< যোব 30 >

1 কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
Ныне же поругашамися малейшии: ныне учат мя от части, ихже отцев уничтожах, ихже не вменях достойными псов моих стад.
2 যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
Крепость же рук их во что мне бысть? У них погибаше скончание.
3 সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
В скудости и гладе безплоден: иже бежаху в безводное вчера сотеснение и бедность:
4 আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
иже обхождаху былие в дебрех, имже былие бяше брашно, безчестнии же и похуленнии, скудни всякаго блага, иже и корение древес жваху от глада великаго.
5 সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
Восташа на мя татие,
6 সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
ихже домове беша пещеры каменны:
7 সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।
от среды доброгласных возопиют, иже под хврастием дивиим живяху:
8 সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
безумных сынове и безчестных, имя и слава угашена на земли.
9 এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
Ныне же гусли есмь аз им, и мене в притчу имут:
10 ১০ সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
возгнушалися же мною отступивше далече, ни лица моего пощадеша от плюновения.
11 ১১ কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
Отверз бо тул Свой уязви мя, и узду устам моим наложи.
12 ১২ মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
На десную отрасли восташа, нозе свои простроша и путесотвориша на мя стези пагубы своея.
13 ১৩ সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি: সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
Сотрошася стези моя, совлекоша бо ми одежду.
14 ১৪ গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
Стрелами своими устрели мя: сотвори ми, якоже восхоте: в болезнех скисохся, обращаются же ми скорби.
15 ১৫ নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
Отиде ми надежда якоже ветр, и якоже облак спасение мое.
16 ১৬ সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
И ныне на мя излиется душа моя: и одержат мя дние печалей:
17 ১৭ ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
нощию же кости моя смятошася, жилы же моя разслабеша.
18 ১৮ ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
Многою крепостию ятся за ризу мою: якоже ожерелие ризы моея объя мя.
19 ১৯ ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
Вменяеши же мя равна брению, в земли и пепеле часть моя.
20 ২০ মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
Возопих же к Тебе, и не услышал мя еси: сташа же и смотриша на мя.
21 ২১ তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
Наидоша же на мя без милости, рукою крепкою уязвил мя еси:
22 ২২ তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।
вчинил же мя еси в болезнех и отвергл еси мя от спасения.
23 ২৩ কিয়নো মই জানো, যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
Вем бо, яко смерть мя сотрет: дом бо всякому смертну земля.
24 ২৪ তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
Аще бы возможно было, сам бых себе убил, или молил бых иного, дабы ми то сотворил.
25 ২৫ দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
Аз же о всяцем немощнем восплакахся, воздохнух же видев мужа в бедах.
26 ২৬ মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
Аз же ждах благих, и се, сретоша мя паче дние зол.
27 ২৭ মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
Чрево мое воскипе и не умолчит: предвариша мя дние нищеты.
28 ২৮ মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
Стеня ходих без обуздания, стоях же в соборе вопия.
29 ২৯ মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
Брат бых сиринам, друг же птичий.
30 ৩০ মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
Кожа же моя помрачися вельми, и кости моя сгореша от зноя.
31 ৩১ সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।
Обратишася же в плачь гусли моя, песнь же моя в рыдание мне.

< যোব 30 >