< যোব 32 >
1 ১ ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে।
Dei tri mennerne svara ikkje Job meir, av di han heldt seg sjølv for rettferdig.
2 ২ এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
Men då loga harmen upp hjå Elihu, son åt Barak’el, buziten, av Rams-ætti. Han vart harm på Job, av di han heldt seg sjølv rettferdigare enn Gud.
3 ৩ আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
Han harmast og på dei tri venerne, av di dei ikkje kunde finna noko svar, og endå dømde Job skuldig.
4 ৪ তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল।
For Elihu hadde venta med å tala til Job, av di dei andre var eldre enn han;
5 ৫ পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
men då Elihu såg at dei tri mennerne ikkje hadde noko å svara, vart han brennande harm.
6 ৬ তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।
Og Elihu, son åt Barak’el, buziten, tok til ords og sagde: «Ung er eg etter år å rekna; de derimot er gamle menn. Difor eg blygdest og var rædd å segja til dykk det eg veit.
7 ৭ মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।
Eg tenkte: «Åri tala lyt og alderen forkynna visdom.»
8 ৮ কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।
Nei, ånd lyt til hjå menneski; og Allvalds ande gjev deim vit.
9 ৯ বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়।
Dei gamle er’kje alltid vise, kvithærde veit’kje stødt det rette.
10 ১০ এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; মইও মোৰ মত প্ৰকাশ কৰোঁ।
Difor eg segjer: Høyr på meg; eg vil og segja det eg veit.
11 ১১ চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।
Eg venta hev på dykkar ord og lydde vel på dykkar lærdom, alt med de leita etter ord.
12 ১২ মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।
Og eg gav nøgje agt på dykk, men ingen sagde Job imot, ingen av dykk gav honom svar.
13 ১৩ সাৱধান, তোমালোকে নকবা যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”
Seg ikkje: «Visdom der me fann; Gud slå han ned, folk kann det ikkje.»
14 ১৪ কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।
Han hev’kje tala imot meg, og ei med dykkar ord eg svarar.
15 ১৫ তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু; তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল।
Dei er forstøkte, svarar ikkje, dei vantar ord å føra fram.
16 ১৬ মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়; তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু।
Treng eg vel venta når dei tegjer og stend der reint forutan svar?
17 ১৭ মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম।
Eg vil og svara, eg for meg, eg vil og segja det eg veit.
18 ১৮ কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।
For eg er full av ord til svars; i bringa sprengjer åndi på.
19 ১৯ চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।
Mitt indre er som innstengd vin, lik nye vinhit vil det sprengjast.
20 ২০ মই উপশম পাবৰ নিমিত্তে কথা কম; মই মুখ মেলি উত্তৰ কৰিম।
Eg tala vil so eg fær luft, vil opna lipporne og svara.
21 ২১ মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম।
Eg ikkje tek parti for nokon og smeikjer ei for nokor mann;
22 ২২ কিয়নো মই খুচামোদ কৰিব নাজানো; কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।
å smeikja kann eg ikkje med; min skapar elles burt meg reiv.