮ চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
Amayendayenda mʼmapiri kudya msipu ndipo amafunafuna msipu uliwonse wobiriwira.
9 ৯ মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
“Kodi njati ingavomere kukutumikira? Kodi ingagone mu gome lako usiku?
10 ১০ তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
Kodi ungathe kuyimanga ndi zingwe kuti izilima? Kodi ingasalaze nthumbira mʼmunda mwako?
11 ১১ তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
Kodi ungadalire njatiyo chifukwa champhamvu zake? Kodi ungayilekere kuti igwire ntchito zako zolemetsa?
12 ১২ সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
Kodi ungadalire kuti idzakubweretsera tirigu wako ndi kumuyika ku malo opunthira?
13 ১৩ উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
“Nthiwatiwa imakupiza mapiko ake monyadira, koma mapikowo sangafanane ndi mapiko ndi nthenga za kakowa.
14 ১৪ তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
Nthiwatiwa imakwirira mazira ake pansi ndipo amafundidwa ndi nthaka,
15 ১৫ কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
nthiwatiwayo sidera nkhawa kuti mazira ake angathe kuswanyidwa, ndi kuti nyama zakuthengo zitha kuwaponda.
16 ১৬ পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
Nthiwatiwa imachitira nkhanza ana ake ngati anawo si ake; Imayiwala zoti inavutika powabala.
17 ১৭ কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
Chifukwa Mulungu anayimana nzeru, simvetsa kanthu kalikonse.
18 ১৮ কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
Komatu nthiwatiwa ikadzambatuka ndi kuyamba kuthamanga, imamusiya kutali kavalo ndi wokwerapo wake.
19 ১৯ ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
“Kodi ndiwe amene umamupatsa mphamvu kavalo kapena kumuveka chenjerere mʼkhosi mwake?
20 ২০ তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
Kodi ndiwe amene umalipatsa dzombe ulemerero wolumphira, ukali wake nʼkumachititsa mantha?
21 ২১ সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
Iye amalumphalumpha moopseza, kukondwerera mphamvu zake, ndipo amapita ku nkhondo ndi mphamvu zake zonse.
22 ২২ সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
Iye sachita mantha, saopa chilichonse; sabwerera mʼmbuyo akaona lupanga.
23 ২৩ তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
Zida zankhondo zimachita kwichikwichi mʼchimake pambali pake pamodzi ndi mkondo wonyezimira ndi nthungo.
24 ২৪ সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
Kavaloyo amanjenjemera ndi ukali ndi kulumphalumpha; satha kungoyima pamene wamva kulira kwa lipenga.
25 ২৫ শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
Lipenga likalira amati, ‘Twee!’ Amamva fungo la nkhondo ali patali, kufuwula kwa anthu olamulira nkhondo ndi mfuwu wankhondo.
26 ২৬ তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
“Kodi kabawi amawuluka ndi nzeru zako, ndi kutambasula mapiko ake kupita kummwera?
27 ২৭ ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?
Kodi umalamulira chiwombankhanga ndiwe kuti chiziwuluka ndi kumanga chisa chake pamwamba penipeni?
28 ২৮ সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
Chimakhala pa phiri ndipo chimakhala pamenepo usiku; chimakhala pa msonga penipeni pa mwala.
29 ২৯ সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
Chili pamenepo chimayangʼanayangʼana choti chigwire kuti chidye; maso ake amachionera patali chinthucho.
30 ৩০ তাৰ পোৱালিবোৰে তেজ পিয়ে; য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”
Ana ake amayamwa magazi, ndipo kumene kuli mitembo ndiko chimapezeka.”