< যোব 37 >

1 ইয়াতো মোৰ হৃদয় কঁপিছে, আৰু বুকু ঢপ ঢপ কৰিছে।
«فَلِهَذَا ٱضْطَرَبَ قَلْبِي وَخَفَقَ مِنْ مَوْضِعِهِ.١
2 শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি, সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।
ٱسْمَعُوا سَمَاعًا رَعْدَ صَوْتِهِ وَٱلزَّمْزَمَةَ ٱلْخَارِجَةَ مِنْ فِيهِ.٢
3 সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই, আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে।
تَحْتَ كُلِّ ٱلسَّمَاوَاتِ يُطْلِقُهَا، كَذَا نُورُهُ إِلَى أَكْنَافِ ٱلْأَرْضِ.٣
4 তাৰ পাছত গাজনি মাৰে, তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে; যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।
بَعْدُ يُزَمْجِرُ صَوْتٌ، يُرْعِدُ بِصَوْتِ جَلَالِهِ، وَلَا يُؤَخِّرُهَا إِذْ سُمِعَ صَوْتُهُ.٤
5 ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে; তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে।
ٱللهُ يُرْعِدُ بِصَوْتِهِ عَجَبًا. يَصْنَعُ عَظَائِمَ لَا نُدْرِكُهَا.٥
6 কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’, সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়, ‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।
لِأَنَّهُ يَقُولُ لِلثَّلْجِ: ٱسْقُطْ عَلَى ٱلْأَرْضِ. كَذَا لِوَابِلِ ٱلْمَطَرِ، وَابِلِ أَمْطَارِ عِزِّهِ.٦
7 তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে।
يَخْتِمُ عَلَى يَدِ كُلِّ إِنْسَانٍ، لِيَعْلَمَ كُلُّ ٱلنَّاسِ خَالِقَهُمْ،٧
8 তেতিয়া জন্তুবোৰ চোঙত সোমায়; আৰু নিজ নিজ বাসস্থানত থাকে।
فَتَدْخُلُ ٱلْحَيَوَانَاتُ ٱلْمَآوِيَ، وَتَسْتَقِرُّ فِي أَوْجِرَتِهَا.٨
9 দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে, আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়।
مِنَ ٱلْجَنُوبِ يَأْتِي ٱلْإِعْصَارُ، وَمِنَ ٱلشَّمَالِ ٱلْبَرَدُ.٩
10 ১০ ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়, আৰু বহল জল সমূহ ঠেক হৈ যায়।
مِنْ نَسَمَةِ ٱللهِ يُجْعَلُ ٱلْجَمْدُ، وَتَتَضَيَّقُ سِعَةُ ٱلْمِيَاهِ.١٠
11 ১১ এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।
أَيْضًا بِرِيٍّ يَطْرَحُ ٱلْغَيْمَ. يُبَدِّدُ سَحَابَ نُورِهِ.١١
12 ১২ গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, এই কাৰণে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে।
فَهِيَ مُدَوَّرَةٌ مُتَقَلِّبَةٌ بِإِدَارَتِهِ، لِتَفْعَلَ كُلَّ مَا يَأْمُرُ بِهِ عَلَى وَجْهِ ٱلْأَرْضِ ٱلْمَسْكُونَةِ،١٢
13 ১৩ তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক, নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।
سَوَاءٌ كَانَ لِلتَّأْدِيبِ أَوْ لِأَرْضِهِ أَوْ لِلرَّحْمَةِ يُرْسِلُهَا.١٣
14 ১৪ হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা।
«اُنْصُتْ إِلَى هَذَا يَا أَيُّوبُ، وَقِفْ وَتَأَمَّلْ بِعَجَائِبِ ٱللهِ.١٤
15 ১৫ ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে, আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে?
أَتُدْرِكُ ٱنْتِبَاهَ ٱللهِ إِلَيْهَا، أَوْ إِضَاءَةَ نُورِ سَحَابِهِ؟١٥
16 ১৬ কেনেকৈ আকাশত মেঘ ভাহি থাকে, ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে, জ্ঞানত কোন নিখুত জানানে?
أَتُدْرِكُ مُوازَنَةَ ٱلسَّحَابِ، مُعْجِزَاتِ ٱلْكَامِلِ ٱلْمَعَارِفِ؟١٦
17 ১৭ যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়, তেতিয়া বস্ত্ৰ কেনেকৈ গৰম যেন বোধ হয় তুমি জানানে?
كَيْفَ تَسْخُنُ ثِيَابُكَ إِذَا سَكَنَتِ ٱلْأَرْضُ مِنْ رِيحِ ٱلْجَنُوبِ؟١٧
18 ১৮ তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?
هَلْ صَفَّحْتَ مَعَهُ ٱلْجَلَدَ ٱلْمُمَكَّنَ كَٱلْمِرْآةِ ٱلْمَسْبُوكَةِ؟١٨
19 ১৯ আমি তেওঁক কি ক’ম, সেয়া আমাক জনোৱা; কিয়নো আমাৰ যুক্তিৰ উদ্দেশ্যে আমি একো উলিয়াব পৰা নাই, কাৰণ আমাৰ মন অন্ধকাৰত আচ্ছন্ন।
عَلِّمْنَا مَا نَقُولُ لَهُ. إِنَّنَا لَا نُحْسِنُ ٱلْكَلَامَ بِسَبَبِ ٱلظُّلْمَةِ!١٩
20 ২০ মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে? বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব?
هَلْ يُقَصُّ عَلَيْهِ كَلَامِي إِذَا تَكَلَّمْتُ؟ هَلْ يَنْطِقُ ٱلْإِنْسَانُ لِكَيْ يَبْتَلِعَ؟٢٠
21 ২১ সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়; কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হয়।
وَٱلْآنَ لَا يُرَى ٱلنُّورُ ٱلْبَاهِرُ ٱلَّذِي هُوَ فِي ٱلْجَلَدِ، ثُمَّ تَعْبُرُ ٱلرِّيحُ فَتُنَقِّيهِ.٢١
22 ২২ উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে; ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে।
مِنَ ٱلشَّمَالِ يَأْتِي ذَهَبٌ. عِنْدَ ٱللهِ جَلَالٌ مُرْهِبٌ.٢٢
23 ২৩ সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
ٱلْقَدِيرُ لَا نُدْرِكُهُ. عَظِيمُ ٱلْقُوَّةِ وَٱلْحَقِّ، وَكَثِيرُ ٱلْبِرِّ. لَا يُجَاوِبُ.٢٣
24 ২৪ এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে; কিন্তু যিসকল লোকে নিজৰ মনতে জ্ঞানী বুলি ভাবে, তেনেলোকলৈ তেওঁ মনোযোগ নিদিয়ে।
لِذَلِكَ فَلْتَخَفْهُ ٱلنَّاسُ. كُلَّ حَكِيمِ ٱلْقَلْبِ لَا يُرَاعِي».٢٤

< যোব 37 >