< যোব 35 >

1 পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,
Aidha, Elihu aliendelea kusema,
2 “মোৰ কি উপকাৰ? বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?
“Je unadhani hii ni sawa unaposema, 'Haki yangu mbele ya Mungu?
3 এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে?
Kwa kuwa unauliza, 'Inafaa nini kwangu' na 'Ingekuwa nzuri kwangu kama ningekuwa nimetenda dhambi?'
4 মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,
Nitakujibu, wewe pamoja na marafiki zako.
5 তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।
Tazama juu angani, na ulione; angalia anga, ambalo liko juu sana kuliko wewe.
6 তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?
Kama umetenda dhambi, ni madhara gani huwa unayafanya kwa Mungu? Ikiwa makosa yako yameongezeka zaidi, je huwa unafanya nini kwake?
7 তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
Kama wewe ni mwenye haki, unaweza kumpa nini? Je atapokea nini mkononi mwako?
8 তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।
Uovu wako waweza kuwaumiza mtu, kama ulivyo wewe ni mtu, na haki yako yaweza kumnufaisha mwana mwingine wa mtu.
9 অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
Watu wanalia kwasababu ya matendo mengi ya unyanyasaji; wanaomba msaada katika mikono ya watu wenye nguvu.
10 ১০ যি জনাই ৰাতি গীত গোৱাই,
Lakini hakuna hata mmoja asemaye, ' Mungu Muumba wangu yuko wapi, ambaye hutoa nyimbo wakati wa usiku,
11 ১১ যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
ambaye hutufundisha sisi zaidi anavyowafundisha wanyama wa dunia, na ambaye hutufanya sisi kuwa wenye hekima kuliko ndege wa angani?
12 ১২ তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে।
Huko wanalia, lakini Mungu hawajibu kwasababu ya kibriu ya watu waovu.
13 ১৩ বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।
Kwa hakika Mungu hatasikia kilio cha kipumbavu; Mwenye nguvu wala hatajali.
14 ১৪ তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
Ni kwa namna gani atakujibu ikiwa unasema haumwoni, na ya kwamba hoja yako iko mbele yake, na ya kuwa unamngojea yeye!
15 ১৫ কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;
Ni kwa jinsi gani atakujibu kama unasema kwamba hamwadhibu yeyote kwa hasira, na ya kwamba hajishughulishi na kiburi cha watu.
16 ১৬ এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।
Basi Ayubu hufumbua kinywa chake tu ili kusema upumbavu; huongeza maneno bila maarifa.”

< যোব 35 >