< যোব 33 >

1 যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।
Men hør nu Job, paa min Tale og lyt til alle mine Ord!
2 চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিভাই কথা কৈছে।
Se, jeg har aabnet min Mund, min Tunge taler i Ganen;
3 মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।
mine Ord er talt af oprigtigt Hjerte, mine Læber fører lutret Tale.
4 ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।
Guds Aand har skabt mig, den Almægtiges Aande har givet mig Liv.
5 তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।
Svar mig, i Fald du kan, rust dig imod mig, mød frem!
6 চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।
Se, jeg er din Lige for Gud, ogsaa jeg er taget af Ler;
7 চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
Rædsel for mig skal ikke skræmme dig, min Haand skal ej ligge tyngende paa dig.
8 বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ।
Dog, det har du sagt i mit Paahør, jeg hørte saa lydende Ord:
9 তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।
»Jeg er ren og uden Brøde, lydeløs, uden Skyld;
10 ১০ চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্রু যেন জ্ঞান কৰে;
men han søger Paaskud imod mig, regner mig for sin Fjende;
11 ১১ তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে।
han lægger mine Fødder i Blokken, vogter paa alle mine Veje.«
12 ১২ চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।
Se, der har du Uret, det er mit Svar, thi Gud er større end Mennesket.
13 ১৩ তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।
Hvorfor tvistes du med ham, fordi han ej svarer paa dine Ord?
14 ১৪ তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে।
Thi paa een Maade taler Gud, ja paa to, men man ænser det ikke:
15 ১৫ যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
I Drømme, i natligt Syn, naar Dvale falder paa Mennesker, naar de slumrende hviler paa Lejet;
16 ১৬ এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,
da aabner han Menneskers Øre, gør dem angst med Skræmmebilleder
17 ১৭ গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,
for at faa Mennesket bort fra Uret og udrydde Hovmod af Manden,
18 ১৮ তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।
holde hans Sjæl fra Graven, hans Liv fra Vaabendød.
19 ১৯ সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,
Eller han revses med Smerter paa Lejet, uafbrudt staar der Kamp i hans Ben;
20 ২০ তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
Livet i ham væmmes ved Brød og hans Sjæl ved lækker Mad;
21 ২১ তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;
hans Kød svinder hen, saa det ikke ses, hans Knogler, som før ikke saas, bliver blottet;
22 ২২ এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।
hans Sjæl kommer Graven nær, hans Liv de dræbende Magter.
23 ২৩ মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
Hvis da en Engel er paa hans Side, een blandt de tusind Talsmænd, som varsler Mennesket Tugt,
24 ২৪ তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
og den viser ham Naade og siger: »Fri ham fra at synke i Graven, Løsepenge har jeg faaet!«
25 ২৫ তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
da svulmer hans Legem af Friskhed, han oplever atter sin Ungdom.
26 ২৬ সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।
Han beder til Gud, og han er ham naadig, han skuer med Jubel hans Aasyn, fortæller Mennesker om sin Frelse.
27 ২৭ সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
Han synger det ud for Folk: »Jeg synded og krænkede Retten og fik dog ej Løn som forskyldt!
28 ২৮ গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”
Han har friet min Sjæl fra at fare i Grav, mit Liv ser Lyset med Lyst!«
29 ২৯ চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,
Se, alle disse Ting gør Gud to Gange, ja tre med Mennesket
30 ৩০ ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে।
for at redde hans Sjæl fra Graven, saa han skuer Livets Lys!
31 ৩১ হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ।
Lyt til og hør mig, Job, ti stille, saa jeg kan tale!
32 ৩২ যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।
Har du noget at sige, saa svar mig, tal, thi gerne gav jeg dig Ret;
33 ৩৩ যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।
hvis ikke, saa høre du paa mig, ti stille, at jeg kan lære dig Visdom!

< যোব 33 >