< যোব 34 >
1 ১ পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে,
以利戶又說:
2 ২ হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা; হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা।
你們智慧人要聽我的話; 有知識的人要留心聽我說。
3 ৩ কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়, তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।
因為耳朵試驗話語, 好像上膛嘗食物。
4 ৪ আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক।
我們當選擇何為是, 彼此知道何為善。
5 ৫ কিয়নো ইয়োবে কৈছিল, যে, মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
約伯曾說:我是公義, 上帝奪去我的理;
6 ৬ মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ, বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে।
我雖有理,還算為說謊言的; 我雖無過,受的傷還不能醫治。
7 ৭ পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা,
誰像約伯, 喝譏誚如同喝水呢?
8 ৮ দুৰাচাৰীবোৰৰ লগত ফুৰা, আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে?
他與作孽的結伴, 和惡人同行。
9 ৯ কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে, মানুহৰ একো লাভ নহয়।”
他說:人以上帝為樂, 總是無益。
10 ১০ এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা; ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।
所以,你們明理的人要聽我的話。 上帝斷不致行惡; 全能者斷不致作孽。
11 ১১ কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে, আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।
他必按人所做的報應人, 使各人照所行的得報。
12 ১২ বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে। সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে।
上帝必不作惡; 全能者也不偏離公平。
13 ১৩ তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে? আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে?
誰派他治理地, 安定全世界呢?
14 ১৪ যদি তেওঁ নিজেই নিজতেই মন দি থাকে, যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,
他若專心為己, 將靈和氣收歸自己,
15 ১৫ তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব, আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।
凡有血氣的就必一同死亡; 世人必仍歸塵土。
16 ১৬ যদি তোমাৰ বিবেচনা থাকে, তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।
你若明理,就當聽我的話, 留心聽我言語的聲音。
17 ১৭ ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে? তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?
難道恨惡公平的可以掌權嗎? 那有公義的、有大能的,豈可定他有罪嗎?
18 ১৮ ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি? আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?
他對君王說:你是鄙陋的; 對貴臣說:你是邪惡的。
19 ১৯ তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়, আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি! কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।
他待王子不徇情面, 也不看重富足的過於貧窮的, 因為都是他手所造。
20 ২০ সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে; লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে, আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।
在轉眼之間,半夜之中, 他們就死亡。 百姓被震動而去世; 有權力的被奪去非借人手。
21 ২১ কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে, আৰু তাৰ সকলো গতি দেখে।
上帝注目觀看人的道路, 看明人的腳步。
22 ২২ য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে, এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।
沒有黑暗、陰翳能給作孽的藏身。
23 ২৩ যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব, এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।
上帝審判人,不必使人到他面前再三鑒察。
24 ২৪ তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি, আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।
他用難測之法打破有能力的人, 設立別人代替他們。
25 ২৫ এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে, আৰু ৰাতিতে সকলো লুটিয়াই পেলায়, তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।
他原知道他們的行為, 使他們在夜間傾倒滅亡。
26 ২৬ তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;
他在眾人眼前擊打他們, 如同擊打惡人一樣。
27 ২৭ কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি, আৰু তেওঁৰ এটি পথকো নামানি,
因為他們偏行不跟從他, 也不留心他的道,
28 ২৮ দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে, আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।
甚至使貧窮人的哀聲達到他那裏; 他也聽了困苦人的哀聲。
29 ২৯ তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?
他使人安靜,誰能擾亂呢? 他掩面,誰能見他呢? 無論待一國或一人都是如此-
30 ৩০ অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
使不虔敬的人不得作王, 免得有人牢籠百姓。
31 ৩১ “মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”
有誰對上帝說: 我受了責罰,不再犯罪;
32 ৩২ যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া; যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?
我所看不明的,求你指教我; 我若作了孽,必不再作?
33 ৩৩ ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা? কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।
他施行報應, 豈要隨你的心願、叫你推辭不受嗎? 選定的是你,不是我。 你所知道的只管說吧!
34 ৩৪ বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,
明理的人和聽我話的智慧人必對我說:
35 ৩৫ “ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।”
約伯說話沒有知識, 言語中毫無智慧。
36 ৩৬ ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।
願約伯被試驗到底, 因他回答像惡人一樣。
37 ৩৭ কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে, আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে।
他在罪上又加悖逆; 在我們中間拍手, 用許多言語輕慢上帝。