< যোব 38 >
1 ১ তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,
S felelt az Örökkévaló Jóbnak a viharból és mondta:
2 ২ “যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?
Ki az, ki elhomályosítja a tanácsot, tudás nélküli szavakkal.
3 ৩ তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।
Övezd csak föl férfiként ágyékodat, hadd kérdelek, s te tudasd velem.
4 ৪ যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
Hol voltál, midőn alapítottam a földet, jelentsd ki, ha tudsz értelmet!
5 ৫ কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।
Ki vonta méreteit, ha tudod, vagy ki nyújtotta ki reá a mérőzsinórt?
6 ৬ সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?
Mire süllyesztettek le oszloplábai, vagy ki vetette oda sarokkövét?
7 ৭ যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?
Midőn együtt ujjongtak a reggel csillagai s riadoztak mind az Istenfiak;
8 ৮ গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?
s elrekesztette ajtókkal a tengert, midőn előtörve kijött a méhből;
9 ৯ যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,
midőn felhőt tettem öltözetévé és sűrű ködöt pólyájává,
10 ১০ আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলো-
és reája szabtam törvényemet és elhelyeztem reteszt meg ajtókat,
11 ১১ ‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’
és mondtam, idáig jöjj s ne tovább, s itt legyen határa vetve hullámaid gőgjének!
12 ১২ তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?
Világéletedben rendeltél-e reggelt, tudattad-e a hajnallal az ő helyét?
13 ১৩ সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?
Hogy megragadja a földnek széleit, hogy lerázassanak róla a gonoszok:
14 ১৪ ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।
elváltozik mint pecsét agyag, a minden előáll mint egy ruha;
15 ১৫ আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।
s megvonatik a gonoszoktól világosságuk, s a fölemelt kar megtöretik.
16 ১৬ তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?
Eljutottál-e a tenger örvényéig, s a mélység fenekén járkáltál-e?
17 ১৭ মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?
Feltárultak-e neked a halál kapui s láttad-e a vakhomálynak kapuit?
18 ১৮ তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।
Figyeltél-e a föld tágasságáig? Jelentsd ki, ha mindezt tudod.
19 ১৯ পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?
Melyik az út oda, a hol lakik a világosság, és a sötétségnek merre van helye,
20 ২০ যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে, বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?
hogy elvinnéd határához, a hogy értenéd házának ösvényét?
21 ২১ তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! আৰু তোমাৰ দিনৰ সংখ্যা অধিক!
Tudhatod, mert akkor születtél, és sok a te napjaidnak száma!
22 ২২ যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
Eljutottál-e a hó tárházaihoz, és a jégeső tárházait láttad-e,
23 ২৩ এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;
melyet tartogattam szorongatás idejére, harcz és háború napjaira.
24 ২৪ কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?
Melyik az út oda, a hol szétoszlik a világosság, szétterjed a keleti szél a földre?
25 ২৫ প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,
Ki hasított csatornát az áradatnak és utat a mennydörgés villámának,
26 ২৬ বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,
hogy esőt hullasson földre, hol nincs férfi, pusztára, melyben ember nincs.
27 ২৭ সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, কোনে কোমল ঘাঁহ গজাই তোলে?
Hogy jól lakasson pusztát és pusztaságot, és hogy sarjasztóvá tegye a pázsit eredőjét?
28 ২৮ বৰষুণৰ জানো পিতৃ আছে? নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?
Van-e az esőnek apja, vagy ki nemzette a harmat cseppjeit?
29 ২৯ কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?
Kinek méhéből eredt a jég, s az égnek derét ki szülte?
30 ৩০ জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।
Mint a kő összezsugorodnak a vizek, s a mélység felszíne összefogódzik.
31 ৩১ তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?
Megkötöd-e a fiastyúknak kötelékeit, vagy megoldod-e órión pórázait;
32 ৩২ আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?
kihozod-e a csillagzatokat idején, és a gönczölszekeret fiaival együtt vezeted-e?
33 ৩৩ তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?
Ismered-e az ég törvényeit, avagy te állapítod-e meg kormányát a földön?
34 ৩৪ ঢল পানীৰে তোমাক ঢাকিবৰ বাবে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?
Emeled-e a hangodat a felhőhöz, hogy víznek bősége borítson el téged?
35 ৩৫ তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?
Kiküldesz-e villámokat, hogy menjenek s hogy azt mondják neked: íme itt vagyunk?
36 ৩৬ ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে?
Ki helyezett a vesékbe bölcsséget, vagy ki adott a gondolatba értelmességet?
37 ৩৭ এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?
Ki számlálja meg a fellegeket bölcsséggel s az ég tömlőit ki folyatja ki?
38 ৩৮ যেতিয়া ধুলিবোৰ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?
Mikor tömörré tömörül a por s a göröngyök összetapadnak?
39 ৩৯ তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে? বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?
Vadászol-e a nőoroszlánnak ragadmányt, s a fioroszlánok vágyát kitöltöd-e;
40 ৪০ যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?
midőn guggolnak az odúkban, lesre ülnek a bozótban?
41 ৪১ যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?
Ki készíti el a hollónak az ő prédáját, midőn gyermekei Istenhez fohászkodnak, kóvályognak eledel nélkül?